অসম প্ৰথম, সদায়, চিৰদিনৰ গূঢ়াৰ্থ বিচাৰি
... অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ আঞ্চলিক শক্তিসমূহ প্ৰতিজ্ঞাবদ্ধ হওক৷ আপোচ নকৰাকৈ, ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত আঁঠু নোলোৱাকৈ মূৰ তুলি দৃঢ়তাৰে জাতিটোৰ কল্যাণৰ কাৰণে ৰাজহাড় পোন কৰি কথা ক’বলৈ আঞ্চলিক শক্তিসমূহ বদ্ধপৰিকৰ হওক৷ ‘অসম প্ৰথম, সদায় আৰু চিৰদিন’– নৱগঠিত আঞ্চলিক শক্তি ‘অসম জাতীয় পৰিষদ’ৰ এই মূলমন্ত্ৰ বাস্তৱক্ষেত্ৰত কাৰ্যকৰী কৰিব পৰাকৈ এটা সুস্থ ৰাজনৈতিক পৰিৱেশ নিৰ্মাণৰ স্বাৰ্থতে আঞ্চলিক শক্তিবোৰ আগবাঢ়ি আহক ...
‘অসম প্ৰথম, সদায় আৰু চিৰদিন’– ইয়াক মূলমন্ত্ৰ হিচাপে লৈয়েই গঠন হ’ল ‘অসম জাতীয় পৰিষদ’ নামে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল৷ জাতিটোৰ স্বাৰ্থতে শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল এটাৰ প্ৰয়োজন আছে৷ এই দল গঠনৰ পটভূমি হ’ল ‘কা’বিৰোধী আন্দোলন৷ আন্দোলনৰ মাজতে আছুৰ নেতৃত্বই বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ কথা ঘোষণা কৰিছিল৷ তেতিয়াই অনুমান কৰিব পৰা হৈছিল যে ২০২১ৰ বিধানসভা নিৰ্বাচনত অসমে এটা নতুন আঞ্চলিক ৰাজনৈতিক শক্তি লাভ কৰিব৷ নৱগঠিত এই আঞ্চলিক দলটোৱে বিজেপিৰ দৰে বা কংগ্ৰেছৰ দৰে একোটা ৰাষ্ট্ৰীয় শক্তিশালী দলক প্ৰত্যাহ্বান জনোৱাটো সহজসাধ্য নহ’ব৷ কাৰণ অসম গণ পৰিষদ গঠনৰ যি পৰিৱেশ আছিল, সেই পৰিৱেশ সম্প্ৰতি নাই৷ ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ ফল হিচাপেই আছুৰ মঞ্চৰ পৰাই গঠন হৈছিল ‘অসম গণ পৰিষদ’ আৰু চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছিল দলটোৱে৷ সদ্যঘোষিত ‘অসম জাতীয় পৰিষদ’ৰ গঠনৰ পটভূমি ‘অসম গণ পৰিষদ’ গঠনৰ পটভূমিৰ দৰে একেই– এটা আন্দোলন৷ কিন্তু এতিয়াৰ পৰিৱেশ আৰু তেতিয়াৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে৷ দলটোৰ লগত বিশ্বাসৰ প্ৰশ্নটোও জড়িত হৈ পৰিছে৷ কাৰণ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ পৰা গৈ মন্ত্ৰী হোৱা বহু নেতাৰ পৰা অসমৰ জনগণে প্ৰতাৰণাহে বেছিকৈ পালে৷ অসমীয়াৰ জাতীয় আৱেগক তেওঁলোকে গুৰুত্ব নিদি অংগুষ্ঠহে দেখুৱালে৷ অসম গণ পৰিষদ শাসনৰ দায়িত্বত থাকোঁতে অসমত কেনে বিপৰ্যয়ৰ সৃষ্টি হ’ল, সেই কথা নক’লেও হয়৷ কংগ্ৰেছৰ শাসনত বিতুষ্ট হৈ অসমৰ গণশক্তিয়ে অসম গণ পৰিষদক শাসনভাৰ দিছিল৷ অসম গণ পৰিষদৰ অপশাসনত বিতুষ্ট হৈ পুনৰ কংগ্ৰেছৰ ওপৰত ৰাইজে আস্থা প্ৰকাশ কৰিলে৷ তৰুণ গগৈৰ নেতৃত্বত একেৰাহে পোন্ধৰ বছৰ কংগ্ৰেছে ক্ষমতা ভোগ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালৰ প্ৰতি অসমৰ জনগণে আস্থা প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টীক শাসনৰ ভাৰ সঁপি দিলে৷ সৰ্বানন্দ সোণোৱালক যিধৰণে আশা কৰা হৈছিল, তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে অসমৰ মানুহে দেখিবলৈ পালে৷ কাৰো ওপৰতেই অসমৰ মানুহৰ আস্থা নোহোৱা হ’ল৷ সৰ্বত্ৰ ‘কা’বিৰোধী আন্দোলন চলিল৷ অসমৰ পাঁচজন ডেকা সেনাৰ গুলীত শ্বহীদ হ’ল৷ লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়৷ এই কথাকে মানুহে বিশ্বাস কৰিবলৈ ল’লে৷ কৰ’না মহামাৰীৰ প্ৰৱেশ ঘটিল৷ ‘কা’বিৰোধী আন্দোলন স্তিমিত হ’ল৷ আৰম্ভ হ’ল বিভিন্নজনৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ৷ আশা কৰাধৰণে আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত ‘অসম জাতীয় পৰিষদ’ গঠন হ’ল৷
অসমত আঞ্চলিকতাবাদৰ ছবিখন এতিয়াও ধূসৰ৷ আঞ্চলিক শক্তিয়ে বৃহৎ গণভিত্তি থকা বিজেপি-কংগ্ৰেছক ৰোধ কৰিব পাৰিব নে নাই, সেই কথা স্পষ্ট নহয়৷ ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে ৰাষ্ট্ৰীয় শক্তিৰ আগ্ৰাসনক ৰোধ কৰিব পাৰিব বুলি সচেতন মহলে অনুভৱ কৰিছে৷ পৰামৰ্শও দিছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নৱগঠিত অসম জাতীয় পৰিষদক ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত যুঁজাৰ বাবে আহ্বান জনাইছে৷ কিন্তু দলটোৰ পৰা কোনো সঁহাৰি লাভ নকৰাটো পৰিতাপৰ কথা৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণভিত্তিক নৱগঠিত দলটোৱে গুৰুত্ব নিদিলে ভুল কৰা হ’ব৷ নৱগঠিত অসম জাতীয় পৰিষদৰ সন্মুখত বহুকেইটা প্ৰত্যাহ্বান আছে৷ প্ৰথম প্ৰত্যাহ্বান হিচাপে আছে বিশ্বাসৰ প্ৰশ্নটো৷ অপ্ৰিয় হ’লেও এই কথা সত্য যে অসম জাতীয় পৰিষদৰ কথাটো ভাবোঁতে নিঃসন্দেহে অসমৰ বহু মানুহে অসম গণ পৰিষদৰ ইতিহাসটো এবাৰ মনত পেলাব৷ আছু-যুৱ ছাত্ৰ পৰিষদৰ পৰা গৈ মন্ত্ৰী-বিধায়ক হোৱা মানুহৰ কথা এবাৰ হ’লেও মনত পেলাব৷ গতিকে কিদৰে এই দলটোৱে মানুহক আশ্বস্ত কৰিব পাৰিব? দ্বিতীয়তে, কংগ্ৰেছ-বিজেপিৰ তুলনাত এই দলটোৰ গণভিত্তি যথেষ্ট দুৰ্বল৷ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ মাহ৷ ইমান কম সময়ৰ ভিতৰত দলটোৱে মানুহৰ মাজলৈ গৈ গণভিত্তি শক্তিশালী কৰাটোও এক প্ৰত্যাহ্বানমূলক কাম হ’ব৷ কেৱল ‘কা’বিৰোধী স্থিতিক লৈ অসমৰ জনগণে দলটোক আঁকোৱালি ল’ব বুলি ভাবি থাকিলে ভুল কৰা হ’ব৷ তৃতীয়তে, শাসনাধিষ্ঠিত বিজেপিয়ে বিভিন্ন আঁচনিৰ জৰিয়তে এটা বৃহৎ আকাৰৰ হিতাধিকাৰীৰ ভোটবেংক সৃষ্টি কৰি লৈছে৷ গতিকে এই ভোটবেংক ভাঙিব পৰাটোও দলটোৰ প্ৰতি হ’ব বৃহৎ প্ৰত্যাহ্বান৷ চতুৰ্থ প্ৰত্যাহ্বানটো হ’ব ধনবল৷ ধনবলে ভাৰতৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলায়৷ ধন দি ভোট ক্ৰয় কৰিব পাৰি৷ কংগ্ৰেছ আৰু বিজেপি এইক্ষেত্ৰত যথেষ্ট অভিজ্ঞ৷ এই দুই দলৰ তুলনাত অসম জাতীয় পৰিষদৰ ধনবল তেনেই নগণ্য যেন আমাৰ বোধ হয়৷ প্ৰচাৰ-বিজ্ঞাপনৰ ক্ষেত্ৰতো এই দলে বিজেপি বা কংগ্ৰেছৰ স’তে ফেৰ মাৰিব নোৱাৰিব যেন লাগে৷ অসমৰ জাতীয় জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যাপক অৰিহণা আৰু প্ৰভাৱ থাকিলেও বিভিন্ন সময়ত এই সংগঠনটো সন্দেহৰ আৱৰ্তত সোমাই পৰে৷ ভিন্ন বিষয়ত সংগঠনটোৰ নেতৃত্ব সমালোচিত হয়৷ সংগঠনটোৰ পৰা অসমে বহু নেতা পালে অথচ এজনো ‘ভাল নেতা’ নাপালে বুলি সততে অভিযোগ উঠে৷ নৱগঠিত দলটোৱে এইবোৰ বিষয়তো প্ৰশ্নৰ সন্মুখীন হ’ব যেন লাগে৷ ইও দলটোৰ প্ৰতি একপ্ৰকাৰ প্ৰত্যাহ্বান হ’ব৷ অন্য ৰাজনৈতিক শক্তিবোৰেও এইবোৰ বিষয়তে দলটোৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠিব যেন সন্দেহ ওপজে৷
প্ৰত্যাহ্বান থাকিবই৷ প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়িবলৈ দলটো প্ৰস্তুত হ’ব লাগিব৷ দলটোৰ সু-সংহত পৰিকল্পনা লাগিব৷ লাগিব স্পষ্ট নীতি-আদৰ্শ আৰু সু-স্পষ্ট আঁচনি৷ অসমৰ সৰ্বসাধাৰণ মানুহৰ সমস্যাসমূহ দলটোৱে অনুধাৱন কৰিব পাৰিব লাগিব৷ ৰাজনৈতিক ইছু্যবোৰ মানুহৰ মাজলৈ নিব পাৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰীৰ সমস্যা, কৃষক-শ্ৰমিকৰ সমস্যা, মহিলাৰ সমস্যা, বৃদ্ধ-বৃদ্ধাৰ সমস্যা, প্ৰাকৃতিক সমস্যা, সামাজিক সমস্যা, শৈক্ষিক সমস্যা, স্বাস্থ্যজনিত সমস্যা ইত্যাদি সকলো দিশ মানুহৰ মন-মগজুৱে ঢুকি পোৱাকৈ বুজাব পাৰিব লাগিব৷ কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ’ব দীৰ্ঘ সময়ৰ৷ উপযুক্ত সময় নোপোৱাৰ বাবেও হয়তো নৱগঠিত দলটোৱে নানা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷
অসম জাতীয় পৰিষদে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰিব পাৰিবনে? কোনোপধ্যে নোৱাৰিব৷ সেই কাৰণতে আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ বিষয়টো অধিক প্ৰাসংগিক হৈ পৰিছে৷ দলটোৱে হয়তো এইক্ষেত্ৰত সঠিক সিদ্ধান্ত ল’ব৷ এই সময়ত অন্য এটা বিষয় প্ৰাসংগিক হৈ পৰিছে– কংগ্ৰেছৰ মহাজোঁট, বিজেপিৰ মহাজোঁট কোনেও যদি আগন্তুক নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম নহয়, তেন্তে এই আঞ্চলিক দলটোৱে কাৰ স’তে মিত্ৰতা কৰিব! এই কথাও অসমৰ জনগণে জানিব বিচাৰিব৷ ২০২১ৰ বিধানসভা নিৰ্বাচন হ’ব অতি গুৰুত্বপূৰ্ণ৷ কোনে চৰকাৰ গঠন কৰিব তাৰ পূৰ্বানুমান কৰাটোও টান৷ আঞ্চলিক শক্তিৰ জৰিয়তে ভোট বিভাজন হ’লে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ’ব নে বিজেপি ক্ষতিগ্ৰস্ত হ’ব, এই কথা অনুমান কৰাটোও টান হৈ পৰিছে৷ বিজেপিৰ যেনেকৈ গণভিত্তি আছে, কংগ্ৰেছ-এ আই ইউ ডি এফৰো গণভিত্তি নথকা নহয়৷ নৱগঠিত আঞ্চলিক দলবোৰৰো এই নিৰ্বাচনত ব্যাপক প্ৰভাৱ পৰিব৷ তিনি-চাৰিটা শিবিৰত ভোটবোৰ বিভাজন হ’ব৷ অধিক ভোট বিভাজনে অৱশ্যে লাভৱান কৰিব ৰাষ্ট্ৰীয় দলক৷ বিজেপি পুনৰ শাসনত বহিব পাৰিবনে নাই সেই কথাও ধূসৰ৷ যদিও দলটোৰ নেতাসকলে ১০০খন আসন লাভ কৰিব বুলি নিশ্চয়তা প্ৰকাশ কৰিছে, তেওঁলোকৰ শাৰীৰিক ভাষাত কিন্তু অন্য ছবি এখনহে পৰিস্ফুট হয়৷ মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাতো দলটোৰ ভিতৰচ’ৰাত প্ৰকট যেন লাগে৷ যি নহওক, বিজেপি দলটোক অসমৰ জনসাধাৰণে পুনৰ শাসনৰ গাদীত বহুৱালে কিন্তু হাতৰ কুঠাৰ ভৰিত মৰা যেনহে হ’ব৷ কংগ্ৰেছৰ পৰাও যে অসমে কাংক্ষিত ফল পাব, সেই আশাও কৰিব নোৱাৰি৷
গতিকে বিকল্প হিচাপে আঞ্চলিক ৰাজনৈতিক শক্তিৰ মহা-অভু্যত্থান হওক৷ ক্ষমতাকেন্দ্ৰিক আশা-আকাংক্ষা পৰিহাৰ কৰি এৰা-ধৰাৰ মাজেৰে সকলো আঞ্চলিক দল একত্ৰিত হওক৷ অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ আঞ্চলিক শক্তিসমূহ প্ৰতিজ্ঞাবদ্ধ হওক৷ আপোচ নকৰাকৈ, ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত আঁঠু নোলোৱাকৈ মূৰ তুলি দৃঢ়তাৰে জাতিটোৰ কল্যাণৰ কাৰণে ৰাজহাড় পোন কৰি কথা ক’বলৈ আঞ্চলিক শক্তিসমূহ বদ্ধপৰিকৰ হওক৷ ‘অসম প্ৰথম, সদায় আৰু চিৰদিন’– নৱগঠিত আঞ্চলিক শক্তি ‘অসম জাতীয় পৰিষদ’ৰ এই মূলমন্ত্ৰ বাস্তৱক্ষেত্ৰত কাৰ্যকৰী কৰিব পৰাকৈ এটা সুস্থ ৰাজনৈতিক পৰিৱেশ নিৰ্মাণৰ স্বাৰ্থতে আঞ্চলিক শক্তিবোৰ আগবাঢ়ি আহক৷ অসম গণ পৰিষদে অসমক কৰা প্ৰতাৰণাৰ পুনৰাবৃত্তি নোহোৱাকৈ অসমৰ একত্ৰিত আঞ্চলিক শক্তিৰ জয় হওক, জয় হওক জাতীয় বিপ্লৱৰ!






