ৰাজসভালৈ চাণক্য
সংসদীয় ৰাজনীতিত প্ৰত্যক্ষভাৱে ভৰি থোৱাৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত পূৰণ হ’ল ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাপনাৰ চাণক্য বুলি পৰিচিত প্ৰশান্ত কিশোৰৰ৷ এটা সময়ত কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলক শাসনলৈ অহাৰ ক্ষেত্ৰত সম্পূৰ্ণ পেছাগতভাৱে সহায় কৰা, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক কৌশল প্ৰস্তুত কৰি দিয়া প্ৰশান্ত কিশোৰে এদিন সপোন দেখিছিল– আনৰ বাবে কৌশল যুগুতাই দিয়াতকৈ নিজেই জানো প্ৰত্যক্ষ ৰাজনীতিত নামিব নোৱাৰি! নিজেই জানো জনপ্ৰতিনিধি হ’ব নোৱাৰি!
সেই সপোন দেখিয়েই বিহাৰৰ সন্তান প্ৰশান্ত কিশোৰে নিজাকৈ এটা ৰাজনৈতিক দল খুলি বিগত বিহাৰ বিধানসভা নিৰ্বাচনত ২৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসন লাভ কৰা নাছিল৷ যিজন চাণক্যই প্ৰস্তুত কৰি দিয়া নিৰ্বাচনী ৰণকৌশল প্ৰয়োগ কৰি দেশৰ ডাঙৰ ডাঙৰ দলসমূহ দিল্লীতেই হওক বা আন ৰাজ্যতেই হওক শাসনলৈ আহিছিল, সেই একেজন মানুহেই যেতিয়া নিজাকৈ এটা দলৰ জন্ম দি ২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন লাভ কৰিব পৰা নাছিল, তেতিয়া সমগ্ৰ দেশজুৰি ‘পলিটিকেল ‘ষ্ট্ৰেটেজিষ্ট’ প্ৰশান্ত কিশোৰৰ দক্ষতা আৰু বিচক্ষণতাক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল৷ নহ’বইবা কিয়! ২০২৫ চনৰ বিহাৰৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যখনত তেওঁৰ দল জন সুৰাজ পাৰ্টীয়ে লাভ কৰা ভোটৰ হাৰ আছিল মাত্ৰ ৩.৪৪ শতাংশ৷
কিন্তু এইবাৰ বিহাৰৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰে প্ৰমাণ কৰি দেখুৱালে যে তেওঁৰ অংক বহুতে ভবাৰ দৰে ভুল নহয়৷ আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হ’ল– প্ৰশান্ত কিশোৰে যিটো সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়ী হৈ আহিল, সেইটো সমষ্টি আছিল বিজেপিৰ ৰাষ্ট˜ীয় সভাপতি নীতীন নৱীনৰ দখলত৷ বিগত প্ৰায় তিনিটা দশকজুৰি বিহাৰৰ এই বাংকীপুৰ নামৰ সমষ্টিটো আছিল নীতীন নৱীনৰ পৰিয়ালৰ দখলত৷ প্ৰথম পৰ্যায়ত তেওঁৰ পিতৃ নৱীন কিশোৰ প্ৰসাদ সিন্হাৰ দখলত থকা বাংকীপুৰ পিছলৈ পুত্ৰ নীতীন নৱীনৰ দখললৈ আহে আৰু তেওঁ তাৰ বিধায়ক হয়৷ কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে তেওঁক বাছনি কৰাৰ পাছতে নীতীন নৱীনে সেই সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰে আৰু সমষ্টিটোত উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰে৷
এইখিনি হ’ল বাংকীপুৰৰ থূলমূল ৰাজনৈতিক ইতিহাস বা অতীত৷ কিন্তু বৰ্তমানটো হ’ল– একালৰ বিজেপিৰ দুৰ্গ বিহাৰৰ এই সমষ্টিটো এতিয়াৰ পৰা আহিল বিজেপিবিৰোধী প্ৰশান্ত কিশোৰৰ হাতত৷ বিহাৰত এতিয়া চলি আছে বিজেপি চৰকাৰৰ শাসন৷ তাতে আকৌ দলটোৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ সমষ্টিতেই উপ-নিৰ্বাচন৷ অথচ সেই সমষ্টিতেই বিজেপিয়ে ভাল ফল দেখুৱাব নোৱাৰিলে৷ এয়া বিজেপিৰ ব্যৰ্থতা নে ‘পলিটিকেল ‘ষ্ট্ৰেটেজিষ্ট’ প্ৰশান্ত কিশোৰৰ ‘কেৰিজমা’?
আজিৰ দিনটোত ভাৰতৰ ভোটৰ ৰাজনীতি বা সংসদীয় ৰাজনীতিত অমিত শ্বাহক বহুতেই আধুনিক চাণক্য বুলি আখ্যা দিয়ে৷ যিদৰে উত্তৰ-পূব ভাৰতৰ ৰাজনীতিত চাণক্য বুলি অভিহিত কৰা হয় হিমন্ত বিশ্ব শৰ্মাক৷ তেন্তে বিহাৰত প্ৰশান্ত কিশোৰে যি কৰি দেখুৱালে তাক কি বুলি ক’ব পাৰি? যিজন প্ৰশান্ত কিশোৰে ২০২৫ৰ বিধানসভা নিৰ্বাচনত বিহাৰত অত্যন্ত হতাশাজনক ফল প্ৰদৰ্শন কৰিছিল, আজি সেইজন মানুহেই এনেকুৱা এটা ফলাফল বিজেপিৰ দুৰ্গত প্ৰদৰ্শন কৰিবলৈ কেনেকৈ সক্ষম হ’ল? বিজেপিয়ে নি(য় বিষয়টো পৰ্যালোচনা নকৰাকৈ থকা নাই৷
উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল তিনিখন ৰাজ্যত– মধ্যপ্ৰদেশ, গুজৰাট আৰু বিহাৰত৷ গুজৰাটৰ আসনখন স্বাভাৱিকভাৱেই বিজেপিৰ হাততে থাকিল৷ মধ্যপ্ৰদেশৰ আসনখনো পূৰ্বতে কংগ্ৰেছৰ হাততেই আছিল আৰু এই উপ-নিৰ্বাচনতো কংগ্ৰেছৰ হাতলৈকে গ’ল৷ কিন্তু বিহাৰে এটা নতুন শিক্ষা দিলে বিজেপিক৷ সভাপতি নীতীন নৱীনে এই ফলাফলৰ পাছত স্বীকাৰ কৰিছে যে বাংকীপুৰত কিয় এনে হ’ল সেয়া পৰ্যালোচনাৰ প্ৰয়োজন আছে আৰু বিজেপিয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে৷
বিহাৰৰ এই উপ-নিৰ্বাচনে বিজেপিক যি বাৰ্তা দিলে, তাতোকৈ ডাঙৰ বাৰ্তাটো হ’ল– প্ৰশান্ত কিশোৰৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা প্ৰমাণিত হোৱাটোহে৷ ৰাজসভালৈ আহি জনতাৰ সেৱা কৰাৰ যি সপোন প্ৰশান্ত কিশোৰে দেখিছিল, সেয়া ৰাইজে পূৰণ কৰাৰ সুযোগ তেওঁক দিলে৷ বিহাৰত সুশাসন বিচাৰি জন সুৰাজ পাৰ্টী খোলা প্ৰশান্ত কিশোৰৰ ওপৰত নিশ্চিতভাৱে এতিয়া দেশৰ দৃষ্টি নিবদ্ধ থাকিব৷






