Logo
image

আমেৰিকাৰ ভেক্‌চিন লোৱা লোকক মাস্ক অবিহনে ঘূৰাৰ অনুমতি

মাৰ্কিন ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনশ্বন’ৰ [চি ডি চি] ডাঙৰ সিদ্ধান্ত

আমাৰ অসম, ১৫ মেঃ আমেৰিকাত কৰ’না ভাইৰাছৰ ত্ৰাস লাহে লাহে হ্ৰাস পাইছে৷ দেশখনত ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়াও দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে আৰু সকলো লোকৰে টিকাকৰণ অতি সোনকালেই সম্পন্ন হোৱাৰ পথত৷ আনকি আমেৰিকা চৰকাৰে কণ-কণ ল’ৰা-ছোৱালী আৰু কিশোৰীৰো টিকাকৰণৰ অনুমতি প্ৰদান কৰিছে৷ গতিকে দেশখনৰ কণ কণ ল’ৰা-ছোৱালীকো টিকা প্ৰদান কৰা হ’ব৷ গতিকে আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনশ্বন’ৰ [চি ডি চি] দ্বাৰা কোৱা হৈছে যে যিবোৰ ৰাজ্যত টিকাকৰণ সম্পন্ন হৈছে, সেইবোৰ ৰাজ্যৰ জনতাই এতিয়া মাস্ক অবিহনে ৰাজহুৱা স্থানত ঘূৰিব পাৰিব৷ অৱশ্যে তেওঁলোকে মাস্ক অবিহনে ৰাজহুৱা স্থানত ঘূৰাৰ সময়ত ৬ ফুট দূৰত্বৰ সামাজিক দুৰত্ব বিধি মানি চলিব লাগিব৷ অৱশ্যে, যিবোৰ ৰাজ্যত এতিয়াও টিকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে, সেইবোৰ ৰাজ্যত এই নিৰ্দেশ প্ৰযোজ্য নহ’ব৷ ইয়াৰ জনতাই মাস্ক পিন্ধিহে বাহিৰলৈ ওলাব লাগিব৷ চি ডি চিৰ এই সিদ্ধান্তক বাইডেন চৰকাৰে প্ৰশংসা কৰিছে৷ ৰাষ্ট্ৰপতি জ’ বাইডেনে টুইট কৰি চি ডি চিৰ এই সিদ্ধান্তক প্ৰশংসা কৰে আৰু আমেৰিকাই এনেদৰেই কৰ’না ভাইৰাছৰ বিৰুদ্ধে জয়লাভ কৰিব বুলি দাবী কৰে৷ উল্লেখ্য, বৰ্তমান ভাৰত, চীন আৰু আমেৰিকাতে সৰ্বাধিক লোকক ভেক্‌চিন প্ৰদান কৰা হৈছে৷