Logo
image

আজিৰ পৰা অসম প্ৰিমিয়াৰ লীগ, আপত্তি দৰ্শালে আছুৱে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ প্ৰতিভাধৰ যুৱ প্ৰজন্মৰ ক্ৰিকেটাৰ সকলক উৎসাহিত কৰা আৰু প্ৰতিভাধৰ ক্ৰিকেটাৰসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে অসমত প্ৰথমবাৰৰ বাবে পহিলা আগষ্টৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰিয়িমাৰ লীগ শীৰ্ষক অভিলাষী ক্ৰিকেট প্ৰতিযোগিতা৷ অহা ২৩ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত মুঠ ৪৩খন খেল অনুষ্ঠিত হ’ব৷ আনহাতে ৰাজ্যৰ সাম্প্ৰতিক বানত লাখ লাখ লোক আক্ৰান্ত হৈ ভেঁটি মাটি হেৰুৱাই আশ্ৰয় শিৱিৰ, পথৰ ওপৰত জীৱন যাপন কৰিবলগীয়া হোৱাৰ সময়ত ৰাজ্যত অসম প্ৰিমিয়াৰ লীগৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ সন্থাৰ সভাপতি উৎপল কুমাৰ শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমক কয় যে বান পৰিস্থিতিয়ে ৰাজ্যখনক বিধবস্ত কৰাৰ এনে সময়ত অসম প্ৰিমিয়াৰ লীগৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচৰাটো অত্যন্ত অসংবেদনশীল সিদ্ধান্ত৷ সাম্প্ৰতিক বানত উজনি অসমৰ তিনিখন জিলা ধ্বংসপ্ৰায় অৱস্থাত সমগ্ৰ অসমৰ ৰাইজে বেদনা আৰু অসহায়বোধত সময় কটাইছে৷ অসম প্ৰিমিয়াৰ লীগত ফ্ৰেনাচাইজিবোৰৰ সামাজিক মাধ্যমৰ পেজ সমূহত বানপীড়িতৰ বাবে সামান্য শোক-সমবেদনা নাই৷ অথচ ৰং-ৰহইছেৰে প্ৰমোচনেল ভিডিঅ’ শ্বেয়াৰ কৰি আছে৷ ৰাজ্যৰ এই ভয়াবহ বান পৰিস্থিতিত স্বাভাবিকতে এই কাৰ্য অতি দৃষ্টকটু হৈছে৷

অসম প্ৰিমিয়াৰ লীগৰ অফিচিয়েল সহযোগী পৃষ্ঠপোষক হিচাপে থকা বহুকেইটা ব্ৰেণ্ডেও যে বন্যাৰ্তক বিশেষ কিবা সহায় কৰিছে সেয়া এতিয়ালৈকে দেখা পোৱা নাই৷ আৰু যদি কৰিছেও তেন্তে সেয়া ৰাজ্যখনৰ সংকটৰ মুহূৰ্তত অসংবেদনশীল হোৱাৰ অনুজ্ঞাপত্ৰ বুলি ভবা অনুচিত৷ আমি কোনো খেল বা খেলুৱৈসকলৰ বিৰোধী নহয়৷ কিন্তু ৰাইজৰ এই দুখৰ মুহূৰ্তত ব্যৱসায়িক গোষ্ঠীসমূহে সংবেদনশীলতাৰ পৰিচয় দিয়ক৷ বানাক্ৰান্তৰ মাজলৈ আহক৷ খেলৰ নামত ৰং ধেমালি কৰিবলৈ পাছতো বহুত সময় ওলাব৷ অসমত এই সময়ত উৎসৱ চলি থকা নাই৷  লাখ লাখ জনসাধাৰণৰ মূৰত প্ৰলয় ভাঙি পৰিছে৷ ঘৰ বাৰী হেৰুৱাই হাজাৰ হাজাৰ বানাক্ৰান্ত ৰাইজ দিশহাৰা হৈ পৰিছে৷ অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি চকুলো টুকি মুক বধিৰ হৈ পৰিছে৷ পানী কিছু কমি যোৱাৰ পাছতো তেওঁলোক আজিও ঘৰলৈ যাব পৰা নাই৷ চকুৰ আগত আপোন মানুহ আৰু আপোন ঘৰখন হেৰুৱাই তেওঁলোক দিকভ্ৰান্ত হৈ পৰিছে৷ অসম ক্ৰিকেট সন্থা আৰু অসম প্ৰিমিয়াৰ লীগৰ ফ্ৰেনচাইজিসমূহৰ আঢ্যৱন্ত স্বত্বাধিকাৰীসকলক সেই কথা উপলব্ধি কৰিবলৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ ফলৰ পৰা আহ্বান জনালোঁ৷ ইফালে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট ষ্টেডিয়ামত পহিলা আগষ্টত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠানটো বানপানীত নিহত সকলৰ প্ৰতি সন্মান জনাই বাতিল কৰা হৈছে বুলি শুকুৰবাৰে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই৷ অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰৱ’ মূলমন্ত্ৰৰে আয়োজন কৰা ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ (এ পি এল-২০২৬) পহিলা আগষ্টৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’ব৷ প্ৰথম এ পি এলৰ উদ্বোধনীৰ দিনাই দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ বিয়লি দুই বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া সাত বজাত তেজপুৰ টাইটানছৰ মুখামুখি হ’ব ডিব্ৰুগড় ৱাৰিয়ৰ্ছ৷


অসম ক্ৰিকেট সন্থাই হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এ পি এলৰ উদ্বোধনী অনুষ্ঠানত ‘যন্ত্ৰ’ গ্ৰুপৰ সাংস্কৃতিক অনুষ্ঠান তথা বিহু শিল্পীৰ গীত-নৃত্যৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু বানপানীৰ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে বুলি শুকুৰবাৰে আয়োজিত এক সংবাদমেলত ঘোষণা কৰে বি চি চি আইৰ সচিব দেবজিত শইকীয়াই৷ সংবাদমেলত দেৱজিত শইকীয়াই কয় যে অসম ক্ৰিকেট সন্থাই দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু কষ্টৰ পাছত এ পি এল আয়োজন কৰিবলৈ ওলাইছে৷ এয়া অসমৰ ক্ৰিকেটাৰৰ সপোন সাৰ্থক হোৱাৰ এখন প্ৰতিযোগিতা৷ ৰাজ্যখনৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন কৰি অহাৰ পাছতো আই পি এল দলত আশা কৰাৰ দৰে স্থান পোৱা নাই৷ ইয়াৰ কাৰণ হ’ল আই পি এলৰ দৰে এখন ৰাজ্যিক লীগ অসমত নাছিল৷ ইয়াৰ বিপৰীতে অন্য ৰাজ্যৰ ক্ৰিকেটাৰে বি চি চি আইৰ প্ৰতিযোগিতাত সফল নহলেও নিজৰ ৰাজ্যিক লীগত কৰা প্ৰদৰ্শনৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ কৰিছে৷ ৰাজ্যৰ বান পৰিস্থিতিৰ দুখৰ সময়ত এ পি এল আয়োজন লৈ কৰা একাংশৰ সমালোচনাৰ উত্তৰ দি দেৱজিত শইকীয়াই কয় এ চি এ লীগ পিছুৱাই দিয়াৰ বিষয়ে আলোচনা কৰা হৈছিল৷ 

কিন্তু, ষ্টাৰ স্প’ৰ্টছ আৰু বি চি চি আইৰ এবছৰ পূৰ্বৰ নিৰ্ধাৰিত সূচীৰ বাবেই সেয়া অসম্ভব৷ বি চি চি আইৰ ক্ৰিকেট ছিজন আগষ্টৰ চতুৰ্থ সপ্তাহৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী বৰ্ষৰ মে’ মাহত অন্ত পৰে৷ এই সময়তে ঘৰুৱা প্ৰতিযোগিতা, আন্তৰ্জাতিক শৃংখলা তথা আই পি এল অনুষ্ঠিত হয়৷ সেয়ে ব’ৰ্ডে সকলো ৰাজ্যক লীগ আয়োজন কৰিবলৈ জুনৰ প্ৰথম সপ্তাহৰ পৰা আগষ্টৰ তৃতীয় সপ্তাহলৈ সময় নিৰ্ধাৰণ কৰি দিয়ে৷ একেদৰে ষ্টাৰ স্পৰ্টছক এবছৰ আগতে আগতীয়া ধন দি বুকিং কৰিব লাগে৷ টিভিত সম্প্ৰচাৰ নকৰাকৈ লীগ আয়োজন কৰিলে অসমৰ খেলুৱৈ লাভৱান্বিত নহ’ব৷ আনহাতে, ৰাজ্যৰ ক্ৰিকেটাৰেও আগষ্টৰ শেষৰ পৰাই ঘৰুৱা ক্ৰিকেটত খেলিব লাগিব৷ কাৰ্যতঃ অহা বছৰ জুন-আগষ্টলৈ লীগ পিছুৱাই যাব৷  অসম ক্ৰিকেটে সদায়ে বিপদত ৰাজ্যবাসীৰ কাষত থিয় হৈ আছে৷ কৰ’নাৰ সময়ত এচিএ ষ্টেডিয়াম ৰাজ্য চৰকাৰক এৰি দিয়া এ চি এ প্ৰতিটো বানপানীৰ সময়তে অৰ্থ সাহায্য দি আছিছে৷ এ পি এলৰ দল তথা ক্ৰিকেট সংগঠকসকলেও বানাক্ৰান্ত অঞ্চললৈ গৈ সকলোধৰণৰ সাহায্য প্ৰদান কৰি আছে৷ অসমৰ ক্ৰিকেটাৰৰ স্বাৰ্থতহে কঠিন পৰিস্থিতিত এ পি এল আয়োজন কৰিবলৈ সাজু হৈছে এ চি এ৷  সাংবাদমেলত এ চি এৰ সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, এ পি এলৰ অধ্যক্ষ ৰাজদ্বীপ ওজাৰ লগতে এপে’ কমিটিৰ মুকুতানন্দ ভট্টাচাৰ্য উপস্থিত থাকে৷