Logo
image

আৰ এছ এছ আৰু যুৱপ্ৰজন্ম

সংঘ পৰিবাৰৰ ৰাজনীতিত সততে পৰিস্থিতি অনুযায়ী নিজৰ স্থিতি গ্ৰহণ কৰাৰ নীতি গ্ৰহণ কৰা দেখা যায়৷ জেন-জিৰ আন্দোলন সন্দৰ্ভত আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতে যি বক্তব্য আগবঢ়াইছে, সেয়াও এই নীতিৰ আধাৰতে পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে৷ মুম্বাইত এক যুৱ সমাৰোহক সম্বোধন কৰি বিজেপিৰ আদৰ্শৰ মূল স্তম্ভস্বৰূপ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালকজনে উল্লেখ কৰিছিল যে যন্তৰ-মন্তৰত হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত এনডিএ চৰকাৰৰখনৰ ত্ৰুটি থাকি গৈছিল৷ সেই আন্দোলনৰ সময়ত দেশৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক যিদৰে দেশবিৰোধী হিচাপে আখ্যা দিয়া হৈছিল, সেই লৈ কেন্দ্ৰীয় চৰকাৰখনক সতৰ্ক কৰি দিয়াৰ সমান্তৰালভাৱে দেশৰ শিক্ষা ব্যৱস্থাক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত যি সন্দেহৰ বাতাৱৰণ সৃষ্টি হৈছে, সেয়া অস্বীকাৰ কৰাৰ বিপৰীতে তেওঁলোকৰ সন্দেহসমূহ নিৰাময় কৰাৰহে প্ৰয়াস কৰিব লাগে৷ সৰসংঘচালকজনৰ সামাজিক বিষয়ত এনে হস্তক্ষেপ চিৰপৰিচিত৷ ইতিপূৰ্বে কৃষক সমাজৰ আন্দোলন বা এলজিবিটি কিউ সমাজৰ আন্দোলনৰ সময়তো তেওঁ এনে পদক্ষেপেই গ্ৰহণ কৰিছিল৷ মোহন ভাগৱতে বৰ্তমান যি স্থিতি গ্ৰহণ কৰিছে সেয়া বিজেপি দলৰ আদৰ্শৰ অভিভাৱক হিচাপে আৰএছএছে নিজৰ ৰাজনৈতিক অংগটোক শুদ্ধ পথ গ্ৰহণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি পালন কৰি অহা দায়িত্বৰ অংশবিশেষ হিচাপেই পৰিগণিত হৈছে৷ সংঘৰ প্ৰধানজনে যুক্তি আগবঢ়াইছিল যে, প্ৰতিবাদ সাব্যস্ত কৰাটো সাংবিধানিক অধিকাৰ আৰু চৰকাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাৰ মাজেৰে সমস্যাসমূহৰ সমাধান সূত্ৰ উলিওৱাৰ প্ৰচেষ্টা হাতত লোৱা উচিত৷ আৰ এছ এছৰ মুৰব্বীজনৰ এনে বক্তব্যই সাধাৰণতে চৰকাৰৰ সামগ্ৰিক নীতি আৰু দিশটো স্বীকাৰ কৰিলেও আঁচনিসমূহ ৰূপায়ণ, যোগাযোগ বা ৰাজনৈতিক ৰণনীতিৰ খামখেয়ালি আৰু ত্ৰুটিসমূহ স্পষ্টভাৱে আঙুলিয়াই দিছে৷ এই মন্তব্য দৰাচলতে দেশৰ যুৱপ্ৰজন্মৰ প্ৰতি বিজেপি দলৰ নেতৃবৰ্গই প্ৰদৰ্শন কৰা মানসিকতাক সাৱধান কৰাৰ লক্ষ্যৰে আগবঢ়োৱা হৈছিল৷ পৰীক্ষাৰ অনিয়মক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা ক্ষোভ আৰু ২০ জুলাইত নতুন দিল্লীত ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা পুলিচৰ লাঠীচালনাৰ পৰৱৰ্তী সময়ত ভাগৱতে কৰা এই মন্তব্যই এক মৌলিক গণতান্ত্ৰিক নীতিকে পুনৰ সাব্যস্ত কৰিছে– প্ৰতিবাদ হৈছে আলোচনাৰ এক বৈধ পথ৷ এতিয়া বিজেপিয়ে নিজ চৰকাৰৰ জৰিয়তে এই বাৰ্তাক কেনেদৰে গ্ৰহণ কৰে আৰু ইয়াৰ প্ৰতি সঁহাৰি জনায়, সেয়াহে লক্ষণীয় হ’ব৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰবল হেঁচাত কেন্দ্ৰীয় চৰকাৰ অৱশেষত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল৷ তাৰ পাছৰ পৰাই ৰাজনৈতিক দৃশ্যপট আৰু বাতাৱৰণ ক্ষিপ্ৰতাৰে সলনি হ’বলৈ ধৰে৷ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এসময়ত কেৱল ‘বিকশিত ভাৰত’ৰ বিশাল সপোন আৰু চিন্তাৰ জৰিয়তেহে দেশৰ যুৱপ্ৰজন্মক সম্বোধন কৰিছিল, তেওঁ এতিয়া ব্যক্তিগত ছেলফি ভিডিঅ’ আৰু অনানুষ্ঠানিক ‘ৰীল’ নিৰ্মাণত সক্ৰিয় হৈ পৰিছে৷ ইয়াৰ সমান্তৰালভাৱে বিজেপিৰ মন্ত্ৰীসকলকো ইনষ্টাগ্ৰামত সক্ৰিয় হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ দিশে অগ্ৰসৰ হোৱা পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ভোটাৰসকলৰ বাবে, আৰু ২০২৯ চনৰ নিৰ্বাচনলৈ সাজু হোৱা সমগ্ৰ দেশবাসীয়ে সুধিবলগীয়া আটাইতকৈ অস্বস্তিকৰ প্ৰশ্নটো এইটো নহয় যে অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে যুৱপ্ৰজন্মৰ দুৰ্দশা অনুধাৱন কৰিবলৈ সক্ষম হ’লনে? এই সমস্যাসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে ৰাজপথৰ আন্দোলনৰ প্ৰয়োজন হ’ল নেকি? যুৱপ্ৰজন্মৰ এই অসন্তোষ বা প্ৰতিবাদ কোনো সাধাৰণ পৰিৱেশত গঢ় লৈ উঠা নাই৷ ইয়াৰ অন্তৰালত আছে ক্ৰমান্বয়ে অৱনতি ঘটা অৰ্থনৈতিক পৰিৱেশ, যাক কেৱল সামাজিক মাধ্যমত ৰীল প্ৰচাৰেৰে ঢাকি ৰাখিব নোৱাৰি৷ যুৱপ্ৰজন্মৰ ক্ষোভ-অসন্তোষসমূহ যে প্ৰকৃত আৰু যুক্তিযুক্ত, সেই কথা ভাগৱতে স্বীকাৰ কৰাৰ আঁৰত আচলতে প্ৰশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আৰু শিক্ষাৰ নিম্নমানৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ় লৈ উঠা ক্ৰমবৰ্ধমান হতাশাকে প্ৰতিফলিত কৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত অধিক পুঁজি বিনিয়োগ আৰু যুৱশক্তিৰ সৈতে গঠনমূলক আলোচনাৰ বাবে তেওঁ জনোৱা আহ৩ানে প্ৰতিবাদক তুচ্ছজ্ঞান কৰাৰ বিপৰীতে প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰুৰী প্ৰয়োজনীয়তাকহে আঙুলিয়াই দিছে৷ আৰ এছ এছে কেৱল নৱপ্ৰজন্মৰ কাষ চাপিবলৈ চেষ্টা কৰাই নহয়, বৰঞ্চ বিজেপিকো এই ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে তাৰো দিক-নিৰ্দেশনা প্ৰদান কৰিছে৷