Logo
image

বয়োজ্যেষ্ঠক মৰ্যাদা দিয়ক

২৪ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছিল যে বয়োজ্যেষ্ঠসকলে যাতে নিঃসংগতা অনুভৱ নকৰি মৰ্যাদা আৰু সন্মানসহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে অসম চৰকাৰে বহু ফলপ্ৰসূ আঁচনি হাতত লৈছে৷ মুখ্যমন্ত্ৰীক আমি বিনম্ৰভাৱে জনাব বিচাৰিছোঁ যে জ্যেষ্ঠ নাগৰিকসকলক মৰ্যাদা আৰু সন্মানসহকাৰে জীয়াই থকাৰ বাবে কোনো ফলপ্ৰসূ আঁচনি নতুনকৈ হাতত লোৱাৰ প্ৰয়োজন নাই৷ ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যিক নীতি-২০১৬ত উল্লেখিত দফাসমূহ কাৰ্যকৰী কৰিলেই হ’ল৷ 

ৰাষ্ট্ৰসংঘই জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ কাৰণে পাঁচসূত্ৰীয় নীতি ঘোষণা কৰি ৰাষ্ট্ৰসংঘৰ অধীনৰ ১৯৩খন সদস্য ৰাষ্ট্ৰৰ সকলোকে জ্যেষ্ঠ নাগৰিকৰ স্বাধীনতা, মানসিক শান্তি, পাৰিবাৰিক নিৰাপত্তা আৰু মৰ্যাদাসহকাৰে জীয়াই থকাৰ অধিকাৰ সম্পৰ্কে দায়িত্ব পালনৰ বাবে ১৯৯১ চনৰ ১৬ ডিচেম্বৰত দিয়া পৰামৰ্শৰ আধাৰতেই আমাৰ দেশতো কেন্দ্ৰীয় চৰকাৰে ১৯৯৯ চনত এখন আইনৰ দ্বাৰা ৰাজ্য চৰকাৰক নিজাকৈ নীতি নিৰ্ধাৰণ কৰাৰ আৱেদন জনাইছিল৷ দেশৰ প্ৰায়বিলাক ৰাজ্যই সেই পৰামৰ্শৰ ভিত্তিত নীতি নিৰ্ধাৰণ কৰি জ্যেষ্ঠ নাগৰিকক মৰ্যাদাসহকাৰে বাস কৰাৰ ব্যৱস্থা কৰিলে যদিও অসম চৰকাৰে পোন্ধৰ বছৰে ৰাষ্ট্ৰীয় আইনখন পেলাই থৈ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নিৰন্তৰ হেঁচাত ২০ মে’ ২০১৬ত ৰাষ্ট্ৰীয় কল্যাণমূলক আঁচনিৰ বহু আৱশ্যকীয় অংশ বাদ দি ‘অসম ৰাজ্যিক নীতি ২০১৬’ প্ৰকাশ কৰিলে৷ কিন্তু সংশ্লিষ্ট বিষয়া-কৰ্মতাৰীৰ আস্থা-দায়িত্বৰ অভাৱে সামান্যতম কামতো আজি প্ৰায় পাঁচ বছৰেও আগবাঢ়িব পৰা নাই৷ 

কেন্দ্ৰীয় চৰকাৰে ৰে’ল আৰু উৰাজাহাজৰ ভাৰা জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত কিছু ৰেহাইৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ উপৰি আয়কৰ ৰেহাই, জমাধনৰ সুতৰ হাৰ বৃদ্ধি আদি কাম কৰি আছে৷ অসম ৰাজ্যিক পৰিবহণ নিগমেও ২০১৫ চনৰ ২৭ জানুৱাৰীত দিয়া নিৰ্দেশ নং ASTC.১৪৩৬/১৪/১০৭৮যোগে ঘোষণা কৰি নিগমৰ বাছৰ উপৰি নিগমৰ অধীনত থকা বাছসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱাকৈ জ্যেষ্ঠ নাগৰিকক ভাৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছিল৷ নিগম কতৃৰ্পক্ষই তেওঁলোকৰ অধীনত চলা বাছসমূহে এই নিৰ্দেশৰ ভিত্তিত এটকাও ৰেহাই দিয়াৰ তথ্য দিব পৰা নাই যদিও নিগমৰ দ্বাৰা বৰ্তমানে জ্যেষ্ঠ নাগৰিকক বাতানুকূল বাছত ৰেহাই দিয়াৰ ব্যৱস্থা ৰদ কৰি সাধাৰণ বাছতো মাত্ৰ চাৰিজন জ্যেষ্ঠ নাগৰিকৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি সন্মিলনৰ শাখাসমূহৰ সদস্যসকলে জানিবলৈ দিছে৷ 

এই নীতিৰ আধাৰতে ২০১৮ চনৰ ২১ মে’ত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনি ঘোষণা কৰি কণা হাঁহক পতান দিয়াৰ দৰে মাহিলী মাত্ৰ দুশ পঞ্চাছ টকা দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে হাতত লয়৷ সন্মিলনৰ পৰা মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী, সমাজ কল্যাণ মন্ত্ৰীক তাৎক্ষণিকভাৱে দুশ পঞ্চাছ টকাৰ পৰিৱৰ্তে কমেও পোন্ধৰশ টকা পেন্সনৰ ব্যৱস্থা কৰিবলৈ আৱেদন জনোৱা হৈছিল যদিও আজিপৰ্যন্ত এই পৰিমাণ বৃদ্ধি কৰাৰ পদক্ষেপ লোৱা নহ’ল৷

জ্যেষ্ঠ নাগৰিকসকলৰ ভিতৰত এনেকুৱা বহুলোক আছে যি অৰ্জিত অভিজ্ঞতাখিনি এতিয়াও বিলাই দিব পৰাকৈ সুস্থ৷ সুস্থ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকক চৰকাৰৰ সৰু-বৰ কামৰ লগতে বাছসমূহৰ টিকট পৰীক্ষণৰ কামতো সামান্য মাননীৰে নিয়োগ কৰিলে চৰকাৰৰ কাম-কাজ নিয়াৰিকৈ চলাত সুবিধা হয়৷

নীতিখনৰ ২নং দফা অনুসৰি ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়তে জেৰিয়াট্ৰিক চিকিৎসাৰ সুব্যৱস্থা কৰা প্ৰয়োজন৷ ২০১৫ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৩০খন বিছনাযুক্ত আঞ্চলিক জেৰিয়াট্ৰিক সেৱাকেন্দ্ৰ আৰম্ভ কৰা হ’ল যদিও তাত কেৱল ‘মেডিচিন’ বিভাগৰহে চিকিৎসা কৰা হৈছে৷ তাতো উপযুক্ত মানৱ সম্পদৰ অভাৱ৷ নীতিখনৰ ৩নং দফাত বাৰ্ধক্যৰ সমস্যা, জ্যেষ্ঠজনক জনাবলগীয়া সন্মান আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়পৰ্যন্ত শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে বুলি সন্মিলনে  সোঁৱৰাই দিয়াৰ পাছতো ব্যৱস্থা হাতত লোৱা চকুত পৰা নাই৷ II দফাত কোৱা হৈছে যে জ্যেষ্ঠ নাগৰিকৰ কাৰণে থকা আঁচনি আৰু সেৱাসমূহ ৰূপায়ণ কৰিবলৈ শক্তিশালী স্বতন্তৰীয়া ব্যৱস্থাপনাৰে ৰাজ্যসমূহত চৰকাৰে সুকীয়াকৈ এটা সঞ্চালকালয় স্থাপন কৰিব লাগে, যাতে বিভাগসমূহৰ লগত সমন্বয় আৰু যোগসূত্ৰ ৰাখি এক লক্ষ্য অভিমুখে সমস্ত প্ৰয়াসক আগবঢ়াই নিব পৰা যায়৷  গুৱাহাটীত সন্মিলনৰ কাৰ্যালয়ৰ লগতে এটা জিৰণী ঘৰৰ ব্যৱস্থা কৰি দিবৰ বাবে জনোৱা আৱেদনৰো কোনো অগ্ৰগতি পৰিলক্ষিত হোৱা নাই৷ নিগম-নিকায় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা অৱসৰীসকলে EPFৰ মাধ্যমেৰে নূ্যনতম পেন্সন পাই আহিছে৷ এই লোকসকলে কিন্তু চৰকাৰে ঘোষণা কৰা বৃদ্ধ পেন্সনৰ বাবে আৱেদন জনাব নোৱাৰে৷ তেওঁলোকক অন্ততঃ কমেও ত্ৰিছ হাজাৰ টকা এককালীন সাহায্য প্ৰদান কৰিবৰ বাবে আৱেদন জনোৱা হৈছে৷  আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, সমাজ কল্যাণ মন্ত্ৰীয়ে উক্ত বিষয়সমূহ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সমাধান-সূত্ৰ উলিয়াই তেওঁলোকৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিব৷

[লেখক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহঃ সাধাৰণ সম্পাদক]