Logo
image

লালুকসোলা আৰু লাচিত

আছু আৰু যুৱ-ছাত্ৰ পৰিষদ নামৰ ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বত অসমত ‘অসম জাতীয় পৰিষদ’ চমুকৈ এজেপি নামৰ  জাতীয়তাবাদী নতুন দল এটাৰ জন্ম হ’ল৷ কিন্তু দলটোৰ জন্মৰ উদ্দেশ্য, প্ৰয়োজন, উৎপত্তিৰ স্থল আদিবিষয়ক লৈ ইমান বিতৰ্কৰ সৃষ্টি হৈছে যে জন্ম হোৱাৰ পাছতে সম্ভৱতঃ কোনো ৰাজনৈতিক দলেই তেনে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা নাই৷ আনহাতে, বহু সময়ত দলটোৰ নেতাসকল নিজে কেনেকৈ বিতৰ্কৰ ভিতৰত সোমাই পৰে, তাৰে এটা সৰু উদাহৰণ দিওঁ৷ 

অসমীয়া মানুহে গঠন কৰি দিয়া অগপ দলটোৱে জাতিটোক প্ৰতাৰণা কৰাৰ পাছত আকৌ অগপ দলটোৰ দৰে ছাত্ৰনেতাৰ পৰা গঠন হোৱা নতুন দলটোৱে জাতিটোক প্ৰতাৰণা কৰিব নেকি বুলি কোনোবাই প্ৰশ্ন কৰিলে নতুন দলটোৰ নেতাই মোমাই তামুলীৰ দুই পুত্ৰ লালুকসোলা আৰু লাচিতৰ নাম লয়৷ একে পিতৃৰ দুজন সন্তানৰ ভিতৰত এজন ধ্বংসকাৰী হ’লেই যে আনজেনা ধ্বংসকাৰী হ’ব, তেনে কোনো কথা নাই৷ মোমাই তামুলীৰ এজন পুত্ৰই একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে বংশ বিনাশত লাগি গৈছিল আৰু আনজন পুত্ৰই আক্ৰমণকাৰীক ওফৰাই আক্ৰমণকাৰীৰ হাতত নিঃশেষ হ’বলৈ ধৰা জাতিটোক ঘূৰাই আনিছিল৷ এজেপি দলৰ নেতাসকলে এতিয়া ক’বলৈ বিচাৰে যে লালুকসোলাক ৰাইজে আকৌ এবাৰ দেখিলে, এইবাৰ লাচিতক দেখিব৷

প্ৰতিজন অসমীয়াই জানে যে লালুকসোলাই ক্ষমতাৰ প্ৰতি লালায়িত হৈ নিজে সিংহাসনৰ ওচৰ চাপি গৈছিল৷ আনহাতে, লাচিত গৈছিল মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি দেশ ৰক্ষা কৰিবলৈ৷ শৰাইঘাটৰ যুদ্ধত শোচনীয়ভাৱে পৰাজয়ৰ মুখ দেখাৰ সময়ত লাচিতে যুদ্ধ সামৰি থৈ ঘূৰি অহা নাছিল, কিম্বা যুদ্ধখন চলোৱাৰ দায়িত্ব আনলৈ ঠেলি দি নিজে সুবিধাজনক স্থানত অৱস্থান গ্ৰহণ কৰা নাছিল৷ তীৰকঁপে জ্বৰত নিজে থিয় হ’ব নোৱৰা অৱস্থাতো লাচিতে নিৰ্দেশ দিছিল যে তেওঁক দাঙি নাঁৱত উঠাই দিব লাগে৷ তেনেকুৱা স্বাস্থ্যৰে ছেদেলি-ভেদেলি হৈ পৰা এমুঠি অসমীয়া সেনাক ৰামসিংহ নেতৃত্বাধীনবিশাল মোগল বাহিনীৰ লগত পৰম বিক্ৰমেৰে 

যুঁজি চিৰকালৰ বাবে মোগলক অসমৰ পৰা খেদি পঠিয়াইছিল৷ লাচিত অসমীয়া জাতিৰ বাবে এই কাৰণেই পূজ্য যে সেই সময়ত লাচিতে পৰম বিক্ৰমেৰে যুঁজি মোগলক খেদি নপঠিওৱাহেঁতেন তেতিয়াই অসমীয়া জাতিৰ বেলি মাৰ গ’লহেঁতেন৷ কিন্তু এজেপি নেতাসকলে কোনখন যুদ্ধত জয়লাভ কৰিছে? 

মূলতঃ অসমত ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়াৰ সুবিধাৰে ৰাইজৰ ওচৰ চাপি ছাত্ৰ সংগঠন দুটাই ৰাজনৈতিক দল গঠন কৰিছে৷ এতিয়া যদি ‘কা’ৰ প্ৰৱেশক মোগলৰ আক্ৰমণৰ লগত ৰিজোৱা হয়, তেতিয়া হ’লে ‘কা’ৰ বিৰুদ্ধে চলাই থকা যুঁজখন আৰম্ভণিতে সামৰি নেতাসকলে ৰাজনৈতিক ক্ষমতাৰ পিনে ঢাল খালে কিয়? লাচিতে শৰাইঘাটৰ যুদ্ধ আৰম্ভণিতে সামৰিছিল নেকি?

‘কা’ যদি বাতিলেই কৰিব লাগে, আন্দোলনটোকে আগুৱাই নিনিলে কিয়? অসমৰ জনসাধাৰণ যে ‘কা’ৰ বিৰুদ্ধে আছে, সেই কথা ‘কা’ আন্দোলনতে প্ৰমাণ হৈছিল৷ গতিকে ‘কা’ৰ বিৰুদ্ধে জনমত গঢ়ি শাসকীয় দলক শ’লঠেকত পেলাব পৰাৰ সুযোগটো নল’লে কিয়? তেওঁলোকে অসমত চৰকাৰ গঠন কৰিব পাৰিলেও সংবিধানৰ গণ্ডীৰ ভিতৰত ভাৰত চৰকাৰে প্ৰস্তুত কৰা আইন এখন বাতিল কৰিব পাৰিবনে? ‘কা’ৰ দৰে আইন এখন বাতিল কৰাৰ একমাত্ৰ উপায়টো হৈছে ৰাইজক লগত লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা, জনমত গঠন কৰা আৰু আইনৰ সহায় লোৱা৷ আই এম ডি টি আইনখন কেনেকৈ বাতিল হৈছিল কোনে নাজানে? 

আচলতে ৰাজনৈতিক দল গঠন কৰাটোহে যে ‘কা’বিৰোধী আন্দোলনকাৰী নেতাসকলৰ উদ্দেশ্য আছিল, সেয়া ‘কেব’ অহাৰ সময়তেই পোহৰলৈ আহিছিল৷ তেওঁলোকৰ গোপন এজেণ্ডা আছিল বাবেই বহু সুযোগ আৰু সুবিধা থকা সত্ত্বেও ‘কেব’ৰ বিৰুদ্ধে প্ৰথমৰে পৰা জোৰদাৰ আন্দোলন নকৰি ‘কেব’ গৈ ‘কা’ৰ দুৱাৰডলি পাওঁতে অৰ্থাৎ ‘কা’ক ৰাখিব নোৱৰা অৱস্থাতহে তেওঁলোকে ‘কা’ৰ বিৰুদ্ধে আন্দোলনটো জোৰদাৰ কৰিছিল৷ অৰ্থাৎ তেওঁলোকে ‘কা’ বাতিল কৰিবলৈ নহয় ‘কা’ বাহাল থকাটো বিচাৰিছিল৷ ‘কা’ আন্দোলনৰ নামত অসমৰ বহু শিল্পী-সাহিত্যিককে ধৰি বহু ব্যক্তিক আগত লৈ ঢোলে-দগৰে, গীতে-মাতে  হাজাৰ হাজাৰ মানুহ গোট খুৱাই তাত তেওঁলোকে ৰাজনৈতিক দল এটা গৰ্ভস্থ কৰা আৰু ৰাজনৈতিক দলটোক কেনেদৰে তুলি-তালি ডাঙৰ দীঘল কৰিব লাগিব, তাৰে বতৰা বিলোৱাৰ সুবিধা লৈছিল৷ 

তথাপি কোনটো গুণৰ মিল দেখিএজেপি দল গঠন কৰা নেতাই নিজকে লাচিতৰ লগত তুলনা কৰিবলৈ দুঃসাহস কৰে নাজানো? লাচিতৰ দৰে বীৰপুৰুষ পৃথিৱীৰ কেইটা জাতিয়ে লাভ কৰিছে? তেওঁলোকে লাচিতৰ দৰে মহান অসমীয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতিৰ বাবে সেৱা আগবঢ়াই জাতীয়তাবাদৰ পৰিচয় দিয়ক৷ কিন্তু নিজকে লাচিতৰ লগত তুলনা কৰিবলৈ গৈ মহান অসমীয়াজনক অপমান নকৰে যেন৷