বাঁকিপুৰত বিজেপি
বিহাৰৰ বাঁকিপুৰত সদ্যসমাপ্ত উপ-নিৰ্বাচনৰ ফলাফলে ৰাষ্ট্ৰীয় পৰ্যায়ত যিমান গুৰুত্ব লাভ কৰিছে, তাতোকৈ অধিক গুৰুত্ব কিজানি কোনো সমসাময়িক নিৰ্বাচনী ফলাফলে লাভ কৰা নাছিল৷ ৰাজনৈতিক ৰণনীতিকাৰ আৰু জন সুৰাজ পাৰ্টীৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে বিজেপিৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত বাঁকিপুৰত দলটোৰ তিনি দশক পুৰণি আধিপত্যৰ অন্ত পেলাই ৰাজনীতিৰ পথাৰত ভৰি দিয়েই অসামান্য সফলতা অৰ্জন কৰিলে৷ বিজেপিৰ প্ৰাৰ্থী নীৰজ কুমাৰক বৃহৎ ভোটৰ ব্যৱধানত পৰাভূত কৰি দেশৰ জনসাধাৰণৰ ক্ৰমান্বয়ে পৰিৱৰ্তন হোৱা মানসিক স্থিতি সন্দৰ্ভত গেৰুৱা দলটোৰ প্ৰতি এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিলে৷ বাংকীপুৰৰ উপ-নিৰ্বাচনে ব্যাপক আৰু গভীৰ ৰাজনৈতিক বাৰ্তা বহন কৰিছে, য’ত প্ৰমাণ হ’ল যে ভোটাৰৰ আচৰণ প্ৰকৃতাৰ্থত পৰিৱৰ্তন ঘটিছে৷ বিহাৰৰ ৰাজনীতি সদায় জাতিভিত্তিক হিচাপ-নিকাচৰ দ্বাৰা পৰিচালিত হৈ আহিছে৷ কিন্তু প্ৰশান্ত কিশোৰৰ এই নিৰ্বাচনী সফলতাই এই কথা প্ৰমাণ কৰিলে যে, বিহাৰৰ ভোটাৰ ৰাইজেও সামাজিক পৰিচয়ৰ বিপৰীতে উন্নয়নক অগ্ৰাধিকাৰ দিয়া ব্যক্তিক নিৰ্বাচিত কৰিব বিচাৰে৷ ইয়াৰ সমান্তৰালভাৱে জাতি, ধৰ্মৰ ৰাজনীতিৰ ঊধবৰ্লৈ গৈ বিহাৰৰ জনসাধাৰণে স্বচ্ছ শাসন ব্যৱস্থাৰ লগতে শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন আৰু উন্নয়নত ৰাজনৈতিক নেতাই গুৰুত্ব আৰোপ কৰাটো কামনা কৰে৷ বাংকীপুৰৰ উপ-নিৰ্বাচনৰ ফলাফল বিজেপি দলৰ বাবে বৃহৎ ৰাজনৈতিক অঘটন হিচাপেই বিবেচিত হৈছে৷ ২০১০ চনৰ পৰা এই আসনখন গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নীতীন নৱীনে প্ৰতিনিধিত্ব কৰি আহিছিল৷ ইয়াৰ পূৰ্বে এই আসনখন প্ৰতিনিধিত্ব কৰিছিল তেওঁৰ পিতৃ নৱীন কিশোৰ প্ৰসাদ সিন্হাই৷ তদুপৰি এই আসনখনত পৰাজয়বৰণ কৰাটোৱে চহৰাঞ্চলত বিজেপি দলৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা জনপ্ৰিয়তাকো সূচাইছে৷ এই পৰাজয় বিজেপি দলৰ বাবে নিঃসন্দেহে হতাশাজনক খবৰ, কিয়নো এই উপ-নিৰ্বাচনত বিজেপি দলে নিজৰ যথেষ্ঠ শক্তি ব্যয় কৰিছিল৷ আসনখনত জয়ী হোৱাৰ লক্ষ্যৰে দলটোৱে তেওঁলোকৰ প্ৰথমজন প্ৰাৰ্থীক আঁতৰাই নীৰজ কুমাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷ কিন্তু এনে কঠোৰ পদক্ষেপেও দলটোক শেষ ৰক্ষা কৰিব নোৱাৰিলে৷
যোৱা এপ্ৰিল মাহত দুটা দশক ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে থকা নীতিশ কুমাৰক আঁতৰাই বিহাৰত বিজেপি দলৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে বিবেচিত হোৱা সম্ৰাট চৌধৰীয়ে শাসনভাৰ লোৱাৰ পাছত এইটোৱে আছিল প্ৰথমটো উপ-নিৰ্বাচন৷ এই নিৰ্বাচনটো সম্ৰাট চৌধৰীৰ নেতৃত্বৰ বাবেও এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰীক্ষা হিচাপেই বিবেচিত হৈছিল৷ একেদৰে, এয়া প্ৰশান্ত কিশোৰৰ বাবেও প্ৰথমটো নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আছিল, য’ত তেওঁ সফল হ’বলৈ সক্ষম হ’ল৷ যোৱাটো বিধানসভা নিৰ্বাচনত নীতীন নৱীনে এই সমষ্টিটোত প্ৰায় ৫২ হাজাৰ ভোটত বিজয়ী হ’বলৈ সক্ষম হৈছিল৷ কিন্তু তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱাৰ ফলত এই সমষ্টিটোত উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰিছিল৷ নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে এই নিৰ্বাচনটো মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰী আৰু তেওঁৰ মাজৰ প্ৰত্যক্ষ যুঁজলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত জন সুৰাজ পাৰ্টীৰ প্ৰাৰ্থীজনে মুখ্যমন্ত্ৰীজনক তেওঁৰ পূৰ্বৰ ফৌজদাৰী গোচৰ আৰু শিক্ষাগত অৰ্হতাসমূহক কেন্দ্ৰ কৰি প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি বিহাৰৰ ৰাজনীতিত তেওঁৰ নেতৃত্বৰ ভূমিকা সম্পৰ্কে গভীৰ প্ৰশ্নচিহ্ন উত্থাপন কৰিছিল৷ তদুপৰি ১৯৯৫ চনৰ পৰা ক্ৰমাগতভাৱে বিজেপি দলৰ প্ৰাৰ্থীক বিজয়ী কৰাই অহা সমষ্টিটোৰ ভোটাৰ ৰাইজেও এখন উপযুক্ত নতুন মুখৰ সন্ধান কৰি আছিল৷ জাতিৰ ৰাজনীতি আৰু প্ৰতিষ্ঠানবিৰোধী ঢৌৰ ঊধবৰ্লৈ গৈ এই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নতুন নিৰ্বাচনী বাগধাৰৰ সৃষ্টি কৰি ভোটাৰক নিজৰ ফালে আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল প্ৰশান্ত কিশোৰে৷ এই ক্ষেত্ৰত তেওঁ শাসন আৰু উন্নয়নৰ দৰে দুটা স্থানীয়ভাৱে সংবেদনশীল বিষয় বাছি লৈছিল৷ এই বিষয় দুটাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সমষ্টিটোৰ ভোটাৰ ৰাইজক প্ৰশান্ত কিশোৰে জড়িত কৰাবলৈ সক্ষম হৈছিল৷






