Logo
image

কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰধান ‘টাৰ্গেট’ কণমানি

◾উত্তৰাখণ্ডত এমাহতে আক্ৰান্ত ৩ সহস্ৰাধিক শিশু

আমাৰ অসম, ১৮ মেঃ দেশত এতিয়া ক’ভিড অতিমাৰীৰ দ্বিতীয় ঢৌ চলি থাকিলেও চিকিৎসা বিশেষজ্ঞ মহলে ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰিছে৷ আনকি কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্টে তৃতীয় ঢৌত শিশুৰ ওপৰত প্ৰভাৱ পেলোৱাৰো আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞমহলে৷ ইতিপূৰ্বে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰে বৰ্তমানৰ দ্বিতীয় ঢৌত কম বয়সীয়া লোক অধিক সংক্ৰমিত হোৱাৰ কথা স্বীকাৰ কৰিছে৷ উত্তৰাখণ্ডত মাত্ৰ ১০ দিনতে ৯ বছৰৰ তলৰ ১,০০০ শিশুৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত বিগত এমাহত প্ৰায় ৩,০০০ শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ বিগত পহিলা এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ মাত্ৰ ২৬৪ টি শিশু ক’ভিডত আক্ৰান্ত হৈছিল৷ কিন্তু ১৬-৩০ এপ্ৰিললৈ ৰাজ্যখনত নতুনকৈ ১,০৫৩ জন শিশুৰ দেহত পজিটিভ ধৰা পৰে৷ আনহাতে চলিত মে’ মাহৰ ১৪টা দিনতে ১,৬১৮ টি শিশু ক’ভিডত আক্ৰান্ত হোৱাত ৰাজ্যখনৰ চিকিৎসকসকলক চিন্তিত কৰি তুলিছে৷ উত্তৰাখণ্ডই নহয় দেশৰ আন আন ৰাজ্যসমূহতো ক্ৰমাৎ শিশুৰ দেহত ক’ভিড পজিটিভৰ হাৰ বৃদ্ধি পাইছে৷ এনে সময়তে দেশৰ প্ৰখ্যাত চিকিৎসা বিশেষজ্ঞ তথা উচ্ছতম ন্যায়ালয়ে গঠন কৰা ক’ভিড টাস্ক ফ’ৰ্চৰ অন্যতম সদস্য ডাঃ দেৱী শেট্টীয়ে ক’ভিডৰ তৃতীয় ঢৌত শিশুৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে৷ এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে অভিভাৱক তথা শিশুৰ পিতৃ-মাতৃক শীঘ্ৰে ভেকচিন দিবলৈ চৰকাৰক পৰামৰ্শ দিছে বিশেষজ্ঞ চিকিৎসকজনে৷ ডাঃ শেট্টীয়ে লগতে কয় যে ইতিমধ্যে ক’ভিড আক্ৰান্ত অসুস্থ শিশুৰ চিকিৎসা সেৱাৰ বাবে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ প্ৰখ্যাত চিকিৎসক দেবী শেট্টীয়ে নিজকে অতিমাৰী বিশেষজ্ঞ নহয় বুলি দাবী কৰি কেনেবাকৈ শিশুৰ সংক্ৰমণ হাৰ বৃদ্ধি পালে ৰক্ষা পোৱাত চৰকাৰৰ বাবে প্ৰত্যাহ্বান হ’ব বুলিও সকীয়াই দিছে৷ তেওঁ লগতে কয়–কৰ’না ভাইৰাছে এতিয়া সঘন ৰূপ সলনি কৰিছে আৰু চাৰিওফালে ছানি ধৰিছে৷ ক’ভিডৰ প্ৰথম ঢৌত কেৱল জ্যেষ্ঠ তথা প্ৰাপ্ত বয়স্ক লোকসকলহে বেছিকৈ আক্ৰান্ত হৈছিল৷ অৱশ্যে বৰ্তমানৰ ঢৌত সংক্ৰমণে অনেক বিস্তাৰ লাভ কৰিছে৷ যাৰ বাবে তৃতীয় ঢৌ আহিলে শিশুৰ ওপৰত প্ৰভাৱ পৰা আশংকা অধিক বুলিও ডাঃ শেট্টীয়ে মন্তব্য কৰিছে৷ ইয়াৰ অন্যতম কাৰণ হৈছে দেশৰ অধিকাংশ বয়স্ক লোক ক’ভিডত আক্ৰান্ত হৈ দেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে৷ যাৰ বাবে নতুনকৈ শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক৷ অৱশ্যে ১২ বছৰ বয়সৰ তলৰ শিশু অধিক হাৰত আক্ৰান্ত হ’ব পাৰে৷ বিশেষকৈ অভিভাৱকৰ দেহৰ পৰাই সন্তান সংক্ৰমিত হোৱাৰ আশংকা অধিক৷ সেয়ে শিশুৰ অভিভাৱক সকলক তাৎক্ষণিকভাৱে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ যাতে তুলনামূলকভাৱে শিশুৰ ওপৰত সংক্ৰমণৰ হাৰ হ্ৰাস কৰিব পাৰি৷ ডাঃ শেট্টীয়ে লগতে ৭০ হাজাৰ কোটি টকা ব্যয় কৰি চৰকাৰৰ বাবে সকলো নাগৰিককে ভেকচিন প্ৰদান অসম্ভৱ নহয় বুলিও মন্তব্য কৰিছে৷