বানপীড়িতলৈ সহায়ৰ হাত ফিজিক্সৱালাৰ প্ৰতিষ্ঠাপক আৰু চি ই অ’ অলখ পাণ্ডেৰ
শিৱসাগৰ/যোৰহাটঃ শেহতীয়া প্ৰলয়ংকৰী বানে উজনি অসমৰ বিস্তীৰ্ণ অঞ্চল তচনচ কৰাৰ সময়তে বানপীড়িত ৰাইজৰ বাবে আশাৰ ৰেঙণি হৈ থিয় দিছে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ‘ফিজিক্সৱালা’(PW)। দিখৌ নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা মহা প্লাবনত সৰ্বস্বান্ত হোৱা যোৰহাট আৰু শিৱসাগৰ জিলাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত ছাত্ৰ-ছাত্ৰীৰ মৰমৰ ‘অলখ ছাৰ’ অৰ্থাৎ ফিজিক্সৱালাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অলখ পাণ্ডেয়ে ব্যক্তিগতভাৱে উপস্থিত হৈ এক বিৰল মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে।
দিখৌ নৈৰ পাৰ ভাঙি অহা মহা প্লাবনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে যোৰহাট আৰু শিৱসাগৰ । জিলা দুখনত বিধ্বংসী বানে উটুৱাই লৈ যায় বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি আৰু পশুধন । বানপানীৰ কালৰূপ কিছু পৰিমাণে ক্ষান্ত হৈছে যদিও এতিয়াও বালি আৰু পলসৰ তলত পোত গৈ আছে বিশাল কৃষিভূমি, যাৰ ফলত বহু পৰিয়ালৰ বাবে জীৱিকাৰ বাট পুনৰ ঘূৰাই পোৱাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে ।
সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে ফিজিক্সৱালাই (PW) আৰু ইয়াৰে বহুসংখ্যক শিক্ষাৰ্থীয়ে বানপানীৰ সময়ত অলখ পাণ্ডেৰে যোগাযোগ কৰি তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়ে সন্মুখীন হোৱা দুখ-কষ্টৰ প্ৰত্যক্ষ বিৱৰণ দাঙি ধৰিছিল । শিক্ষাৰ্থীৰে এনেধৰণৰ কথোপকথনত প্ৰভাৱিত হৈ তেওঁ নিজাববীয়াকৈ পৰিস্থিতিৰ গভীৰতাৰ বুজ ল’বলৈ যোৰহাট আৰু শিৱসাগৰৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ প্ৰত্যক্ষ কৰে। পৰিদৰ্শন হিচাপে আৰম্ভ হোৱা এই যাত্ৰা অতি কম সময়ৰ ভিতৰতে নিজ চকুৰে প্ৰত্যক্ষ কৰা বানপীড়িতৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এক সমন্বিত সাহায্য প্ৰচেষ্টাত পৰিণত হয়।
তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ভিত্তিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া ১২খন ট্ৰাক সংগঠিত কৰা হয় । অলখ পাণ্ডেয়ে নিজেই ট্ৰাকৰ কনভয়ত উঠি সামগ্ৰীসমূহ ৰাইজৰ মাজত বিতৰণ কৰে। এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰাথমিক পৰ্যায়ত সকাহ প্ৰদান কৰিবলৈ সাহায্যৰ সামগ্ৰীসমূহৰ ভিতৰত আগবঢ়োৱা হয় চাউল, মচুৰ দাইল, চুজি, চেনি, সৰিয়হৰ তেল, খোৱাপানী, ডিটাৰজেন্ট, গা ধোৱা চাবোন, চেনিটেৰী পেড, ফেনাইল, পিয়াঁজ, আলু, পশুধনৰ খাদ্য, মমবাতি আদি।
বানপানীত অধ্যয়নৰ সামগ্ৰী হেৰুৱাবলগীয়া হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ আৰু ষ্টেচনাৰীও বিতৰণ কৰে অলখ পাণ্ডেয়ে। বানত আপোন ঘৰখন হেৰুৱাবলগা হোৱা গাঁৱৰ পৰিয়ালবোৰক তাৎক্ষণিকভাৱে আশ্ৰয় দিবলৈ তম্বুৰ ব্যৱস্থা কৰা হয়, চিকিৎসা শিবিৰ আয়োজন কৰি চিকিৎসকৰ দ্বাৰা ছালৰ সংক্ৰমণ, জ্বৰ, চৰ্দি আদি সাধাৰণ ৰোগৰ বাবে বিনামূলীয়া পৰামৰ্শ আৰু ঔষধৰ লগতে মাল্টিভিটামিন পৰিপূৰক প্ৰদান কৰা হয় ।
ছাত্ৰ-ছাত্ৰীৰ মাজত ‘অলখ ছাৰ’ নামেৰে পৰিচিত ফিইজিক্সৱালাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে বানপানীৰ ফলত জীৱন ব্যাহত হোৱা শিশুৰ সৈতেও মূল্যবান সময় অতিবাহিত কৰে । কণ কণ শিশুসকলৰ জীৱন পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়াসেৰে তেওঁ শিশুসকলক এটা স্বাভাৱিক পৰিবেশৰ মাজত স্থানীয় ৰেষ্টুৰেণ্টত আপ্যায়ন কৰাৰ লগতে শ্বপিং মলত শিশুসকলৰ বাবে প্ৰয়োজনীয় কাপোৰ, জোতা আৰু অন্যান্য সামগ্ৰী বজাৰ কৰে । কেইবাদিন ধৰি দুখ-কষ্ট, লোকচান আৰু অনিশ্চয়তাৰ সাক্ষী হৈ দিন কটোৱা শিশুসকলৰ বাবে এই দিনটোৱে হাঁহি-ফূৰ্তি, কথা-বতৰা আৰু আনন্দৰ মুহূৰ্তেৰে জীপাল কৰি তোলে । এনে সহায়ৰ হাতে কঠিন সময়তো যে তেওঁলোক অকলশৰীয়া নহয়, সেই কথাকে সোঁৱৰাই দিয়ে।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি ফিজিক্সৱালাৰ (PW) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অলখ পাণ্ডেয়ে কয়, “যোৱা কেইদিনমানৰ পৰা অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আমাৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পৰিয়াল আৰু সম্প্ৰদায়ে সন্মুখীন হৈ থকা সমস্যা তথা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আমাক অৱগত কৰিছিল। তেওঁলোকৰ কথাবোৰৰ পৰা আমি স্পষ্ট হৈছিলো যে বান পৰিস্থিতিৰ বুজ ল’বলৈ হ’লে বান প্ৰভাৱিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰাটো অত্যন্ত প্ৰয়োজন। আমি আশা কৰিছো যে বানে বিপৰ্যস্ত কৰা জীৱন পুনৰ গঢ়ি তোলাৰ তেওঁলোকৰ দীঘলীয়া প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষণত আমাৰ এই প্ৰচেষ্টাই বান প্ৰভাৱিত পৰিয়ালসমূহক তাৎক্ষণিকভাৱে কিছু সকাহ প্ৰদান কৰিব। আমি স্থানীয় প্ৰশাসন, স্বেচ্ছাসেৱক আৰু এই জটিল সময়ত অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হৈ ৰ’ম।”
বানপানীৰ ফলত ঘৰ, খাদ্য যোগান, জীৱিকা আৰু পশুধন ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সহায় কৰাৰ লগতে ঘৰুৱা তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ লক্ষ্যৰে এই সাহায্য অভিযান আৰম্ভ কৰা হৈছে। অলখ পাণ্ডে আৰু তেওঁৰ দলটোৱে স্থানীয় স্বেচ্ছাসেৱকসকলৰ সৈতে একগোট হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে যাতে যাৱতীয় সামগ্ৰী লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে






