Logo
image

৩৩ ফুটলৈকে উৰি আহে কৰ’না ভাইৰাছ

আমাৰ অসম, ২১ মেঃ বতাহত ১০ মিটাৰ অৰ্থাৎ প্ৰায় ৩৩ ফুট দূৰত্বলৈ বিয়পে কৰ’না ভাইৰাছ৷ এই সতৰ্কবাণী আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা সমিতিয়ে৷ কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিখনে বতাহত হ’ব পৰা কৰ’নাৰ সংক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় সেই বিষয়ে এলানি গাইডলাইনো প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনে উল্লেখ কৰা মতে, বতাহত ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণাৰ জৰিয়তে ১০ মিটাৰ দূৰত্বলৈ বিয়পে কৰ’না ভাইৰাছ৷ অৰ্থাৎ সংক্ৰমণৰ উৎসৰ পৰা ভাইৰাছবিধ বতাহত ১০ মিটাৰলৈ ভাঁহি থাকে৷ এনে অৱস্থাত ১০ মিটাৰ  বা প্ৰায় ৩৩ ফুট এলেকাৰ ভিতৰত থকা লোকৰ দেহত সহজেই সংক্ৰমণ ঘটে কৰ’না ভাইৰাছৰ৷ বিশেষজ্ঞ সমিতিখনৰ মতে কৰ’নাত আক্ৰান্ত কোনো লোকৰ কাহ বা হাচিৰ জৰিয়তে ওলোৱা কৰ’না ভাইৰাছৰ জলকণা বতাহত থকা সূক্ষ্ম জলকণাৰ জৰিয়তে বহুদূৰলৈ বিয়পিব পাৰে৷ তদুপৰি এনে জলকণাৰ জৰিয়তে কৰ’না ভাইৰাছ নাক বা মুখেৰে আনৰ শৰীৰত প্ৰৱেশ কৰে৷ গৱেষকৰ মতে, ভিৰ বা বন্ধ কোঠাৰ ভিতৰত যদি পাৰস্পৰিক দূৰত্ব ৬ ফুটতকৈ কম থাকে তেন্তে ভাইৰাছবিধৰ সংক্ৰমণৰ আশংকা প্ৰৱল৷ সেয়ে  এই ক্ষেত্ৰত সকলোকে সচেতন আৰু সাৱধান হোৱাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে৷ বতাহত কৰ’না ভাইৰাছৰ জলকণা বা এৰ’ছল কিমান দূৰলৈ বিয়পিব পাৰে বা কিমান সময়লৈ ই তিষ্ঠি থাকে সেই বিষয়েও বিশেষজ্ঞ সমিতিখনে উল্লেখ কৰিছে৷ এই ক্ষেত্ৰত বতাহৰ গতি, দিশ, আদ্ৰৰ্তা আৰু জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে বুলি কোৱা হৈছে৷ বিশেষজ্ঞসকলৰ মতে ডাঙৰ  জলকণাসমূহ মধ্যাকৰ্ষণ শক্তিৰ বাবে বতাহত বেছি সময় তিষ্ঠি থাকিব নোৱাৰে৷ অলপ সময়ৰ পাছতে ই খহি পৰে৷ সেয়ে কাহ বা হাচিৰ বাবে সৃষ্টি হোৱা ‘ড্ৰপলেট’ৰ জৰিয়তে ভাইৰাছবিধ বহু দূৰলৈ বিয়পিব পাৰে বুলি কৰা ধাৰণা ভুল৷ বৰঞ্চ ইয়াৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণা বা এৰ’ছল, যাৰ ব্যাস প্ত মাইক্ৰণৰ ওচৰা-ওচৰি তেনে জলকণাৰ জৰিয়তে ভাইৰাছবিধ বতাহত বহু দূৰলৈ বিয়পি পৰে৷ শেহতীয়া এলানি পৰীক্ষাত দেখা গৈছে যে, হাচি বা কাহতকৈ গান গালে বা চিঞৰি কথা ক’লে মুখেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণা অধিক নিৰ্গত হয়৷ এনে জলকণাসমূহৰ জৰিয়তে ভাইৰাছবিধ বতাহত  সহজেই বিয়পি পৰে৷ তদুপৰি কঠিন পদাৰ্থৰ ওপৰত ভাইৰাছবিধ দীৰ্ঘসময় তিষ্ঠি থাকিবলৈ সক্ষম হয়৷ সেই পদাৰ্থ যদি মসৃণ হয় তেন্তে ইয়াৰ জীৱনকাল বেছি হয়৷ এই ক্ষেত্ৰত দৰ্জাৰ হেণ্ডেল, চিৰি, শ্বুইটছ, চকী-মেজ বা অন্যান্য আচবাব, হাস্পতালৰ মজিয়া, বিছনাৰ ফ্ৰেম আদিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ এনে ক্ষেত্ৰত বতাহত ভাঁহি থকা কৰ’না ভাইৰাছৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জলকণাৰ পৰা নিজক ৰক্ষা কৰিবলৈ ফেচ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা, ভিৰত ফেচ শ্বিল্ড বা ফেচক’ভাৰ পৰিধান কৰাৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা সমিতিখনে৷ তদুপৰি পাৰস্পৰিক দূৰত্ব বজাই ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনাইছে সমিতিখনে৷ বিশেষজ্ঞ সমিতিখনে লগতে প্ৰয়োজনবোধে ডাবল মাস্কিং অৰ্থাৎ একেলগে দুখন মাস্ক পৰিধান কৰাৰ  কথা উল্লেখ কৰিছে৷ এই ক্ষেত্ৰত প্ৰথমতে ছাৰ্জিকেল মাস্ক আৰু তাৰ ওপৰত কাপোৰৰ মাস্ক পিন্ধাৰ আহ্বান জনাইছে৷ আনহাতে মুক্ত স্থানৰ বিপৰীতে বন্ধ কোঠালিত ভাইৰাছবিধৰ সংক্ৰমণৰ আশংকা অধিক বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে৷ বন্ধ কোঠালি আৰু গাড়ীৰ ভিতৰত এ চি ব্যৱহাৰ কৰিলেও সংক্ৰমণৰ আশংকা বৃদ্ধি পায় বুলি কোৱা হৈছে৷