Logo
image

ইমান পঢ়া-শুনা কৰি পুলিচহে হ’লা!

 ‘তুমি বোপাই খুব টান পৰীক্ষা এটা পাছ কৰিলা হেনো! মানুহে কোৱা-কুই কৰা শুনিছোঁ৷ বাতৰিকাকততো সেইদিনা পঢ়িলোঁ৷ বৰ ডাঙৰ চাকৰি হ’ব বোলে৷ কি চাকৰিনো?’ –২০০৪ চনত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কলাবাৰীৰ ঘৰলৈ আহোঁতে এদিন বাটতে লগ পাই এজন শিক্ষিত জনা-বুজা লোকে মোক সুধিলে৷

–‘খুৰা, পৰীক্ষাটোৰ ফলাফলত মোৰ যি স্থান, সেই অনুসৰি আই পি এছ পাম বুলি ভাবিছোঁ’ –মই উৎসাহেৰে ক’লোঁ৷

– ‘উৱা, ইমান পঢ়া-শুনা কৰি মূৰকত এতিয়া পুলিচহে হ’লাঁগৈ’ –গাঁও সম্পৰ্কীয় খুৰাই অলপ আশ্চৰ্য আৰু তাচ্ছিল্যৰ সুৰত কথাখিনি কৈ আকৌ বাট ল’লে৷ ময়ো তেওঁৰ কথাত বেছি গুৰুত্ব নিদি নিজৰ কামত আগবাঢ়িলোঁ৷

২০০৪ চনৰ ৬ ছেপ্টেম্বৰত বুনিয়াদী পাঠ্যক্ৰমৰ [foundation course] কাৰণে উত্তৰাখণ্ডৰ মুছৌৰীত থকা লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীলৈ যাওঁ৷ মনটো উগুল-থুগুল৷ গৰ্ব, উৎসুকতা, লক্ষ্যপ্ৰাপ্তিৰ আনন্দৰ এক মিশ্ৰিত অনুভূতি৷ কলাবাৰীৰ মিকিৰ বৰা চুকৰ পৰা গুৱাহাটীৰ কটন কলেজ, দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজ আৰু দিল্লী বিশ্ববিদ্যালয় হৈ মুছৌৰীত পদাৰ্পণ৷ সপোন দিঠক হ’ল৷ এতিয়া অন্য এক যাত্ৰাৰ আৰম্ভণি৷ সৰ্বভাৰতীয় বিভিন্ন সেৱাৰ বাবে বাছনিপ্ৰাপ্ত প্ৰায় তিনিশ যুৱক-যুৱতীৰ লগত একেলগে নিৰ্ধাৰিত সময়ত বুনিয়াদী পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পাছত সেই বছৰৰে ২৬ ডিচেম্বৰৰ পৰা হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত ভাৰতীয় আৰক্ষী সেৱাৰ বুনিয়াদী প্ৰশিক্ষণ৷ এয়াই মোৰ আৰক্ষী জীৱনৰ আৰম্ভণি৷

আমাৰ পৰিয়ালত প্ৰথম পুলিচ ময়েই৷ পৰিয়ালততো নাই নায়েই, তেতিয়ালৈকে মই কোনো পুলিচৰ নিকট সংস্পৰ্শলৈকো অহা নাই৷ গতিকে পুলিচ চাকৰিৰ কোনো পূৰ্বধাৰণা তেতিয়ালৈকে নাই৷ দৰ্জীয়ে খাকী পোছাকযোৰ আনি দিয়াৰ প্ৰথমদিনা ৰূমত পোছাকযোৰ পিন্ধি, মূৰত নীলা টুপীটো লগাই আইনাৰ সন্মুখত থিয় হৈ বাৰে বাৰে নিজক চাইছিলোঁ৷ আইনাত নিজকে চাই পিছে বেয়া লগা নাছিল৷ দেখিবলৈ স্মাৰ্ট লাগিলেও খাকী পোছাকযোৰত আৰম্ভণিতে ইমান সহজ হ’ব পৰা নাছিলোঁ৷ প্ৰশিক্ষণ আগবঢ়াৰ লগে লগে কেতিয়ানো খাকী পোছাকযোৰ মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল, গমেই নাপালোঁ৷ হায়দৰাবাদত এবছৰীয়া এক সুপৰিকল্পিত, কষ্টসাধ্য অথচ বিজ্ঞানসন্মত শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণৰ অন্তত দিল্লী আৰু ছিকিমত বৃত্তিগত অভিজ্ঞতা আহৰণ কৰি ২০০৭ চনত অসমলৈ আহোঁ৷ কাৰ্বি আংলং, ডিব্ৰুগড়, তিনিচুকীয়া, কৰিমগঞ্জ , কাছাৰ, ধুবুৰী আৰু গুৱাহাটীত পুলিচৰ বিভিন্ন দায়িত্বত কাম কৰাৰ পাছত বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত৷

আজি পিছলৈ ঘূৰি চাই ভাবিছোঁ পাৰ কৰি অহা প্ৰায় ষোল্ল বছৰীয়া চাকৰি জীৱনত এতিয়ালৈকে কি পালোঁ, কি দেখিলোঁ আৰু কি দিলোঁ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মৌখিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁতে বাছি উলিওৱা সম্ভাৱ্য প্ৰশ্নসমূহৰ ভিতৰত এটা আছিল– ‘মই কিয় সৰ্বভাৰতীয় অসামৰিক সেৱাত যোগদান কৰিব বিচাৰোঁ’৷ উত্তৰটো সাজু কৰিছিলোঁ এনেদৰে– ‘সৰ্বভাৰতীয় অসামৰিক সেৱাই দেশক আৰু সমাজক সেৱা আগবঢ়োৱাৰ এটা সুযোগ মোক দিব আৰু লগতে বৃত্তিগত দিশত মোক আত্মসন্তুষ্টি দিব৷’ আজি ঘূৰি চাই উপলব্ধি কৰিছোঁ যে সেই উত্তৰটো ভুল নাছিল৷ পুলিচ হোৱাৰ পাছত দেখিলোঁ দেশ, সমাজ আৰু ৰাইজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কি এক উত্তম উপায় এইটো বৃত্তিয়ে দিয়ে৷ যদি আন্তৰিকতা, কৰ্তব্যনিষ্ঠা, দায়িত্ববোধ, সততা আৰু সহানুভূতিৰে ভৰপূৰ এখন হৃদয় থাকে, তেনেহ’লে পুলিচ হ’ল আৰ্তজনৰ মুখত হাঁহি বিৰিঙোৱাৰ এক বৃত্তি৷ ইয়াৰ পৰা পোৱা আত্মসন্তুষ্টি তুলনাবিহীন৷ সেয়া তিনিচুকীয়াৰ চাহ বাগিচাৰ অপহৃত মালিকক অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ মুহূৰ্তৰ সন্তুষ্টিয়েই হওক বা একমাত্ৰ পুত্ৰই কাৰো অনুগ্ৰহ নোহোৱাকৈ কেৱল নিজৰ দক্ষতাৰ বলত পুলিচৰ চাকৰিটো পাওঁতে গুঁইজানৰ সেই দুখীয়া বিধৱা মাতৃৰ মুখত ফুটি উঠা কৃতজ্ঞ তাৰ ভাব দেখি হোৱা মনৰ উপলব্ধিয়েই হওক বা একমাত্ৰ পুত্ৰৰ নৃশংস হত্যাকাৰীক শিলচৰ থানালৈ কৰায়ত্ত কৰি আনোতে বৃদ্ধ পিতৃ-মাতৃৰ চলচলীয়া চকু দেখি হোৱা আৱেগেই হওক৷

ডাক্তৰ বা পুলিচৰ ওচৰলৈ মানুহ বিপদত পৰিহে উপায় বিচাৰি আহে, আনন্দত নাহে৷ আৰু সেই মুহূৰ্তত আমাৰ পুলিচৰ দায়িত্ব আৰু কৰ্তব্য হ’ল সমস্যাটোৰ বুজ লোৱা আৰু আইনগতভাৱে সহায় আগবঢ়োৱা৷ আমাৰ মাজৰ যিকেইজনে এই উপলব্ধি কৰিব পাৰিছে, তেৱেঁই ৰাইজৰ শলাগ বুটলিছে আৰু যিসকলে হৃদয়হীন হৈ দায়িত্ব আৰু কৰ্তব্যৰ ফালে পিঠি দি নিজৰ স্বাৰ্থ সিদ্ধিত লাগিছে, সেইসকলেই পুলিচৰ এটা নেতিবাচক ছবি ৰাইজৰ মাজত তুলি ধৰিছে৷

বাহিৰৰ পৰা চালে পুলিচৰ চাকৰি খুব আৰামৰ আৰু লাভজনক যেন লাগে৷ সমাজৰ বেছিভাগ লোকৰেই চাগৈ এনে মনোভাব পুলিচ চাকৰিটোৰ বিষয়ে৷ কিন্তু দিন-ৰাতি একাকাৰ কৰি, আহাৰ- নিদ্ৰা-ভয় আওকাণ কৰি, উৎসৱ-পাৰ্বণত পৰিয়াল-স্বজনৰ পৰা আঁতৰি, কেৱল চাকৰিটোৰ আৰু মাহিলী দৰমহাটোৰ খাতিৰত কৰ্তব্য সম্পাদন কৰি থকা পুলিচ কনিষ্টবল বা বিষয়াজনক যি ওচৰৰ পৰা দেখিছে বা জানিছে, তেওঁহে বুজি পাব পুলিচৰ আৰাম আৰু লাভ৷ কৰ’না অতিমাৰীৰ বিভীষিকাৰ মাজত নিজৰ জীৱনৰ প্ৰতি ভয়-সংশয় অতিক্ৰমী আৰ্তজনৰ ওচৰত সহায়ৰ বাবে উপস্থিত হোৱা পুলিচকেইটাক দেখিলেহে উপলব্ধি হ’ব পুলিচৰ কৰ্তব্যনিষ্ঠা৷ মই দেখিছোঁ ওচৰৰ পৰা আৰু সেই কাৰণেই উপলব্ধি কৰিছোঁ যে আমাৰ সমাজখন এতিয়াও ইমান অসুৰক্ষিত নহয়, যিমান কোৱা হয়৷

পুলিচৰ এটা নেতিবাচক প্ৰতিচ্ছবি সততে বিভিন্ন মাধ্যমত অংকন কৰা হয়– বলীউডৰ চিনেমাতেই হওক বা বাতৰিকাকতৰ শিৰোনামতে হওক বা বিভিন্ন আলোচনাতে হওক৷ ই এটা ফেশ্বন হৈ পৰিছে৷ পুলিচ মানেই নিৰ্দয়, দুৰ্দান্ত, দুৰ্নীতিপৰায়ণ আৰু সকলো বেয়া গুণৰ সমষ্টি৷ সমাজৰ গৰিষ্ঠসংখ্যক লোকৰেই বোধহয় পুলিচ বুলি ক’লে এনেকুৱা এটা ধাৰণা ওপজে৷ অৱশ্যে ইয়াৰ কাৰণ নোহোৱাও নহয়৷ হয়, এনেকুৱা পুলিচো আছে যি সকলো বেয়া গুণেৰে বিভূষিত৷ কিন্তু আমি জানো ইয়াক সৰলীকৰণ কৰিব পাৰোঁ ? কেৱল পুলিচৰ মাজতেই এই বেয়া গুণবোৰ আছেনে? পুলিচৰূপী লোককেইজনো একেখন সমাজৰে সৃষ্ট নহয় জানো? আমেৰিকা যুক্তৰাজ্যৰ ৰাজনীতিবিদ আৰু প্ৰাক্তন মহাধিবক্তা ৰবাৰ্ট এফ কেনেডীয়ে কৈছিল– ‘Every society gets the kind of criminal it deserves. What is equally true is that every community gets the kind of law enforcement it insists on.’ কথাষাৰ ভাবিবলগীয়া৷ পুলিচক সমাজৰ পৰা পৃথক কৰি চোৱাটো সমীচীন হ’ব জানো?

ভাৰতীয় পুলিচৰ ইতিহাস বিচাৰিলে দেখা যায় ভাৰতত সংহত ৰূপত পুলিচ ব্যৱস্থাৰ সৃষ্টি কৰিছিল ঔপনিৱেশিক ব্ৰিটিছ শাসক গোষ্ঠীয়ে দমন নীতিৰে ইংৰাজ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ইংৰাজৰ অধীন ভাৰতীয় পুলিচ আছিল দেশবাসীৰ চকুত দেশদ্ৰোহী৷ ‘খাকী’ আছিল দমন নীতিৰ প্ৰতীক৷ দেশ স্বাধীন হ’ল, গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ল৷ কিন্তু ব্ৰিটিছে এৰি থৈ যোৱা পুলিচ ব্যৱস্থাৰ বিশেষ পৰিৱৰ্তন নহ’ল৷ সংস্কাৰ হৈছে যদিও এতিয়াও বহুত কৰণীয় আছে৷ পুলিচ ব্যৱস্থাটো হ’ল ৰাষ্ট্ৰযন্ত্ৰৰ এটা উল্লেখযোগ্য অংগ৷ আইনত পুলিচক যথেষ্ট স্বতন্ত্ৰ ক্ষমতা দিয়া হৈছে৷ লগতে পুলিচৰ এটা ‘nuisance value’ আছে৷ গতিকে পুলিচ ব্যৱস্থাটোক সম্পূৰ্ণ স্বতন্ত্ৰ কৰিলে ভালতকৈ বেয়া হোৱাৰেই সম্ভাৱনা অধিক৷ গণতান্ত্ৰিক দেশ এখনত যিধৰণে সংস্কাৰ কৰিলে ৰাইজ আৰু সমাজ উপকৃত হ’ব, যথোচিত ‘checks and balance’ৰ মাধ্যমেৰে বৰ্তমান পুলিচ ব্যৱস্থাৰ সংস্কাৰৰ অতিকে প্ৰয়োজন৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই আমেৰিকান পুলিচৰ এখন সন্মিলন সম্বোধি কৈছিল– ‘We ask the police to do too much, and we ask too little of ourselves’৷ কথাটো নোহোৱা নহয়৷ জনসংখ্যাৰ তুলনাত নগণ্যসংখ্যক পুলিচ৷ তাতে আকৌ কোনোবাজন উচ্ছশিক্ষিত, কোনোবাজন মেট্ৰিকৰ ডেওনা চুঁচৰি-বাগৰি পাৰ হোৱা আৰু কোনোবাজনে নিজৰ নামটোহে কেনেবাকৈ লিখিব জানে, কিন্তু চাকৰি পোৱাৰ সময়ত প্ৰমাণপত্ৰ দিছিল অষ্টম শ্ৰেণী উত্তীৰ্ণ বুলি৷ এনেধৰণৰ পৃথক পৃথক শিক্ষাগত আৰু গুণগত মানৰ সদস্যৰে গঠিত এটা ব্যৱস্থাৰ প্ৰতিজন সদস্যৰ পৰা একেধৰণৰ ব্যৱহাৰ বা কৰ্তব্যৰ সম-সম্পাদন আশা কৰিব পাৰি জানো? মনস্তত্ত্বত নেতিবাচক প্ৰভাৱ পেলোৱা চোৰ, ডকাইত, হত্যা, ধৰ্ষণ, লুণ্ঠন, মৃত্যু, মাৰপিট, সংঘৰ্ষ আদিৰ দৰে কিছুমান বিষয়বস্তুৰ লগত সকলো সময়তে জড়িত হৈ ৰ’দ-বৰষুণ, গৰম-ঠাণ্ডা, দিন-ৰাতিৰ অৱস্থিতিক অনুধাৱন নকৰাকৈ ২৪ ঘণ্টাই কৰ্তব্যৰ পাছত দৌৰি থকা এজন লোকে সকলো সময়তে মোলায়েম ব্যৱহাৰ কৰাটো জানো সম্ভৱ? প্ৰচলিত সমাজ ব্যৱস্থাৰে সৃষ্ট এজন লোক পুলিচৰ পোছাকযোৰ পিন্ধিলে বুলিয়েই গুণী, জ্ঞানী, সাহসী, ভদ্ৰ, আইনজ্ঞ , সৎ, নিৰ্ভীক, নিঃস্বাৰ্থ হ’ব পাৰে জানো? বা আমি তেনেকৈ আশা কৰাটো জানো সমীচীন? ইংৰাজীত এষাৰ কথা আছে– ‘Too many disahpointments are usually a sign of too many expectations’৷ বোধহয় পুলিচৰ পৰা সামৰ্থ্যাধিক আশা কৰাৰ ফলতেই ৰাইজ আশাহত হৈছে৷

কথাই কথাই পুলিচ বেয়া বুলি কোৱাৰ পাছতো যেতিয়াই কিবা বিপদ হয়, তেতিয়া সহায় বিচাৰি আকৌ পুলিচৰ কাষেই চাপে৷ পুলিচ বুলি হেয়’জ্ঞান কৰা বহুতেই আকৌ পুলিচ নহ’লে এখোজো আগুৱাব নোৱাৰে৷ যদিও পুলিচৰ বিধিগত দায়িত্বৰ ভিতৰত নপৰে, তথাপি বহুসময়ত সংশ্লিষ্ট বিভাগসমূহৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে এনেকুৱা বহুতো বিষয়ত শেষত পুলিচেই ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহে৷ আনে নকৰা কাম আমাৰ এক্তিয়াৰৰ ভিতৰত নপৰিলেও আমি কৰিব লাগিব৷ কাৰণ আমি যে পুলিচ৷ তথাপি পুলিচ বেয়া!

সমাজত এনেকুৱা এটা ধাৰণা প্ৰচলন হৈছে যেন সমাজৰ পৰা সমুদাই দোষ-ক্ৰুটি, অপৰাধ আদি দূৰ কৰাটো কেৱল পুলিচৰে দায়িত্ব৷ পুলিচৰ অকৰ্মণ্যতাৰ বাবেই যেন সকলো সমস্যা হৈছে৷ বাকী ৰাইজৰ যেন কোনো দায়িত্বই নাই৷ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত নহ’বলৈ পিন্ধিবলৈ কোৱা হেলমেটটোও যেন পুলিচ দেখিলেহে পিন্ধিব লাগে৷ যৌতুক বিচাৰি বোৱাৰীয়েকক শহুৰ-শাহু-গিৰীয়েকে কৰা অত্যাচাৰো যেন পুলিচ বেয়া কাৰণেহে হ’ল৷ মাক-বাপেকৰ অজ্ঞাতে সন্তানে ড্ৰাগ্‌ছ আসক্ত হোৱাৰ মূলতো যেন পুলিচেই৷ সমাজখনক শুদ্ধ পথত নিয়াৰ কাৰণে ৰাইজৰ দায়িত্ব সঁচাকৈ নাই নেকি? ‘Every citizen is a policeman without uniform and every policeman is a citizen in uniform’৷ পুলিচ আৰু নাগৰিকক পৃথক কৰি চোৱাটো ভুল হ’ব৷

ছাৰ ৰবাৰ্ট পীল আছিল গ্ৰেট ব্ৰিটেইনৰ দুটা কাৰ্যকালৰ বাবে গৃহ সচিব আৰু দুটা কাৰ্যকালৰ বাবে প্ৰধান মন্ত্ৰী৷ তেওঁক আধুনিক ব্ৰিটিছ পুলিচৰ জনক বুলি অভিহিত কৰা হয়৷ তেওঁ ১৮২৯ চনত লণ্ডনত ‘মেট্ৰ’পলিটান পুলিচ’ৰ প্ৰৱৰ্তন কৰিছিল৷ ছাৰ ৰবাৰ্ট পীলে গণতান্ত্ৰিক পুলিচ ব্যৱস্থাৰ বাবে নটা নীতি মানি চলাৰ পৰামৰ্শ দিছিল, যি নীতি আজিও বিশ্বৰ আধুনিক গণতান্ত্ৰিক দেশসমূহত পুলিচ ব্যৱস্থাৰ সফলতাৰ মূল উপাদান বুলি মানি লোৱা হয়৷ ছাৰ পীলৰ সপ্তম নীতিটো আছিল– ‘The police are the public and the public are the police;  the police being only the members of the public who are paid to give full-time attention to duties which are incumbent on every citizen in the interest of community welfare and existence’৷ বোধহয় আমাৰ সমাজৰ আজিৰ পৰিস্থিতিত ছাৰ পীলৰ এই নীতিৰ প্ৰাসংগিকতা সৰ্বাধিক৷

পুলিচ বুলিলেই দুৰ্নীতিপৰায়ণ বুলি ভবা এটা মানসিকতা সমাজত গঢ় লৈ উঠিছে৷ হয়, দুৰ্নীতিপৰায়ণ পুলিচ আছে৷ দুৰ্দান্ত, অভদ্ৰ, দয়া-মমতাহীন, অসংবেদনশীল, স্বাৰ্থপৰ পুলিচো আছে৷ কিন্তু এনেকুৱা নেতিবাচক মানসিকতাৰ ব্যক্তি কেৱল পুলিচতেই আছেনে? ৰাজনীতিক, আমোলা, ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, অধ্যাপক, সাংবাদিক, চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত খণ্ডৰ চাকৰিয়াল, ব্যৱসায়ী এইসকলৰ মাজত এনেকুৱা নিকৃষ্ট মানসিকতাৰ লোক নাই বুলি আমি ডাঠি ক’ব পাৰিমনে? সমাজ মানেই ভাল-বেয়া দুয়োটা গুণৰেই সমষ্টি৷ যদি বেয়াৰ পৰিমাণ বেছি হয়, তেতিয়া সমাজ অধঃপতনে যায়৷ ভালখিনি বেছি থাকিলে সমাজ চলি থাকে৷

দুৰ্নীতিৰ শিপা সমাজৰ প্ৰতিটো স্তৰতে ইমান গভীৰভাৱে সোমাইছে যে আমাৰ ভৱিষ্যতৰ বিষয়ে আমি সন্দিহান হৈ পৰিছোঁ৷ ভোগসৰ্বস্ব আৰু আধুনিক বাণিজ্যিক মানসিকতাই আমাক আগুৰি ধৰিছে৷ বিভিন্ন ক্ষেত্ৰত হতাশা-নিৰাশাই ব্যক্তি মানসিকতাত ক্ৰিয়া কৰিছে৷ সেই কাৰণেই ৰাজপথত সৰু এটা দুৰ্ঘটনাৰ আলম লৈ গাড়ী এখনজ্ব লাই দিবলৈ, সৰু কথাতে আইন হাতত তুলি ল’বলৈ ৰাইজে কুণ্ঠাবোধ নকৰে৷ সন্দেহতে মৰিয়াই মৰিয়াই মানুহক হত্যা কৰি কিছু কিছু লোকে আসুৰিক তৃপ্তি পায়৷ আৰু এনেধৰণৰ ব্যক্তিৰে ভৰি থকা সেই সমাজখনৰ পৰাই কিছু লোক আহি পুলিচো হৈছে৷ গতিকে ফলাফল কি হ’ব সেয়া সহজেই অনুমেয়৷ এইবিলাক বিষয় সমাজতাত্ত্বিকসকলে অধ্যয়ন কৰি প্ৰতিকাৰৰ উপায় দিব লাগিব৷ আৰু যদি প্ৰতিকাৰ নহয়, তেনেহ’লে অতি সোনকালে আমি অৰাজকতাৰ দিশে গতি কৰিম৷ আমেৰিকান ধৰ্মীয় নেতা, প্ৰাক্তন অধিবক্তা তথা খ্ৰীষ্টিয়ান ছাৰ্চ বিষয়ৰ পণ্ডিত ডেভিড ত’দ্‌ খ্ৰীষ্টফাৰছনে কৈছিল– ‘Policemen and laws can never replace customs, traditions and moral values as a means for regulating human behaviour. At best, the police and criminal justice system are the last desperate line of defense for a civilized society. Our increased reliance on laws to regulate behaviour is a measure of how uncivilized we’ve become’৷ সঁচাকৈয়ে আমি আকৌ আদিম যুগলৈ উভতিব ধৰিছোঁ নেকি বাৰু!

বহুত দেখিলোঁ৷ পুলিচৰ সততা, সাহস, ত্যাগ, কৰ্তব্যনিষ্ঠা৷ দুৰ্নীতি, অভদ্ৰামী, স্বাৰ্থপৰতা, দুমুখীয়া চৰিত্ৰ, বৌদ্ধিক ভণ্ডামি৷ কিন্তু এতিয়াও মই আশাবাদী৷ কাৰণ এতিয়াও পুলিচত ‘ভাল’ৰ পৰিমাণ সংখ্যালঘিষ্ঠ হোৱা নাই৷ এতিয়াও পুলিচত সেই ডেকা ছাব্‌-ইন্সপেক্টৰ প্ৰাঞ্জল শইকীয়া বা ভাস্কৰ কলিতাৰ নিচিনা বা মৃদুভাষী ইন্সপেক্টৰ লোহিত সোণোৱালৰ নিচিনা দুৰ্দান্ত সাহসী, হৃদয়ৱান, সংবেদনশীল হাজাৰজন আছে যি সমাজৰ হিতৰ বাবে আত্মবলিদান দিবলৈও প্ৰস্তুত৷ মহাত্মা গান্ধীয়ে কৈছিল– ‘You must not lose faith in humanity. Humanity is an ocean; if a few drops of the ocean are dirty, the ocean does not become dirty.’

আজি আকৌ সেই গাঁৱৰ খুৰাজনৰ কথা হঠাৎ মনত পৰিল৷ এৰা, অতসোপা পঢ়া-শুনা কৰি মূৰকত পুলিচহে হ’লোঁ৷ আক্ষেপ কিন্তু নাই৷ এতিয়াও দেখোন মোৰ পঞ্চ ইন্দ্ৰিয়ই ঠিকেই কাম কৰি আছে৷ এতিয়াও দেখোন আৰ্তজনৰ দুখ দেখিলে অন্তৰ উথলি উঠে৷ তাৰ মানে ‘পুলিচ’ হোৱাৰ পাছতো এতিয়াও ‘মানুহ’ হৈয়েই আছোঁ৷ এনেকুৱা হাজাৰজন ‘মানুহ’ অসম আৰক্ষীত লগ পাইছোঁ৷ আজি ১ অক্টোবৰৰ দিনটোত ‘অসম আৰক্ষী দিৱস’ উপলক্ষে অসম আৰক্ষী পৰিয়ালৰ সকলো সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে অসমৰ সমূহ ৰাইজলৈ প্ৰণিপাত জনাইছোঁ৷


[লেখক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া৷ মতামত একান্ত ব্যক্তিগত] ফোনঃ ৯৪৩৫৫-২৮৮৮০