Logo
image

দিনে কোটি টকা ভাৰা দি নিৰ্জন দ্বীপত অৱসৰ বিনোদন মেলিণ্ডা গেটছৰ

আমাৰ অসম, ১৯ মেঃ বিশ্বৰ আটাইতকৈ বৰ্ণাঢ্য ব্যক্তি বিল গেটছৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত নিজৰ পছন্দৰ মতে দিন অতিবাহিত কৰিছে মেলিণ্ডা গেটছে৷ বিচ্ছেদৰ পাছত পাপাৰাজ্জিৰ পৰা বহু দূৰৈত সাগৰৰ মাজৰ এটা নিৰ্জন দ্বীপত সময় কটাইছে মেলিণ্ডাই৷ কেৰিবিয়ানৰ গ্ৰেণ্ডাৰ অন্তৰ্গত এটি সৰু দ্বীপত দিন অতিবাহিত কৰিছে বিল গেটছৰ প্ৰাক্তন পত্নীয়ে৷ লগত নিছে নিজৰ তিনি সন্তানক৷ সম্প্ৰতি এই দ্বীপতে কিছুদিন তেওঁ সময় অতিবাহিত কৰিব, যিমান দিনলৈ বিবাহ বিচ্ছেদৰ বিষয়সমূহ সমাধান নহয়৷ কেলিভিগনি নামৰ এই দ্বীপটোৰ ভাৰা শুনিলে আপোনাৰ চকু কপালত উঠিব৷ এই দ্বীপত যি  ৰিজ’ৰ্ট আছে তাত অন্তৰ্ভুক্ত হৈছে ২০টা ঘৰ৷ বাথৰূম আছে ১০টা৷ তদুপৰি ছুইমিং পুল, খেলাৰ স্থান আছে৷ এই দ্বীপত থকাৰ বাবে প্ৰতিদিনে ভাৰা ভাৰতীয় মূল্যত ৯৬ লাখ ৬১ হাজাৰোধিক টকা৷