Logo
image

মামা মিয়া!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ফেব্ৰুৱাৰীঃ  ক্ৰিকেটত ফৰ্ম হেৰুওৱা বেটছমেনে ‘ষ্টান্স’ সলোৱা দেখা যায়৷ সেয়া শচীন তেণ্ডুলকাৰকেই হওঁক বা বিৰাট কোহলি– কেৰিয়াৰৰ মাজপথত কেতিয়াবা তেওঁলোকৰ বেটত ৰান নাহিলে উপাই বিচাৰি জ্যেষ্ঠ কোনো বেটছমেনৰ কাষলৈ পৰামৰ্শ ল’বলৈ যায়৷ তেতিয়া অভিজ্ঞ ছিনিয়ৰে শচীন কিম্বা বিৰাটক বেট ধৰা ‘ষ্টান্স’ সামান্য সলনি কৰিবলৈ উপদেশ দিয়াৰ বহু নজিৰ আছে৷ তাৰ পাছতেই নতুন  ‘ষ্টান্সে’ৰে বেটিং কৰি তেনে কিম্বদন্তীসম বেটাৰে পুনৰ ৰানৰ বন্যা বোৱাই দিয়ে, চলি থাকে সাফল্যৰ লগতে অভিলেখ ভঙা-গঢ়াৰ খেলা৷ 

ক্ৰিকেটত বেটিঙৰ ‘ষ্টান্স’ সলোৱা কঠিন যদিও কোনো বিৰল ঘটনা নহয়৷ কিন্তু ৰাজনীতিত? ৰাজনীতিত ‘ষ্টান্স’ সলোৱা আনৰ বাবে কিমান কঠিন সেয়া আন এক প্ৰশ্ন৷ কিন্তু নিৰ্বাচনকেন্দ্ৰিক অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে ‘ষ্টান্স’ সলাই বহুতকে আশ্চৰ্যচকিত কৰি তুলিছে৷ আচম্বিতে ৩৬০ ডিগ্ৰী ঘূৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিঞা সন্দৰ্ভত নিজৰ নতুন ‘ষ্টান্স’ অৰ্থাৎ স্থিতি প্ৰদৰ্শন কৰিছে৷ ইমানদিনে তেওঁ অসমৰ মুছলমান সন্দৰ্ভত চিনাকী-অচিনাকী শব্দবন্ধৰে যি স্থিতি প্ৰকাশ কৰি আহিছিল এয়া তাৰ পৰা কেইবাযোজন দূৰত৷ শনিবাৰে হিমন্ত বিশ্ব শৰ্মাই ক’লে– ‘সকলো মিঞা মুছলমানতো অচিনাকী নহয়৷ ৫১ চনৰ আগত অহাওতো মিঞা মুছলমান আছে৷ গতিকে আমাৰ কথাততো সাম্প্ৰদায়িকতা নাই৷ ৫১ চনৰ আগত অহা মুছলমান, সেইটোতো খিলঞ্জীয়াই পৰে৷ আছুৱেও ডিক্লেয়াৰ কৰিছে৷ বিপ্লৱ শৰ্মা কমিটীয়েও ডিক্লেয়াৰ কৰিছে৷ আমিতো ধৰ্মৰ লগত নাই৷ বিপ্লৱ শৰ্মা কমিটীয়ে কি কৈছে–যে ৫১ চনৰ আগত অহা মুছলমানখিনি অসমীয়া৷ গতিকে এইটোততো কোনো আপত্তি নাই৷’

শনিবাৰে হিমন্ত বিশ্ব শৰ্মাই হঠাতে ১৯৫১ চনৰ আগত অহা মুছলমানক অসমীয়া আৰু খিলঞ্জীয়া অভিধা দিলেও মাথোঁ এদিন আগলৈকে অসমৰ মুছলমানক মিঞা বুলি কৈ ছেদ-ভেদ নোহোৱাকৈ একাকাৰ কৰি ৰাখিছিল৷ দীৰ্ঘদিন পূৰ্বে ৰাষ্ট্ৰীয় টিভিতো তেওঁ মিঞাৰ ভোট নালাগে বুলি ঘোষণা কৰিছিল৷ মুছলমানক তেওঁ বিশেষভাৱে চন তাৰিখৰ ভিত্তিত ভাগ কৰি দেখুওৱা নাছিল৷ এটা নিৰ্দিষ্ট  ‘ডিজাইন’ত তেওঁ ভোটমুখী ৰাজ্যত বিগত সময়ত ধম¹য় মেৰুকৰণ অব্যাহত ৰাখিছিল৷ ‘এইবাৰেই শেষ শৰাইঘাটৰ ৰণ’, ‘আজমল অসমত মুখ্যমন্ত্ৰী হ’ব’– ইত্যাদি আছিল হিমন্ত বিশ্ব শৰ্মাৰ ভোটমুখী ৰাজ্যত ভিন ভিন সময়ত কৰা ধৰ্মীয় মেৰুকৰণৰ একো একোটা ‘ডিজাইন’৷ এইবাৰ তেওঁ চিনাকী-অচিনাকী শব্দবন্ধৰে এটা নতুন ‘ট্ৰেণ্ড’ আৰম্ভ কৰিছিল আৰু সেই ‘ডিজাইন’ ভোটকেন্দ্ৰিক ৰাজ্যত সফল গতিতেই আগবাঢ়িছিল৷ ৰাজ্যৰ ভিন-ভিন স্থানত মুখ্যমন্ত্ৰীৰ এই ‘ডিজাইন’ সফলভাৱে প্ৰয়োগ হোৱাৰ সময়ত তেওঁ কিয় চিনাকী-অচিনাকীৰ পৰা দূৰত অৱস্থান কৰি অসমৰে একাংশ মুছলমানক খিলঞ্জীয়া, অসমীয়া বুলি অভিহিত কৰিলে সেয়া অনেকৰ বাবেই আশ্বৰ্যকৰ হিচাপে বিবেচিত হৈছে৷ 

অসমৰ ৰাজনীতি-সমাজনীতিত ‘মামা’ হিচাপে পৰিচিত আৰু জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মাই হঠাত মিঞা সন্দৰ্ভত ‘ষ্টান্স’ সলনি কৰিছে নেকি– এই প্ৰশ্ন তীব্ৰতৰ হৈ আহিছে৷ ৰাজনীতিত ৰসিকতা বিচাৰি পোৱা একাংশই হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন স্থিতিত আশ্চৰ্যচকিত হৈ ‘মামা মিয়া’ [Mamaa Mia] বুলি চিৎকাৰ কৰিছে৷ প্ৰসংগতঃ ‘মামা মিয়া’ এটা ইটালিয়ান শব্দ, যিটো শব্দ অতি আশয্যৰ্ প্ৰকাশ কৰিবলৈ চিঞৰি দিয়া হয়৷ ইয়াৰ অৰ্থ ‘অ’ মাই গড’ৰ দৰে, কিন্তু ইটালিয়ানে তেওঁলোকে ভাবি থকাৰ বিপৰীতে কোনো ঘটনা সংঘটিত হ’লে ‘মামা মিয়া’ বুলি চিঞৰি উঠে৷ অসমৰ ৰাজনীতিত অতি পৰিচিত মামা আৰু প্ৰায় সমানেই জনপ্ৰিয় মিঞা শব্দৰ সৈতে এই ‘মামা মিয়া’ৰ সংযোগ অতি কাকতালীয়, কিন্তু দুৰ্দান্তভাৱে প্ৰাসংগিক হৈ পৰিছে৷


ভূপেন বৰাৰ মহিলাৰ প্ৰতি অশালীন আচৰণ লজ্জাজনকঃ  মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তন যাত্ৰা’ৰ এটা ভিডিঅ’ক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই প্ৰদেশ মহিলা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰক উদ্দেশ্যি অশ্লীল ইংগিত দিয়া বুলি অভিযোগ তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ভিডিঅ’টোক লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক লজ্জাজনক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজহুৱা স্থানত দিয়া অশালীন ইংগিত আৰু অভব্য আচৰণে ব্যাপক সমালোচনাৰ সৃষ্টি কৰিছে৷ উক্ত অনুষ্ঠানত ভূপেন বৰাই ব্যৱহাৰ কৰা ভাষা আৰু আচৰণ অসমৰ সামাজিক শালীনতা, ৰাজনৈতিক সংস্কৃতিৰ সৈতে একেবাৰে বিৰোধী৷ এই ঘটনা অত্যন্ত নিন্দনীয় আৰু অগ্ৰহণযোগ্য৷ অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেত্ৰীৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কালি যি অশালীন ইংগিত দিছে, অত্যন্ত লজ্জাজনক৷ এয়া আমাৰ সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়৷ এই ঘটনাই পুনৰবাৰ ৰাজনীতিত শালীনতা আৰু দায়িত্ববোধৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী মীৰা বৰঠাকুৰে৷ তেওঁ কয়– ভূপেন বৰাই কথাখিনি ঘৰুৱাভাৱে কৈছিল৷ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা বেয়া বিলাক খুচৰি ফুৰা মানুহ৷ তেওঁ বেয়াখিনিয়ে দেখিছে৷ মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাই কোৱা কথাখিনি অশ্লীল বুলি কোৱাটো দুৰ্ভাগ্যজনক৷ এনে একো কথা ভূপেন বৰাই কোৱা নাই৷ মই ভূপেন বৰাক কৈছিলোঁ ভূপেনদা আপোনাৰ ভাষণটো খুব ভাল হৈছে৷ তেতিয়া তেওঁ কৈছিল– ভাষণটোতো ভালেই হয়৷ আপোনালোকেহে মোক পুৰা বাঁহ দিয়ে৷ সকলোৰে আগত ঘৰুৱাভাৱে এনে কথা হয়৷ এই কথাটোতে মুখ্যমন্ত্ৰীয়ে ইমান কি অশ্লীল দেখিলে বুজি পোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে জনা ভাল যে ভূপেন বৰা কংগ্ৰেছ বিধায়িনী দলৰ নেতা মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ৷ গৌৰৱ গগৈও মোৰ ভাতৃ সদৃশ৷ আমাৰ মাজত বন্ধুত্ব সুলভ পৰিৱেশ আছে৷ ভালেহে ভালক পায়৷ পাপীয়ে পাপক বিচাৰি পায়৷ যি যেনে মানুহ তেনেকুৱাই পাব৷ মুখ্যমন্ত্ৰীক মই সুধিব বিচাৰিছোঁ– মুখ্যমন্ত্ৰীয়ে যে মহিলাক অশালীন মন্তব্য কৰা বুলি কৈছে, সেই যে ভবেশ কলিতাই দুবছৰ পূৰ্বে কৈছিল সাত বজাৰ পাছত বিজেপি অফিচলৈ মহিলা আহিব নালাগে বুলি তেতিয়া মুখ্যমন্ত্ৰীয়ে এইবোৰ শুনা নাছিল নেকি? ইন্দ্ৰানী তহবিলদাৰ নামৰ নেত্ৰীগৰাকীয়ে যে আত্মহত্যা কৰিবলগীয়া হ’ল তেতিয়া নাৰী সন্মানৰ কথা ক’লৈ গৈছিল? মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে কৈছিল সতীত্ব বন্ধকত দি অসমৰ মহিলাই চাকৰি লোৱা বুলি৷ তেতিয়া মহিলাৰ সন্মানৰ কথা তেওঁ গম পোৱা নাছিল নেকি? মুখ্যমন্ত্ৰীক মই সুধিছো– বিজেপি নেতা বিদ্যা সিং ইংলেণ্ডৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’লে নেকি? পাপীৰ পিঠাত মন কাৰণে আপুনি সকলোতে কেৱল বেয়াই দেখে৷ ভূপেন বৰা বা দেবব্ৰত শইকীয়াই কোনো মহিলাক অপমান কৰা নাই৷ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে তেওঁৰ অবৈধ সম্পত্তিবিলাক এটা এটাকৈ উন্মোচন কৰিছে বাবে তেওঁ সকলোতে বেয়া বা অশ্লীল দেখিছে৷

ধুবুৰীত বিজেপিৰ দুটা সমষ্টি নিশ্চিতঃ  মন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ লক্ষীগঞ্জৰ প্ৰতিবেদকঃ  ‘সমাগত ২০২৬ৰ বিধানসভা৷ নিৰ্বাচনত বিলাসীপাৰাত বিৰোধীৰ ভূমিকা শূন্য৷ কাৰণ বিজেপি দলে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ হকে কাম কৰি আহিছে কিন্তু বিৰোধীয়ে আগ্ৰাসনকাৰীক সুৰক্ষা দিয়াৰ বাবে কাম কৰি আছে৷ সেয়ে অসমৰ খিলঞ্জীয়া ৰাইজে আকৌ বিজেপি দলকে আঁকোৱালি ল’ব৷’ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ শুকুৰবাৰে নিশা বিলাসীপাৰা জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷ বিলাসীপাৰাত দলটোৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷ লগতে অহা ১৪ ফেব্ৰুৱাৰীত অসমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমন সন্দৰ্ভতো দলীয় নেতা-কৰ্মীৰে আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকীয়ে৷ বিলাসীপাৰা জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আগ্ৰাসনকাৰী অঞ্চলত অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলে যাব, তালৈ আমি নাযাও৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ‘এইবাৰৰ নিৰ্বাচনত ধুবুৰীত আমি দুখন আসনত জিকিমেই আৰু এখন আসনত আমি যুঁজ দিম’৷ আনহাতে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীক দলীয় টিকট প্ৰদান নকৰাৰ দাবী লৈ দলটোৰ এটা লবীয়ে গুৱাহাটীস্থিত বাজপেয়ী ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে৷ এই ঘটনাত খঙত টিঙিৰি তুলা হৈ মুখ্যমন্ত্ৰীয়ে লবীৰ দলটোক ধমক দি কৈছিল যে বিজেপি দলক ভাগ ভাগ কৰিবলৈ যত্ন নকৰিব৷ কিন্তু বিলাসীপাৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ওলোটা কৈ কয় যে বিজেপি দলত কোনো লবী নাই, সংঘাতো নাই৷ কিন্তু বিলাসীপাৰাত বিজেপি দলে তিনিটা লবীৰ বিভক্ত হোৱা বুলি জানিব পৰা গৈছে৷ সঁচাকৈয়ে বিলাসীপাৰা বিজেপিত লবীকেন্দ্ৰিক ৰাজনীতি চলিছে নেকি? কংগ্ৰেছৰ পৰম্পৰা বিজেপি দলতো সৃষ্টি হৈছে নেকি, সেয়া যদি হয় সমাগত