Logo
image

দেশত একেদিনাই ৫০জন ডাক্তৰৰ মৃত্যু

ক’ভিডত এইপৰ্যন্ত ৯৭৪ ডাক্তৰৰ প্ৰাণহানি

আমাৰ অসম, ১৮ মেঃ ক’ভিডে এতিয়া যেন সমগ্ৰ ভাৰতকে মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে৷ দেশত দৈনিক ৩ লাখকৈ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ হাজাৰকৈ ৰোগীৰ মৃত্যু হৈছে৷ ক’ভিড ৰোগীয়ে হাস্পতালৰ এখন বিচনা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইপিনে আই চি ইউ আৰু অক্সিজেনৰ অভাৱত তিল-তিলকৈ মৃত্যু হৈছে শ শ ৰোগীৰ৷ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়েও ৰোগীক পৰিচৰ্যা কৰি ভাগৰি পৰিছে৷ ইয়াৰ মাজতে একাংশ ৰোগী তথা ৰোগীৰ অভিভাৱকে চিকিৎসক-নাৰ্ছে চিকিৎসা প্ৰদানত গাফিলতি কৰাৰো অভিযোগ কৰিছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বন চমুকৈ আই এম আৰে প্ৰকাশ কৰা এক তথ্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷ আই এম আৰৰ তথ্য অনুসৰি, ক’ভিডৰ দ্বিতীয় ঢৌত সন্মুখৰ পৰা যুঁজ দি মৃত্যুক আকোৱালি লৈছে ২৪৪ জন চিকিৎসকে৷ আনকি মাত্ৰ এটা দিনতে দেশত ৫০ জনকৈ চিকিৎসক-বিশেষজ্ঞই ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ ত্যাগ কৰিছে৷ ২৫ বছৰীয়া কনিষ্ঠ চিকিৎসকৰ পৰা আৰম্ভ কৰি ৯০ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপকলৈ ক’ভিডত ওচৰত যুঁজি যুঁজি হাৰ মানিছে৷ মৃত্যু হোৱা অধিকাংশ চিকিৎসকৰে বয়স ৫০ ঊধবৰ্ৰ৷ দেশৰ ভিতৰত বিহাৰত সৰ্বাধিক ৬৯জন চিকিৎসকৰ মৃত্যু হৈছে৷ বিহাৰৰ পাছতেই উত্তৰাখণ্ডত ৩৩ জন আৰু দিল্লীত ২৬ জন চিকিৎসকৰ কৰ’নাই প্ৰাণ কাঢ়ি নিছে৷ অসমতো কাল কৰ’নাত কেইবাজনো চিকিৎসকৰ মৃত্যু হৈছে৷ বিগত বৰ্ষৰ ক’ভিডৰ প্ৰথমটো ঢৌত দেশত প্ৰায় ৭৩০জন চিকিৎসকৰ প্ৰাণ হানি হৈছিল৷ সৰ্বভাৰতীয় চিকিৎসক সংগঠনটোৰ তথ্য মতে এতিয়ালৈ ক’ভিডত দেশত ৯৭৪ জন চিকিৎসকৰ মৃত্যু হৈছে৷