অদ্ভূত উৎসৱ! পূৰ্বপুৰুষৰ লাওখোলাক চিগাৰেট খুৱাই পূজা কৰে এটা জনগোষ্ঠীয়ে
আমাৰ অসম, ১৯ মেঃ বিচিত্ৰ পৃথিৱীখনত আছে বিচিত্ৰ সংস্কৃতিৰ জনগোষ্ঠী৷ এনে জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰ পৰা চলি অহা ধৰ্মীয় বিশ্বাস আজিৰ আধুনিক যুগতো ত্যাগ কৰিব পৰা নাই৷ বলিভিয়াত এটা জনগোষ্ঠী আছে, যিটো জনগোষ্ঠীৰ লোকসকলে প্ৰতি বছৰে এটা বিশেষ দিনত বংশৰ পূৰ্বপুৰুষৰ লাওখোলা সংগ্ৰহ কৰি আনি বিভিন্ন ৰঙৰ ফুলেৰে সজাই তোলে৷ তদুপৰি লাওখোলাৰ মুখত গুজি দিয়ে জ্বলন্ত চিগাৰেট৷ বিগত প্ৰায় এহাজাৰ বছৰ ধৰি জনগোষ্ঠীটোৱে পালন কৰি অহা এই বিশেষ দিনৰ উৎসৱটোক কোৱা হয় ‘ফিয়েস্তা দে লাছ নাতিতাচ’৷ ইয়াৰ ‘নাতিতাচ’ শব্দটোৰ অৰ্থ হৈছে লাওখোলা৷ এই উৎসৱৰ দিনা জনগোষ্ঠীটোৰ লোকসকলে নতুন পোছাক পৰিধান কৰে৷ ‘নাতিতাচ’ বা লাওখোলাসমূহ সজাই-পৰাই তোলাৰ পাছত এজন বিশেষ পুৰোহিতৰ দ্বাৰা পূজা-অৰ্চনা কৰা হয়৷ ইয়াৰ পাছত সকলোৱে মিলি নাচ-গান কৰি সুৰা আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ গ্ৰহণ কৰে৷ বলিভিয়াত এই অদ্ভূত উৎসৱ প্ৰতি বছৰে উদ্যাপন কৰা জনগোষ্ঠীটো দেশখনত ‘আয়মাৰা’ জনগোষ্ঠী বুলি পৰিচিত৷