Logo
image

ভেক্‌চিনেহে বচাব দেশ

◾প্ৰতিষেধকৰ বিকল্প নাই

◾সকলো ভাৰতীয়ক ভেক্‌চিন দিলে খৰচ হ’ব ৭০ হাজাৰ কোটি টকা

◾কাশ্মীৰত বন্ধ হ’ল ক’ভিডৰ টিকাকৰণ

আমাৰ অসম, ১৭ মেঃ ক’ভিডৰ দ্বিতীয় ঢৌত দেশে ককবকাই থকা আৰু প্ৰতিষেধকৰ যোগান নোপোৱাক লৈ সমগ্ৰ দেশজুৰি অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ সময়ত  বিশিষ্ট চিকিৎসক দেৱী শেঠীয়ে অতিমাৰী ৰোধ কৰাৰ উপায় হিচাপে টিকাকৰণৰ বিকল্প নাই বুলি মন্তব্য কৰিছে৷ তেওঁৰ মতে দেশৰ মুঠ জনসংখ্যাৰ ৫১ কোটি  লোকৰ টিকাকৰণ কৰিব পাৰিলে অতিমাৰী ৰোধ কৰা সম্ভৱ হ’ব৷ কিন্তু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজকোষৰ টকা ব্যয় কৰিব লাগিব৷ তাৎপৰ্যপূৰ্ণভাৱে আমেৰিকাৰ স্বাস্থ্য উপদেষ্টা এণ্টনি ফ’চি আৰু আন আন শীৰ্ষস্থানীয় স্বাস্থ্য বিজ্ঞানীয়েও সামগ্ৰিকভাৱে সকলোকে প্ৰতিষেধক প্ৰদানত গুৰুত্ব আৰোপ কৰিছে৷ দেৱী শেঠীৰ সৈতে তেওঁলোকৰ বক্তব্যৰ সামঞ্জস্য আছে৷ ভাৰতত এতিয়া  ক’ভিডৰ দ্বিতীয় ঢৌৱে যি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে তাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় দেশৰ সকলোকে টিকাকৰণ কৰা বুলি মন্তব্য কৰিছে এণ্টনি ফ’চিকে ধৰি বিভিন্ন স্বাস্থ্য বিজ্ঞানীয়ে৷

উল্লেখ্য, নৰেন্দ্ৰ মোদী চৰকাৰে ক’ভিডৰ চিকিৎসা আৰু অক্সিজেন বিতৰণৰ ব্যৱস্থা সঠিকভাৱে নকৰাৰ ফলত উচ্ছতম ন্যায়ালয়ে এটা টাস্ক ফ’ৰ্চ গঠন কৰিছিল৷ আনহাতে চিকিৎসক দেৱী শেঠীও হৈছে উচ্ছতম ন্যায়ালয়ে নিযুক্তি দিয়া ক’ভিড টাস্ক ফ’ৰ্চৰ সদস্য৷ তেওঁ কয়, ভাৰতীয় দৃষ্টিভংগীৰে চালেও ক’ভিডৰ অতিমাৰী ৰোধ কৰা অসম্ভৱ নহয়৷ ইয়াৰ বাবে টিকাকৰণেই শ্ৰেষ্ঠ আৰু একমাত্ৰ সমাধান৷ যত দ্ৰুত সম্ভৱ ১৮ বছৰৰ ঊধবৰ্ৰ সকলৰ টিকাকৰণ সম্পূৰ্ণ কৰি তোলা প্ৰয়োজন৷ উল্লেখ্য, তৃতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ঊধবৰ্ৰ সকলোকে টিকাকৰণৰ আঁচনি লৈছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ১৮-৪৪ বছৰৰ দেশৰ নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক নিদিয়ে৷ সেই প্ৰতিষেধক ৰাজ্য চৰকাৰে উৎপাদনকাৰী কোম্পানীৰ পৰা ক্ৰয় কৰিব লাগিব৷ অথবা বেচৰকাৰী হাস্পতাল আৰু বেচৰকাৰী প্ৰতিষ্ঠানে কোম্পানীৰ পৰা প্ৰতিষেধক ক্ৰয় কৰিব লাগিব৷ পিছে পৰ্যাপ্ত যোগান নথকাৰ বাবে দেশৰ বেছিভাগ ৰাজ্যত এতিয়াও ১৮-৪৪ বছৰীয়াৰ টিকাকৰণ আৰম্ভই হোৱা নাই৷ দেৱী শেঠীয়ে কয়– ‘আমি বুজিব লাগিব ভাৰত এখন বিশাল জনসংখ্যাৰ দেশ৷ কিন্তু আমাৰ প্ৰয়োজনীয় সম্পদ আছে৷ এদিন লকডাউন দিলেই  আমি ১০ হাজাৰ কোটি টকাৰ ক্ষতি সহিবলগীয়া হয়৷ কিন্তু টিকাকৰণত গুৰুত্ব দিলে তেনে কোনো ক্ষতিৰ মুখত নপৰাকৈয়ে ৰ’ব৷’ তেওঁ পুনৰ কয়–‘১৮ বছৰৰ কম বয়সীয়াসকল এতিয়াও টিকাকৰণৰ আওতাৰ ভিতৰলৈ অহাই নাই৷ সেয়ে টিকাকৰণৰ পৰিকল্পনাত দেশৰ মুঠ জনসংখ্যাৰ পৰা তেওঁলোকক বাদ দি ৰাখিব পাৰি৷ এটাকৈ প্ৰতিষেধক যি পাইছে তেওঁলোকৰ মুঠ সংখ্যা হৈছে ১৩ কোটি৷ সেই দিশৰ পৰা চালে আমি সম্প্ৰতি বাকী থকা ৫১ কোটি নাগৰিকৰ টিকাকৰণৰ লক্ষ্য লৈ নামিব লাগিব৷ মোৰ মতে সেয়া অসম্ভৱ নহয়৷ ৫১ কোটি মানুহক দুটাকৈ প্ৰতিষেধক দিলে মুঠ খৰচ পৰিব ৭০ হাজাৰ কোটি টকা৷ ১০ হাজাৰ কোটি টকা অগ্ৰিম দি কোনো কোম্পানীৰ সৈতে কেন্দ্ৰীয় চৰকাৰে তেনে চুক্তি সম্পাদন কৰিব পাৰে৷ তেতিয়া প্ৰতিষেধক উৎপাদনত কোম্পানীয়ে লক্ষ্য স্থিৰ কৰি অধিক গুৰুত্ব দিব৷ ভাৰতৰ দৰে দেশৰ যাৰ জিডিপি বা বাৰ্ষিক গড় উৎপাদন ২০০ লাখ কোটি টকা, তেনে দেশৰ চৰকাৰৰ বাবে ৭০ হাজাৰ কোটি টকা তেনেই নগন্য৷’ 

প্ৰসংগতঃ উল্লেখযোগ্য, দেশত দৈনিক চাৰি হাজাৰৰ অধিক ক’ভিড আক্ৰান্তৰ মৃত্যু হৈ থাকিলেও মোদী চৰকাৰে প্ৰতিষেধকৰ গৱেষণা আৰু উৎপাদনৰ বাবে এতিয়ালৈকে এটকাও আৱণ্টন দিয়া নাই৷ সেই তথ্য মোদী চৰকাৰে অলপতে উচ্ছতম ন্যায়ালয়ক অৱগত কৰিছে৷ এই পৰ্যন্ত ভাৰতত যি প্ৰতিষেধক উৎপাদন হৈছে সেয়া বেচৰকাৰী কোম্পানীৰ ধনেৰেহে হৈছে৷ অৱশ্যে নূ্যনতম মূল্যত সেয়া চৰকাৰে ক্ৰয় কৰিছে৷ দেৱী শেঠীৰ মতে তেনে উৎপাদনকাৰী সংস্থাৰ সৈতে প্ৰতিষেধক উৎপাদনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৃথক চুক্তি কৰি আগধন দিলে কোম্পানীসমূহৰ উৎপাদন বাঢ়িব৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে  এতিয়ালৈকে তেনে কোনো পৰিকল্পনা কৰা নাই৷

কাশ্মীৰত টিকাকৰণ বন্ধ

প্ৰতিষেধকৰ যোগান নোহোৱাৰ বাবে জম্মু-কাশ্মীৰত ক’ভিডৰ টিকাকৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে৷ শনিবাৰে জম্মু-কাশ্মীৰত প্ৰতিষেধকৰ যোগান সম্পূৰ্ণৰূপে শেষ হৈ পৰাত কোনো জিলাতে টিকাকৰণ কৰা হোৱা নাই৷ আনকি ৰাজধানী শ্ৰীনগৰতো শনিবাৰৰ পৰা টিকাকৰণ বন্ধ হৈ আছে৷ চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷