কি হৈছে মহানগৰীত? হাতে হাতে পিষ্টল, ফেচবুকত ছবি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ নিশা হ’লেই গুৱাহাটীৰ ৰাজপথত হাতে হাতে উদ্যত মাৰণাস্ত্ৰ লৈ একাংশ যুৱকৰ এতিয়া আৰম্ভ হৈছে সন্ত্ৰাস৷ বিলাসী বাহনত পিষ্টল লৈ উদ্ভাণ্ডলিত নামি পৰিছে একাংশ কম বয়সীয়া যুৱকে৷ অধ্যৱন্ত পৰিয়ালৰ বিপথগামী সন্তানে হাতত পিষ্টল লৈ মুকলিকৈ বিভিন্নজনক ভাবুকি দি অহাও পৰিলক্ষিত হৈছে৷ ২৪ ঘণ্টাই আৰক্ষীৰ কঠোৰ নিৰীক্ষণত থকা ৰাজধানী গুৱাহাটী মহানগৰীত কেনেকৈ যুৱকে পিষ্টল লৈ মুকলিকৈ ঘূৰি ফুৰিব পাৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ সামাজিক মাধ্যমত চিণ্টু শৰণীয়া নামৰ এজন যুৱকে নিশাৰ মহানগৰীত এখন বিলাসী থাৰ বাহনত উঠি পথচাৰীক পিষ্টল দেখুওৱা এটা ভিডিঅ’ আপলোড কৰাৰ পাছতে এই প্ৰশ্ন উত্থাপন হৈছে৷ চিণ্টু শৰণীয়া নামৰ যুৱকজনে পথচাৰীক পিষ্টল দেখুৱাই আতংকৰ সৃষ্টি কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰাত বৰ্তমান সামাজিক মাধ্যমৰ নিজৰ একাউণ্টটো ডিলিট কৰি দিছে৷
যুৱকজনে বন্ধুৰ সৈতেমহানগৰীৰ গণেশগুৰীত নিশাৰ ৰাজপথত উচ্চ স্বৰত গীত বজাই থাৰ বাহনত তহল দি পিষ্টল দেখুৱাই নাগৰিকক আতংকিত কৰা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰাৰ পাছতো মহানগৰ আৰক্ষীয়ে যুৱকজনক কৰায়ত্ত নকৰাৰ লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে হাত থকাৰ বাবেই আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীৰ ৰাজপথত বিভিন্নজনে পিষ্টল দেখুৱাই ভাবুকি দিয়া ঘটনা সংঘটিত হৈছে৷ দিনচেৰেক পূৰ্বে কটনৰ ছাত্ৰৰ মাজত হোৱা সংঘাতৰ সময়তো এজন যুৱকে পিষ্টল দেখুৱাই ভাবুকি দিয়া ঘটনা সংঘটিত হৈছিল৷ চিণ্টু শৰণীয়া নামৰ যুৱকজনেই নহয়, নিজকে বিজেপি নেতা বুলি পৰিচয় দি ফুৰা অনুভূতি দত্ত নামৰ এখন ব্যক্তিয়ো ফেচবুকত পি এছ অ’ৰ পিষ্টল দেখুৱাই এখন ফটো আপলোড কৰাত বিতৰ্কৰ সৃষ্টি হৈছে৷ এখন বাহনৰ ভিতৰত নিজৰ পি এছ অ’ বুলি পৰিচয় দিয়া এজন ব্যক্তিৰ সৈতে এটা পিষ্টল দেখুৱাই থকা ভংগিমতে উঠা বিশেষ এখন ফটো সামাজিক মাধ্যমত আপলোড কৰি অনুভূতি দত্তই তেওঁক কোনেও জোকাই নল’বলৈও সকীয়নি দিয়া এটা পোষ্ট আপলোড কৰা দেখা গৈছে৷ সামাজিক মাধ্যমত বিজেপি নেতাজনৰ এই ফটোখনো এতিয়া ভাইৰেল হৈ পৰিছে৷






