Logo
image

মোদীয়ে ল’লে প্ৰতিশোধ

◾মমতাৰ ২ মন্ত্ৰীসহ ৪ নেতাক গ্ৰেপ্তাৰ

◾ক্ষুব্ধ মমতা বেনাৰ্জীৰ হুংকাৰঃ মোকো গ্ৰেপ্তাৰ কৰক চিবিআয়ে

আমাৰ অসম, ১৮ মেঃ নাৰদ উৎকোচ কাণ্ডৰ অভিযোগত পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ দুজন শীৰ্ষ মন্ত্ৰী ক্ৰমে– ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী আৰু তৃণমূলৰ বিধায়ক মদন মিত্ৰৰ উপৰি তৃণমূলৰ পৰা বিজেপিলৈ গৈয়ো সম্প্ৰতি নিষ্ক্ৰিয় হৈ থকা প্ৰাক্তন মন্ত্ৰী শোভন চেটাৰ্জীক সোমবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে৷ কোনো আগজাননী নিদিয়াকৈ আৰু বিধানসভাৰ অধ্যক্ষৰ পৰা সৌজন্যমূলক অনুমতিও নোলোৱাকৈ দুজনকৈ মন্ত্ৰী আৰু এজন বিধায়কক এনেদৰে গ্ৰেপ্তাৰ কৰাৰ ফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে এই গ্ৰেপ্তাৰৰ প্ৰতিবাদত পৰিস্থিতি উত্তাল কৰি তুলিছে৷ নাৰদ ভেটী কাণ্ডত গ্ৰেপ্তাৰ কৰা চাৰিওজন নেতাকে চিবিআয়ে তেওঁলোকৰ পশ্চিমবংগৰ কাৰ্যালয় নিজাম পেলেচলৈ লৈ যায়৷ গ্ৰেপ্তাৰৰ লগে লগে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী প্ৰথমে গৈ ফিৰহাদ হাকিমৰ চেতলাৰ বাসগৃহত উপস্থিত হয় আৰু তাৰ পৰাই পোনে পোনে নিজাম পেলেচলৈ গৈ চি বি আইৰ ওচৰত তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷ দিনৰ ১০-৪৫ বজাত নিজাম পেলেচত উপস্থিত হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিয়লি ৪-৪৫ বজালৈ তাতে থাকে৷ আদালতৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছতহে তেওঁ নিজাম পেলেচ এৰে৷ দীৰ্ঘ ৬ ঘণ্টা চিবিআইৰ ডি আই জিৰ কোঠাৰ সন্মুখত এখন চকীত বহি লৈ অৱস্থান ধৰ্মঘট কৰি থাকে মমতা বেনাৰ্জীয়ে৷ ইপিনে বাহিৰত তৃণমূলৰ সমৰ্থকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু নিজাম পেলেচত পহৰাৰত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীলৈ শিল-ইটা দলিয়াই পৰিস্থিতি উত্তাল কৰি তোলে৷ 

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত বিজেপি শোচনীয়ভাৱে পৰাজিত হোৱাৰ বাবে ৰাজনৈতিক প্ৰতিশোধ পূৰণ কৰিয়েই নৰেন্দ্ৰ মোদী চৰকাৰে ক’ভিডৰ কঠিন পৰিস্থিতিৰ মাজতে মমতা বেনাৰ্জী চৰকাৰক শলঠেকত পেলাবলৈ দুজনকৈ শীৰ্ষ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা বুলি  মোদী চৰকাৰৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উঠিছে৷ কিয়নো একে নাৰদ উৎকোচ কাণ্ডত অভিযুক্ত হৈ আছে বিজেপিৰ নেতা মুকুল ৰায় আৰু বিজেপি বিধায়ক শুভেন্দু অধিকাৰী৷ দীৰ্ঘদিনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মুকুল ৰায় বিজেপিৰ ৰাজ্যসভাৰ সদস্য হোৱাৰ উপৰি শেহতীয়া বিধানসভাৰ নিৰ্বাচনত বিধায়ক হিচাপেও নিৰ্বাচিত হৈছে৷ সাৰদা কেলেংকাৰিতো মুকুল ৰায় জড়িত আছিল৷ ইয়াৰ পৰা ৰেহাই পোৱাৰ বাবেই তেওঁ তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল৷ এতিয়া নাৰদ কেলেংকাৰিত ভেটী লোৱা অন্যান্য প্ৰাক্তন সতীৰ্থ গ্ৰেপ্তাৰ হ’লেও বিজেপিৰ সদস্য হোৱা বাবে মুকুল ৰায় গ্ৰেপ্তাৰৰ পৰা সাৰি যাবলৈ সক্ষম হৈছে৷ সম্প্ৰতি মুকুল ৰায় ক’ভিডক আক্ৰান্ত হৈ হোম আইছ’লেশ্বনত আছে আৰু তেওঁৰ পত্নী ক’ভিডত আক্ৰান্ত হৈ জটিল পৰিস্থিতিত চিকিৎসাধীন হৈ আছে৷ আনহাতে নিৰ্বাচনৰ কেইমানহমান পূৰ্বে বিজেপিত যোগদান কৰা শুভেন্দু অধিকাৰীয়ে নাৰদ কাণ্ডত উৎকোচ লোৱাৰ ভিডিঅ’ এসময়ত ফিৰহাদ হাকিম ইত্যাদিৰ সৈতে একেলগে সম্প্ৰচাৰ হৈছিল৷ তেওঁ সম্প্ৰতি বিজেপিত যোগদান কৰি নন্দীগ্ৰামৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে৷ শুভেন্দু বিজেপিৰ সদস্য হোৱাৰ বাবে চি বিআয়ে মুকুল ৰায়ৰ দৰে তেওঁৰ ওপৰতো হাত দিয়া নাই বুলি অভিযোগ উঠিছে৷ তৃণমূল কংগ্ৰেছে নাৰদ কাণ্ডত মুকুল ৰায় আৰু শুভেন্দু অধিকাৰীকো গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে৷ 

সোমবাৰে পুৱা ১০-৩০ বজাত হঠাতে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ এটা  বৃহৎ দল লৈ চি বি আই মন্ত্ৰী ফিৰহাদ হাকিমৰ বাসগৃহত উপস্থিত হয়৷ প্ৰায় একে সময়তে আন এটা দল উপস্থিত হয় জ্যেষ্ঠ মন্ত্ৰী সুব্ৰত মুখাৰ্জীৰ বাসভৱনত৷ দুয়োকে সোধা-পোছাৰ বাবে চিবিআইৰ কাৰ্যালয় থকা নিজাম পেলেচলৈ লৈ আহে৷ আনহাতে কামাৰহাটীৰ বিধায়ক মদন মিত্ৰক চিবিআয়ে নিজাম পেলেচলৈ আহিবলৈ নিৰ্দেশ দিয়ে৷ বিজেপিৰ আন এজন নেতা শোভন চেটাৰ্জীকো চি বি আইৰ এটা দলে তেওঁৰ বাসভৱনৰ পৰা নিজাম পেলেচলৈ লৈ আহে৷ চি বি আইৰ এই পদক্ষেপৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু তৃণমূলৰ সমৰ্থক নিজাম পেলেচৰ সন্মুখত সমৱেত হ’বলৈ আৰম্ভ কৰে৷ তেনে সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আহি নিজাম পেলেচত প্ৰৱেশ কৰে আৰু সন্মুখত সমৰ্থকৰ সংখ্যা আৰু প্ৰতিবাদৰ মাত্ৰা বাঢ়ি যায়৷ কিছুসময় পাছত চিবিআয়ে এই চাৰিজন ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰা বুলি জনাবলৈ বাধ্য হয়৷ আনহাতে মমতা বেনাৰ্জীয়ে তেওঁক গ্ৰেপ্তাৰ নকৰালৈকে নিজাম পেলেচ এৰি নাযায় বুলি তাতেই ধৰ্ণাত বহে৷ গ্ৰেপ্তাৰ কৰা চাৰিওজনকে চিবিআইৰ বেংকশাল বিশেষ আদালতত উপস্থিত কৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে যো-জা কৰিলেও আদালত চৌহদ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰে ভৰি থকাত আদালতে ভাৰ্চুৱেল শুনানিৰ আয়োজন কৰে৷ চাৰিওজন অভিযুক্তকে চিবিআইৰ বিশেষ¸ আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে৷ 

ইপিনে বিধানসভাৰ অধ্যক্ষৰ পৰা অনুমতি অবিহনে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত চিবিআয়ে এনেদৰে মমতা বেনাৰ্জী চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীক ৰাজ্য চৰকাৰক অন্ধকাৰত ৰাখি গ্ৰেপ্তাৰ কৰাত তৃণমূল কংগ্ৰেছ চৰকাৰে তীব্ৰ আপত্তি কৰিছে৷ তৃণমূলৰ তীব্ৰ আপত্তিৰ প্ৰত্যুত্তৰত চিবিআয়ে অৱশেষত জনায় যে এই মন্ত্ৰীদ্বয় আৰু বিধায়কক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা ৭মে’ত ৰাজ্যপালে তেওঁলোকক অনুমতি দিছিল৷ আনহাতে বিজেপিত যোগদান কৰিও নিৰ্বাচনৰ পূৰ্বৰ পৰা হঠাৎ নিষ্ক্ৰিয় হৈ পৰা শোভন চেটাৰ্জী এতিয়া বিধায়ক নহয়, সেয়ে তেওঁক গ্ৰেপ্তাৰত কোনো বাধা নাই৷ 

প্ৰসংগতঃ উল্লেখযোগ্য, ২০১৪ চনত তেতিয়াৰ তেহেলকা ডটকমৰ মেনেজিং এডিটৰ মেথিউ ছেমুৱেলে এটা ষ্টিং অপাৰেচন চলাইছিল৷ তেওঁৰ নাৰদ নামৰ নতুনকৈ প্ৰতিষ্ঠা কৰা সংবাদ সংস্থাটোৰ বাবে ডাঙৰ বাতৰিৰ প্ৰয়োজন হোৱাত এই ষ্টিং অপাৰেচন চলাইছিল৷ সেয়ে এই কেলেংকাৰিৰ নাম নাৰদ কেলেংকাৰি হিচাপে পৰিচিত হয়৷ এটা কোম্পানীৰ কাম পোৱাৰ বাবে সহায় কৰি দিয়াৰ বিনিময়ত ছেমুৱেলে পশ্চিমবংগৰ কেইবাজনো ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াক উৎকোচ প্ৰদান কৰিছিল৷ তেওঁলোক আছিল তেতিয়া তৃণমূল কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী৷ উৎকোচ প্ৰদান কৰা ঘটনাত গোপন কেমেৰাত বন্দী হোৱা নেতা কেইজন আছিল মুকুল ৰায়, সুব্ৰত মুখাৰ্জী, ফিৰহাদ হাকিম, মদম মিত্ৰ, চুলতান আহমেদ, শুভেন্দু অধিকাৰী, সৌগত ৰয়, কাকলি ঘোষ দস্তিদাৰ, শোভন চেটাৰ্জী, ইকবাল আহমেদ, প্ৰসূন বেনাৰ্জী, অপূৰ্বা পোড্ডাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া এম এইছ আহমেদ মিৰ্জা৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেথিউ ছেমুৱেলে এই ষ্টিং অপাৰেছনৰ ভিডিঅ’ মুকলি কৰিছিল৷ সেই লৈ তীব্ৰ হৈ-চৈৰ সৃষ্টি হ’লেও নিৰ্বাচনত তাৰ কোনো প্ৰভাৱ পৰা নাছিল৷ এই ষ্টিং অপাৰেছনত মুঠতে প্ৰথমে ২৫ লাখ আৰু পাছলৈ নেতা-মন্ত্ৰীৰ সংখ্যা বাঢ়ি যোৱাত মুঠতে ৮০ লাখ টকা বিনিয়োগ কৰা হৈছিল৷ ছেমুৱেলে এই টকা তৃণমূল কংগ্ৰেছ বিৰোধী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পৰা লাভ কৰিছিল৷ ষ্টিং অপাৰেছনত তেওঁ জোৰ কৰি এই ভেটীৰ ধন মন্ত্ৰীসকলক দিয়া দেখা গৈছিল৷ ঘটনাৰ বিষয়ে প্ৰকাশ পোৱাত প্ৰথমে তৃণমূল কংগ্ৰেছে ইয়াক অস্বীকাৰ কৰিলেও পাছত তেওঁলোকে বিভিন্ন সংস্থাৰবাবে দান হিচাপে এই টকা লোৱা বুলি স্বীকাৰ কৰে৷ পৰৱৰ্তী সময়ত এই গোচৰ চি বি আইৰ হাতত দিবলৈ বিজেপিয়ে আদালতত আবেদন জনায় আৰু আদালতে নাৰদকাণ্ডৰ গোচৰ চিবিআইৰ হাতত অৰ্পণ কৰে৷ তেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰে এই নাৰদ উৎকোচ কাণ্ডৰ গোচৰটো মমতা বেনাৰ্জীৰ চৰকাৰক শলঠেকত পেলাবলৈ ব্যৱহাৰ কৰি আছে৷ এতিয়াও সদ্য সমাপ্ত নিৰ্বাচনত পৰাজিত হোৱাৰ পোতক তোলাৰ বাবে প্ৰতিশোধ লৈ চি বি আইৰ জৰিয়তে ক’ভিডৰ কঠিন পৰিস্থিতিৰ মাজতে মমতা বেনাৰ্জী চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীক মোদী চৰকাৰে গ্ৰেপ্তাৰ কৰোৱাৰ অভিযোগ দৃঢ় হৈছে৷