Logo
image

আজিৰে পৰা গুৱাহাটীত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

গুৱাহাটী, ৩১ জুলাইঃ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত কাইলৈৰ পৰা চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ গ্ৰুপ ‘এফ’ৰ মেচ অনুষ্ঠিত হ’ব৷ আবেলি পাঁচ বজাত হ’বলগা প্ৰথমখন খেলত প্ৰতিযোগিতাৰ যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অসমৰে শক্তিশালী ক্লাব বড়োলেণ্ড এফ চিৰ মুখামুখি হ’ব৷ ইয়াৰপূৰ্বে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি স্থল আৰু বায়ু সেনাৰ জোৱানৰ দ্বাৰা কিছু দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰি এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰা হ’ব৷ ৩০ মিনিটৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিশ্বজিত দৈমাৰীৰ লগতে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব৷


উল্লেখ্য যে ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ঐতিহাসিক ডুৰাণ্ড কাপৰ খেল ২০২২ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল৷ এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই ৰাজ্য চৰকাৰৰ সহযোগত অসমত ডুৰাণ্ড কাপ আয়োজন কৰি আহিছে৷ যোৱা দুবছৰ গুৱাহাটীৰ পৰিবৰ্তে কোকৰাঝাৰত বি টি আৰ প্ৰশাসনৰ সহযোগিতাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ ডুৰাণ্ড কাপ প্ৰত্যাবৰ্তন কৰিছে৷ গুৱাহাটীত গ্ৰুপৰ মুঠ ছখন খেল অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এফ’ ৰ অন্য দুটা দল হ’ল জন্মু-কাশ্মীৰৰ এফ চি ওৱান আৰু অসমৰে কাৰ্বি আংলং মৰ্ণিংষ্টাৰ এফ চি৷ প্ৰতিযোগিতাৰ সূচী অনুসৰি সৰুসজাইত এক, তিনি, ছয়, আঠ, ১১ আৰু ১৩ আগষ্টত খেল অনুষ্ঠিত হ’ব৷

ইফালে, আজিৰে পৰা প্ৰতিযোগিতাৰ গ্ৰুপ ‘ই’ৰ খেল ছিলঙত আৰম্ভ হৈছে৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী মেচত ছিলং লাজং এফ চি দলে ২-০ গলত নংকেশ এছ এছ চি চিক পৰাস্ত কৰে৷ দলৰ হৈ খেলৰ ৭০ মিনিটত ছানাই প্ৰথমটো গল কৰাৰ পাছত ৮৬ ট্ৰেমিকিয়ে দ্বিতীয়টো গল দিয়ে৷ উল্লেখ্য যে ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷