সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসম কন্যা
'আমাৰ অসম'ৰ ডিজিটেল ডেক্স ১১ আগষ্টঃ বান বিধ্বস্ত টীয়ক সমষ্টিৰ অন্তৰ্গত এলেংমৰাৰ মজীয়া ভেটিৰ জানমণি কোঁৱৰ নামৰ এগৰাকী উদিয়মান খেলুৱৈয়ে প্ৰলয়নকাৰী বানৰ মাজতে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰি উদীয়মান স্বৰ্ণপদক অৰ্জনেৰে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনি সকলোকে আনন্দিত কৰিছে। উল্লেখযোগ্য যে এই কঠিন তথা কঠোৰ প্ৰত্যাহ্বানক নেওচি ৰাজ্যবাসীক গৌৰাম্বিত কৰা জানমণিৰ পৰিয়ালে বলিয়া বানত সকলো হেৰুৱাই আজিও মথাউৰীতে এটা টম্বুৰ তলতে বাস কৰিব আছে। আনহাতে এবুকু পানীত ককবকাই থকা অৱস্থাৰ পৰা সাঁতুৰি-নাদুৰি গৈ প্ৰৱল আত্মবিশ্বাসৰে ৰিঙত নামি স্বৰ্ণ পদক লাভ কৰা জানমণি আজি সকলোৰে আদৰ্শ হৈ পৰিছে।
উল্লেখ্য যে আজি টীয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া জানমণিৰ কাষত উপস্থিত হৈ অলেখ শুভকামনা জ্ঞাপন কৰি তেওঁৰ এই কঠিন পৰিশ্ৰম আৰু দৃঢ় মনোবলক প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনত ক্ৰীড়াবিদগৰাকী আগুৱাই যোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।






