Logo
image

যুদ্ধ এতিয়াই শেষ নহয়

আমাৰ অসম, ১৯ মেঃ যোৱা সোমবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ সামৰণিৰ উমঘামেই নাই৷ বৰং ইজৰাইলে যুদ্ধ বিমানেৰে বোমাবৰ্ষণ কৰি  আৰু ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰি পেলেষ্টাইনৰ ওপৰত প্ৰৱল আক্ৰমণ কৰিছে৷ সোমবাৰৰ আক্ৰমণৰ পেলেষ্টাইনৰ গাজাত কমেও ২৩জন অসামৰিক লোকৰ মৃত্যু হৈছে৷ বিশ্ব সম্প্ৰদায়ে এই যুদ্ধ বন্ধ কৰাৰ বাবে আপ্ৰান প্ৰয়াস চেষ্টা চলাইছে৷  দেওবাৰে ৰাষ্ট্ৰসংঘৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয় আৰু এই যুদ্ধৰ সামৰণিৰ বাবে উভয় পক্ষক আহ্বান জনায়৷ পিছে ৰাষ্ট্ৰসংঘৰ এই আহ্বান বিশ্বসম্প্ৰদায়ৰ আহ্বানলৈ কেৰেপ নকৰি  ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে, চয়-নিচয় নোহোৱালৈকে তেওঁলোকে পেলেষ্টাইনৰ ওপৰত চলাই থকা আক্ৰমণ বন্ধ নকৰে৷ পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠন হামাছক শেষ কৰাৰ পাছতহে আক্ৰমণ বন্ধ কৰিব বুলি প্ৰধান মন্ত্ৰীয়ে হুংকাৰ দিছে৷ তেওঁ কৈছে যে, এই আক্ৰমণ হামাছে আৰম্ভ কৰিছিল আৰু ইজৰাইলে শেষ কৰিব৷ ইজৰাইলৰ আক্ৰমণ তেতিয়াই শেষ হ’ব, যেতিয়া পেলেষ্টাইনৰ দিশৰ পৰা আৰু ক্ষেপনাস্ত্ৰ ইজৰাইললৈ উৰি অহা বন্ধ হ’ব, অৰ্থাৎ  হামাছ শেষ হ’ব৷ 

যোৱা সোমবাৰে প্ৰথমে পেলেষ্টাইনৰ হামাছ সংগঠনে ইজৰাইলৰ উদ্দেশ্যি শতাধিক ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছিল৷ পিছে ইজৰাইলে অতি শক্তিশালী আকাশ সুৰক্ষা ব্যৱস্থা আইৰন ড’মৰ জৰিয়তে ক্ষেপনাস্ত্ৰসমূহৰ বেছিভাগৰেই অভিমুখ আকাশতে ঘুৰাই দিয়ে আৰু বাকীবোৰ আকাশতে ধবংস কৰে৷ এই পৰ্যন্ত ইজৰাইল-পেলেষ্টাইনৰ এই যুদ্ধত প্ৰায় ২০০জন লোকৰ প্ৰাণহানি হৈছে৷ পেলেষ্টাইনৰ ১৪৯জন অসামৰিক লোকৰ ইজৰাইলৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত মৃত্যু হৈছে৷ ইয়াৰে ৩০গৰাকী মহিলা আৰু ১০ শিশু৷ ইজৰাইলৰ পক্ষৰ ১০জন অসামৰিক লোকৰ মৃত্যু হৈছে৷