Logo
image

আঞ্চলিক শক্তি এক হওক

... বিজেপিক বিদায় দি চৰকাৰ গঠন কৰাটো এতিয়া আৰু এটা মসৃণ পথ পৰিক্ৰমা নহয়৷ এনে এটা জটিল সময়ত অকল দল গঠনৰ প্ৰচেষ্টাতে যদি সময় ব্যয় কৰা হয়, সংগঠন সুদৃঢ় কৰিব কেতিয়া? নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাব কেতিয়া? এতিয়া জাতীয়তাবাদী নেতাসকলৰ সন্মুখত দুটা পথ আছে– ঐক্যবদ্ধ হৈ এটা আপোচবিহীন আঞ্চলিক ৰাজনৈতিক শক্তি সৃষ্টি কৰি সাম্প্ৰদায়িক ফেচিবাদ মষিমূৰ কৰা, অন্যথা আকৌ অযোগ্যসকলৰ দ্বাৰা শাসিত হ’বলৈ মানসিকভাৱে নিজকে প্ৰস্তুত কৰা  ...

কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ অন্তত ৰাইজে পৰিৱৰ্তনৰ কামনাৰে বিজেপিক ৰাজপাটত বহুৱাইছিল৷ ৰাজপাট পোৱাৰ আগতে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই পৰিৱৰ্তনৰ বহু সপোন অসমৰ ৰাইজক দেখুৱাইছিল আৰু  বিজেপিৰ সাম্প্ৰদায়িক নীতি আৰু লক্ষ্যৰ প্ৰতি দৃষ্টিপাত নকৰাকৈ তেওঁলোকৰ বহুবল্কী ভাষণত ভোল গৈ শাসনৰ গাদী চমজাই দিছিল৷ অৱশ্যে এই গোটেই প্ৰক্ৰিয়াটোত জাতীয় নায়কৰ উপস্থিতিয়ে ৰাইজৰ মনত বিশ্বাস আৰু আশাৰ সঞ্চাৰ কৰিছিল৷ তাৰ পৰৱৰ্তী ঘটনা-পৰিঘটনাসমূহৰ বৰ্ণনা নিষ্প্ৰয়োজন৷ অসমৰ ৰাইজৰ চিন্তা-চেতনা বিজেপিৰ চূড়ান্ত বিশ্বাসঘাতকতাৰ ফলত পুনৰ আঞ্চলিকতাবাদী হ’বলৈ আৰম্ভ কৰিলে৷ জাতীয়তাবাদী জাতীয় নায়কৰ ৰাষ্ট্ৰীয় দলৰ কবলত পৰি হোৱা …লন দেখি ৰাইজে অসমত আঞ্চলিক ৰাজনৈতিক শক্তিৰ বিকল্প যে নাই, সেই সত্য পুনৰ অনুধাৱন কৰিছে৷ অগপই চাৰি বছৰে বিজেপিৰ লগত সহবাস কৰাৰ অন্তত ৰাইজে এতিয়া ৰাজ্যত আঞ্চলিকতাবাদৰ ধবজা বহন কৰিবলগীয়া অগপৰ অস্তিত্ব বিচাৰি নোপোৱা হ’ল৷ গতিকে অৱধাৰিতভাৱে আকৌ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে  আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাম উচ্ছাৰিত হ’ল৷ বৰ্তমান অসমত দল-সংগঠনৰ অভাৱ নাই যদিও প্ৰবল সোঁত আৰু চাকনৈয়াক প্ৰতিহত কৰি সুকলমে নাওখন চলাই নিবলৈ হ’লে প্ৰধান গুৰিয়ালৰ আসনত বহিবই লাগিব আছু আৰু কৃষক মুক্তি৷ 

যিহেতু ‘আছু’এ দশকৰ পাছত দশক ধৰি মধ্যবিত্ত অসমীয়াসকলক প্ৰতিনিধিত্ব কৰি আহিছে; তাৰ বিপৰীতে শ্ৰেণী সংগ্ৰামত বিশ্বাসী কৃষক মুক্তিয়ে অসমৰ নিষ্পেষিত আৰু নিপীড়িত এটা বৃহৎ চামক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ এটা কথা অৱশ্যে নুই কৰিব নোৱাৰি যে ‘সদৌ অসম ছাত্ৰ সন্থা’ নামটোৰ সৈতে যি আৱেগ জড়িত হৈ আছে, সেই আৱেগে অসমৰ বৃহৎসংখ্যক লোকৰ মনত ক্ৰিয়া কৰে৷ কিন্তু আছুৰ জাতীয়তাবাদ বৰ্তমান সীমাবদ্ধ হৈ ৰৈছে মধ্যবিত্ত শ্ৰেণীটোৰ মাজত৷ নিজৰ ব্যক্তিগত ক্ষতি নোহোৱাকৈ অথবা আন্দোলন, প্ৰতিবাদৰ নামত বৰ বিশেষ কষ্ট নকৰাকৈ জাতীয়তাবাদৰ শ্লোগান দিব বিচাৰে এই শ্ৰেণীটোৱে৷ অৱশ্যে ইয়াত আচৰিত হ’বলগীয়া একো নাই, মধ্যবিত্তসকলৰ আত্মকেন্দ্ৰিক চৰিত্ৰ যুগে যুগে একেই আছে৷ গতিকে আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত সংগঠিত ‘অসম জাতীয় পৰিষদ’এ একমাত্ৰ মধ্যবিত্ত শ্ৰেণীটোৰ মাজত জাতীয়তাবাদৰ শ্লোগান আওৰাই দিছপুৰ দখল কৰিব বিচৰা পৰিকল্পনা বাস্তৱসন্মত নহয়৷ তাৰ বিপৰীতে কৃষক মুক্তিৰ প্ৰগতিশীল আদৰ্শই বৰ্তমান অসমত বহুসংখ্যক লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ যদিও তেওঁলোকে আছুৰ দৰে আৱেগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু শ্ৰেণী সংগ্ৰামৰ জৰিয়তে বৃহৎসংখ্যক ৰাইজৰ মাজত [যুৱচামৰো বৃহৎসংখ্যক জড়িত হৈছে] প্ৰগতিশীল আদৰ্শৰে জাতীয়তাবাদী ভাবাদৰ্শ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ কিন্তু কৃষক মুক্তিৰ প্ৰতি আকৃষ্ট লোকসকলো বিজেপিৰ চৰকাৰ ওফৰাব পৰাকৈ যথেষ্ট নহয়৷ গতিকে বৰ্তমান পৰিস্থিতিত আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হ’ল জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি এটা প্ৰতীক গ্ৰহণ কৰি একেটা জাপিৰ তলত অৱস্থান কৰাটো৷ অৱশ্যে এখন পতাকা আৰু একেটা প্ৰতীক গ্ৰহণ কৰাৰ জটিলতা আছে, তাৰেই প্ৰতিফলন ঘটিছে কৃষক মুক্তিৰ শেহতীয়া দল গঠনৰ কুছকাৱাজত৷ ‘অসম প্ৰথম, চিৰদিন আৰু সদায়’ শীৰ্ষক মন্ত্ৰ আওৰাই অসম জাতীয় পৰিষদ গঠনৰ পাছত আকৌ কৃষক মুক্তিয়ে যদি নতুন আঞ্চলিক দলৰ জন্ম দি সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হয়, তেতিয়া এই পৃথকীকৰণৰ ফলত যে বিজেপি আটাইতকৈ লাভৱান হ’ব, সেয়া ধুৰুপ৷ পৃথক দল গঠন হ’লেও ঐক্যবদ্ধ হ’ব নোৱৰাৰ কোনো যুক্তি নাই৷ সাংগঠনিক আদৰ্শসমূহৰ স্বকীয়তা বজাই ৰাখি আৰু নিজস্ব পতাকাৰ প্ৰমূল্যবোধ বৰ্তাই ৰাখিও বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া কৰ্ম আঁচনি আৰু এজেণ্ডা গ্ৰহণ কৰি এজেপি আৰু কৃষক মুক্তিৰ দলে এটা উমৈহতীয়া প্ৰতীক গ্ৰহণ কৰিব পাৰে; তাৰ ফলত এটা দলৰ আদৰ্শ আন এটা দলত জাহ যোৱাৰো কোনো সম্ভাৱনা নাথাকিব; যিহেতু দুয়োটা দলৰ পতাকা সুকীয়া হৈ ৰ’ব৷ জাতীয় পৰিষদ গঠন হোৱাৰ ফলত শাসকীয় দলৰ মজিয়াত যি চাপৰ সৃষ্টি হৈছে, তাৰ ইম্পেক্ট দেখা গৈছে শাসকীয় দলৰ প্ৰভাৱশালী মন্ত্ৰী আৰু নেতাৰ বক্তব্যত৷ তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্য আৰু টিপ্পনীসমূহে ইতিমধ্যে পৰোক্ষভাৱে হ’লেও জাতীয় পৰিষদৰ প্ৰচাৰ কৰিছে৷ গতিকে ‘এজেপি’য়ে কৃষক মুক্তিক একেটা ছাতিৰ তলত সুমুৱাই ল’লে সেই ইম্পেক্ট আৰু অধিক বৃদ্ধি পাব৷ তদুপৰি নৱগঠিত এজেপিয়ে বিজেপিৰ ‘বি’ টীম হিচাপে কাম কৰা বুলি যি অপপ্ৰচাৰৰ সন্মুখীন হৈছে, কৃষক মুক্তিৰ লগত ঐক্যবদ্ধ হ’লে তেওঁলোকে নি(য় কিছু পৰিমাণে হ’লেও এই অপপ্ৰচাৰৰ পৰা হাত সাৰিব পাৰিব৷ তদুপৰি অসমৰ প্ৰায় ৩৪ শতাংশ পমুৱা মুছলমানৰ ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা আঞ্চলিকতাবাদী শক্তিলৈ অনাটো অতি গুৰুত্বপূৰ্ণ৷ ৰাজনৈতিকভাৱে সচেতন পমুৱা মুছলমানসকলৰ মাজত কৃষক মুক্তিৰ প্ৰভাৱ আছুতকৈ সবল৷ গতিকে এই বৃহৎসংখ্যক ভোটাৰক নৱ অংকুৰিত শক্তিৰ লগত একত্ৰিত কৰাব নোৱাৰিলে নিৰ্দিষ্টসংখ্যক ভোট বিভাজিত কৰাৰ বাহিৰে অন্য বিকল্প নাথাকিব৷ যিহেতু আছুৱে গঠন কৰা পৰামৰ্শ প্ৰদানকাৰী সমিতিয়েও পমুৱা মুছলমান আৰু জনজাতিসকলক বিশ্বাস দিব পৰাকৈ আৰু তেওঁলোকৰ আস্থা লাভ কৰিব পৰাকৈ কাৰ্যাৱলী গ্ৰহণ কৰাৰ উপদেশ দিছে৷ 

অসমত আৰু মাত্ৰ কেইটামান মাহৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ক’ভিডৰ বাবে নানা প্ৰতিবন্ধকতা আছে আৰু বিজেপিৰ নিৰ্বাচনী টোপ নিতৌ বৃদ্ধি হৈ আছে৷ গতিকে বিজেপিক বিদায় দি চৰকাৰ গঠন কৰাটো এতিয়া আৰু এটা মসৃণ পথ পৰিক্ৰমা নহয়৷ এনে এটা জটিল সময়ত অকল দল গঠনৰ প্ৰচেষ্টাতে যদি সময় ব্যয় কৰা হয়, সংগঠন সুদৃঢ় কৰিব কেতিয়া? নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাব কেতিয়া? এতিয়া জাতীয়তাবাদী নেতাসকলৰ সন্মুখত দুটা পথ আছে– ঐক্যবদ্ধ হৈ এটা আপোচবিহীন আঞ্চলিক ৰাজনৈতিক শক্তি সৃষ্টি কৰি সাম্প্ৰদায়িক ফেচিবাদ মষিমূৰ কৰা, অন্যথা আকৌ অযোগ্যসকলৰ দ্বাৰা শাসিত হ’বলৈ মানসিকভাৱে নিজকে প্ৰস্তুত কৰা৷ প্ৰধানতঃ এজেপি আৰু কৃষক মুক্তিয়ে ঐক্যবদ্ধ হৈ অন্য সৰু-বৰ সকলো দলক একেটা ছাতিৰ তললৈ আনিব নোৱাৰিলে আপোচবিহীন আঞ্চলিকতাবাদৰ কথাটো ৰাইজৰ মনত অন্ধই গাখীৰৰ জটিল ভাঁজ অনুধাৱন কৰি শংকিত হৈ পৰাৰ দৰে হ’ব৷ বিজেডি, আম আদমি পাৰ্টী, টি আৰ এছ আদি আঞ্চলিক দলে যদি নিজ নিজ ৰাজ্যত বিজেপিক প্ৰতিহত কৰিব পাৰিছে, জাতীয় সত্তা জীয়াই ৰখাৰ স্বাৰ্থত অসমত জাতীয়তাবাদী নেতৃত্ব একগোট হ’ব নোৱৰাৰ কাৰণ নিশ্চয় নাই৷