Logo
image

গংগা-যমুনাৰে উটি আহিছে শ শ মৃতদেহ

আমাৰ অসম, ১১ মে’: বিজেপিৰ শীৰ্ষ নেতৃত্বৰ স্নেহধন্য যোগী আদিত্যনাথ শাসিত উত্তৰপ্ৰদেশ আৰু নীতিশ কুমাৰৰ সৈতে বিজেপিয়ে একেলগে শাসন কৰা বিহাৰত কৰ’না ভাইৰাছত ইখনৰ পাছত সিখন গাঁও উছন গৈছে৷ চৰকাৰীভাৱে কম তথ্য প্ৰকাশ কৰি ক’ভিড অতিমাৰী চম্ভালি থকা বুলি আদিত্যনাথ আৰু নীতিশ কুমাৰে দাংকোপ মাৰি থকা অৱস্থাতে যমুনা আৰু গংগা নদীৰে উটি আহিছে শ শ মৃতদেহ৷ অতিমাৰীৰ ভয়ংকৰ ৰূপ প্ৰকাশ কৰি উত্তৰপ্ৰদেশৰ হামিৰপুৰ জিলাত যমুনা নদীৰে উটি আহিছে কেইবাডজন মৃতদেহ৷ চৰকাৰীভাৱে ক’ভিড অতিমাৰীত মৃত্যু হোৱাৰ ফলত এনে ঘটনা সংঘটিত হোৱা বুলি এতিয়াও যোগী আদিত্যনাথ চৰকাৰে স্বীকাৰ কৰা নাই৷ পিছে উত্তৰপ্ৰদেশৰ হামিৰপুৰ জিলাত বিগত কেইবাদিনো ধৰি যমুনা নদীৰে এনেদৰে মৃতদেহ উটি অহাত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ হামিৰপুৰ জিলাৰ এখন গাঁৱৰ বাসিন্দাই জনোৱা মতে তেওঁলোকৰ ওচৰৰ কেইবাখনো গাঁৱত ক’ভিড অতিমাৰীত অসংখ্য লোকৰ মৃত্যু হৈছে৷ সেই মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি আত্মীয়স্বজনে নদীৰে উটুৱাই দিছে৷ যিখন গাঁৱৰ লোকে সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰে তেওঁলোকৰ গাঁৱতো ক’ভিডত অসংখ্য লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷ তেওঁলোকে সেই মৃতদেহসমূহ এখন মুকলি পথাৰত যমুনাৰ পাৰত জ্বলাই দিছে৷ আনহাতে যমুনাৰে উটি অহা মৃতদেহসমূহ হামিৰপুৰ জিলাৰ প্ৰশাসনে সৎকাৰৰ ব্যৱস্থা কৰিছে৷ হামিৰপুৰৰ উপ-আৰক্ষী অধীক্ষক অনুপ কুমাৰ সিঙে কয়– ‘যমুনা নদী হামিৰপুৰ আৰু কানপুৰৰ সীমাৰে বৈ গৈছে৷ স্থানীয় লোকে যমুনা নদীক পৱিত্ৰ বুলি গণ্য কৰে৷ সেয়ে সম্ভৱতঃ তেওঁলোকে মৃতদেহসমূহ নদীত উটুৱাই দিছে৷ মাজে-সময়ে দুই-এটা মৃতদেহ যমুনা নদীৰে উটি অহা দেখা যায়৷ কিন্তু এইবাৰ অভাৱনীয়ভাৱে অসংখ্য মৃতদেহ উটি আহিছে৷ আমি যিমানদূৰ পাৰো সৎকাৰৰ ব্যৱস্থা কৰিছো৷’

উল্লেখ্য, যমুনা নদীৰে মৃতদেহ উটি অহাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ সেই দৃশ্য আক্ষৰিক অৰ্থতে গাৰ নোম শিঁয়ৰি উঠা ধৰণৰ৷ মৃতদেহৰ ঢল দেখি উত্তৰপ্ৰদেশৰ ভিতৰুৱা গাঁৱত ক’ভিডত কিমান লোকৰ মৃত্যু হৈছে সেয়া অনুমান কৰিব পাৰি৷ সহজে সৎকাৰ কৰাৰ উপায় থকা হ’লে এনেদৰে নদীৰে ডজন ডজন মৃতদেহ গাঁওবাসীয়ে উটুৱাই নপঠিয়ালেহেঁতেন৷

ইপিনে সোমবাৰে বিহাৰৰ গংগাৰ পাৰত পৰি থকা শ শ মৃতদেহৰ দৃশ্যই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কুকুৰে টানি টানি গেলি-পচি যোৱা মৃতদেহৰ মাংস খাই থকাৰ দৃশ্যই ভয়ংকৰ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি পুৱাৰ ভাগতে গংগা নদীৰে এই মৃতদেহসমূহ উটি আহিছিল৷ স্থানীয় একাংশ লোকে মৃতদেহসমূহ নদীৰ পৰা তুলি পাৰত গোটাই ৰাখে৷ তেওঁলোকে এই সন্দৰ্ভত প্ৰশাসনক সবিশেষ জনায় আৰু সৎকাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়৷ কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি অনুমান কৰা এই মৃতদেহসমূহ গেলি-পচি গৈছে আৰু নদীৰ পাৰত গোটাই থোৱা ঠাইতে কুকুৰে টানি টানি মাংস খাইছে৷ স্থানীয় বাসিন্দাৰ দাবী, এখন গাঁৱত নহয়, কেইবাখনো গাঁৱত ক’ভিডত অসংখ্য লোকৰ মৃত্যু হোৱাৰ ফলত তেওঁলোকে সৎকাৰ কৰিব নোৱাৰি গংগাৰে উটুৱাই দিছে৷ এই ঘটনা উত্তৰপ্ৰদেশত হোৱা বুলি বিহাৰৰ বক্সাৰৰ লোকসকলে দাবী কৰিছে৷ এই অভাৱনীয় দৃশ্যই উত্তৰপ্ৰদেশত কৰ’নাই কেনেধৰণৰ সংহাৰ চলাইছে সেয়া উন্মোচিত কৰিছে৷