Logo
image

যোগাভ্যাসে কৰ’নামুক্ত কৰিলে নাৰ্ছক!

আমাৰ অসম, ১৫ মেঃ কৰ’নাৰ দ্বিতীয় লহৰত এইবাৰ বহু কম বয়সীয়া লোকৰ মৃত্যু ঘটিছে৷ বিগত বৰ্ষত ভাইৰাছবিধৰ সংক্ৰমণত ষাঠিৰ ঊধবৰ্ৰ পুৰুষ-মহিলাৰ মৃত্যু ঘটিছিল৷ এইবাৰ কৰ’নাৰ দ্বিতীয় লহৰত জীৱন মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে যুৱপ্ৰজন্মই৷ ইয়াৰ মাজতে আচৰিত যে মধ্য প্ৰদেশৰ এগৰাকী কম বয়সীয়া নাৰ্ছ কৰ’নাত আক্ৰান্ত হৈ যোগাভ্যাসৰ জৰিয়তে প্ৰাণনাশী ভাইৰাছবিধক পৰাজিত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে মধ্য প্ৰদেশৰ এখন গাঁৱৰ প্ৰফুলিত পিটাৰ নামৰ এই নাৰ্ছগৰাকী মধ্যপ্ৰদেশৰ টিকাম্বৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত হৈ আছিল৷ কৰ’না ৰোগীক চিকিৎসা সেৱা কৰি থাকোতে তেৱোঁ কৰ’নাত আক্ৰান্ত হয়৷ এনে অৱস্থাত তেওঁ নিজ ঘৰতে আইছ’লেশ্বনত থাকি স্বাভাৱিক খাদ্য গ্ৰহণৰ লগতে প্ৰাণায়াম আৰু যোগাভ্যাস কৰিবলৈ লয়৷ আচৰিত যে মাত্ৰ ১৪ দিনৰ প্ৰাণায়াম আৰু যোগাভ্যাসৰ জৰিয়তে নাৰ্ছ গৰাকীয়ে কৰ’নাক জয় কৰে৷