Logo
image

এইবেলি বান

এইবেলি উজনিৰ বানৰ কথা বহলাই নকলেও সমগ্ৰ দেশহে নেলাগে বিশ্বই বুজি উঠিছে৷ অসমতে প্ৰতক্ষ নকৰা বান অসমে এইবাৰ প্ৰতক্ষ কৰিলে৷ অভিযোগ উঠিছে যে মানুহে প্ৰকৃতিৰ ওপৰত চলোৱাৰ অত্যাচাৰো প্ৰকৃতিৰ এই ৰূপৰ অন্য এক কাৰণ৷ এইবাৰ বানত অকল্পনীয়ভাৱে ধন জন হানি হৈছে৷ কিন্তু অতি সৌভাগ্যৰ কথা যে অসমৰ ৰাইজ দলে বলে ওলাই আহিছে বন্যাৰ্তক সহায় কৰিবলৈ৷ যি সময়ত চৰকাৰে তৎকালীন পদক্ষেপ ল’ব লাগিছিল, সেই সময়ত ৰাইজ আগবাঢ়ি আহি দুৰ্গতসকলৰ আগত থিয় দিছেহি৷ ই অন্য এক বিৰল নিদৰ্শন৷ অসমৰ এইটো দুৰ্যোগত সাহায্যৰ ক্ষেত্ৰত অসম চৰকাৰ বহু পিছ পৰি থাকিল৷

শিৱসাগৰৰ বিধায়ক অখিল গগৈক এইবাৰ অসমে শলাগ নোলোৱাকৈ থাকিব নোৱাৰে৷ এবুকু পানীত নামি দুৰ্গতৰ কাষ চপা প্ৰথমজন জনপ্ৰতিনিধি অখিল গগৈ৷ দিনে-নিশাই  ৰাইজক খাদ্য, অৰ্থ দি সহায় কৰাই নহয় অনবৰতে মনোবল দি আছে৷ এইটো বানত তেওঁ ৰাইজৰ হৈ নিজা  বাবিয়াকৈ যিখিনি কৰিছে শিৱসাগৰৰ ৰাইজে হয়তো সহজে পাহৰিব নোৱাৰে৷ 

সচৰাচৰ অসমৰ ৰাজনৈতিক বিতৰ্কৰ মাজমজিয়াত  ৰাখি ৰাজনৈতিক মুনাফা লভিবলৈ অহৰহ চেষ্টা কৰা বদৰুদ্দিন আজমলো  আহিল বান্যাৰ্তক  সহায় কৰিবলৈ৷ কোটি কোটি টকাৰ সাহায্য দি আজমলেও এই নিদৰ্শন দেখুৱাইছে যে বিপদৰ সময়ত  জাত-পাত, ৰাজনীতি অতি গৌণ৷ সুদুৰ মুম্বাইৰ পৰা ব্যৱসায়ী, সমাজকৰ্মী হুছেইন মনচুৰীও আহিল  বান্যাৰ্তক সহায় কৰিবলৈ৷  দেখুৱাইছে মানুহ সদায় মানুহৰ বাবে৷ 

সময় গগৈৰ দৰে যুৱকে ৰাইজৰ বাবে যিখিনি কৰিছে সেয়া অকল্পনীয়৷ এজন  যুৱকে দিনে-নিশাই যিদৰে  মানুহক  সহায় কৰিছে, সেয়া কেৱল প্ৰশংসনীয়ই নহয়  এক বিৰল আদৰ্শ৷ কেৱল সময় গগৈয়েই নহয়, নামী-অনামী তেনে বহু লোক আজি দুৰ্গতসকলৰ লগত আছে৷ লগতে  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য  বহুতো ৰইজে  দুৰ্গতক যিদৰে  সহায় কৰি আছে, সেয়া অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷

সুদুৰ পঞ্জাবৰ পৰা আহি শিখ সমাজৰ লোকে দৈনিক দুৰ্গতক সহায় কৰাই  নহয়, ভোকাতুৰ ৰাইজক দিনে-নিশাই খাদ্য যোগান ধৰিছে৷ কোনো উদ্যোগপতিৰ কন্যাই আহি বোকা ফালি বানাক্ৰান্তক সহায় কৰি আছে৷ ই সঁচাকৈ এক বিৰল দৃশ্য৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা শ শ গাড়ীৰে দৈনিক সাহায্য আহিছে ৰাইজৰ ফালৰ পৰা৷ যিবোৰ কাম চৰকাৰে কৰিব লাগিছিল সেইবোৰ ৰাইজে কৰিছে৷

এইবাৰ চৰকাৰে চেষ্টা কৰিও নিজৰ অস্তিত্ব জাহিৰ কৰিব পৰা নাই৷ মানু্‌হে জাউৰিয়ে জাউৰিয়ে গালিহে দিছে৷ তথাপি দলীয় চিহ্ন লগাই দুই-এপদ সামগ্ৰী দি চৰকাৰে নিজৰ প্ৰচাৰহে যেন চলাইছে৷

এইবাৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ৷ আজমল, মনচুৰী আদিক ৰাইজে গামোচা পিন্ধালে৷ হিন্দু-মুছলমান কৰি থকা সমাজখন একতাৰ ডোলেৰে এনেকৈ বান্ধ খাই পৰিল যে  মানৱতাৰ ধৰ্মই ওখ আসন পালে৷ শিৱসাগৰত এতিয়া কোনোবাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰিলে ৰাইজে হয়তো সহজে নেৰিব৷ অন্ততঃ এতিয়া৷ সময়ত যদি পাহৰি যায় সেয়া বেলেগ কথা৷বহু ইউটিউবাৰ, ইনফুয়েঞ্চাৰ, কণ্টেণ্ট ক্ৰিয়েটৰে উজনিৰ এই বানত ৰাইজক যিদৰে সহায় কৰিছে সেয়া ইতিহাস হৈ ৰ’ব৷

ৰাইজৰ এই মিল আৰু একতাই অসমৰ যি মনোৰম ছবি অংকিত কৰিছে সেয়া বিশ্বতে বিৰল৷ বানাক্ৰান্ত তথা অসমৰ ৰাইজে যাতে কথাবোৰ সোনকালে পাহৰি নাযায়৷