Logo
image

ৰিভলভাৰ দেখুৱাই দৰাক কইনাৰ কাষৰ পৰা উঠাই লৈ গ’ল যুৱতীয়ে

আমাৰ অসম, ১৯ মেঃ ঠিক যেন এখন ছবিৰ দৃশ্য৷ বিয়া ঘৰত তেতিয়া হোম-যজ্ঞ চলিছিল, পুৰোহিতে মন্ত্ৰোৎচ্ছাৰণ আৰম্ভ কৰিছিল৷ এনে সময়তে ৰভাৰ সন্মুখত দ্ৰুত বেগেৰে আহি ৰয় এখন এছ ইউ ভি গাড়ী৷ হাতত উদ্যত ৰিভলভাৰ লৈ নামি আহে এগৰাকী যুৱতী৷ লগত দুজন যুৱক৷ যুৱতী গৰাকীয়ে পোনে পোনে আহি হোমৰ গুৰিত কইনাৰ সৈতে বহি থকা দৰাৰ কঁপালত ৰিভলভাৰ লগাই দিয়ে৷ আৰু ‘এই বিয়া হ’ব নোৱাৰে’ বুলি চিঞৰি চিঞৰি কৈ দৰাক ডিঙিত ধৰি কইনাৰ কাষৰ পৰা উঠাই নি মুহূৰ্ততে ৰভাথলী এৰে৷ এই ঘটনা উত্তৰ প্ৰদেশৰ৷ যোৱা মঙলবাৰে উত্তৰ প্ৰদেশৰ এখন গাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো৷ জানিব পৰামতে ৰিভলভাৰ দেখুওৱা ২৫ বছৰীয়া যুৱতী গৰাকী বিয়াত বহা অশোক যাদৱ নামৰ যুৱকজনৰ সৈতে প্ৰেম সূত্ৰে কেইমাহমান পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল৷ কিন্তু যুৱকৰ পৰিয়ালে এই বিয়া মানি নোলোৱাত মঙলবাৰে নিশা নতুনকৈ আন এজনী যুৱতীৰ সৈতে সামাজিকভাৱে বিয়াত বহে অশোক নামৰ যুৱকজনে৷ এই খবৰ পাই পূৰ্বৰ প্ৰেমিকা তথা বিবাহপাশত আৱদ্ধ হোৱা যুৱতীগৰাকীয়ে ৰিভলভাৰ দেখুৱাই যুৱকজনক কইনাৰ কাষৰ পৰা উঠাই নিয়ে৷