Logo
image

ঘৰতে পৰীক্ষাৰ বাবে বজাৰত ক’ভিছেল্ফ

আমাৰ অসম, ২২ মেঃ নাগৰিকে এতিয়া হাস্পতাললৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে বহি কৰিব পাৰিব ক’ভিড পৰীক্ষা৷ ক’ভিডৰ লক্ষণে দেখা দিলেই বা কিবা সন্দেহ হ’লেই ‘ক’ভিছেল্ফ’ কিট ক্ৰয় কৰি ঘৰতে নিজেই পৰীক্ষা কৰিব পাৰিব ক’ভিড পজিটিভ-নিগেটিভ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ [আই চি এম আৰ]য়ে ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত ‘ক’ভিছেল্ফ’ক অনুমোদন জনাইছে৷ দেশজুৰি ক’ভিডৰ সংহাৰ অব্যাহত থকাৰ মাজতেই এয়া নিশ্চয়কৈ ভাল খবৰ হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে বুধবাৰে ঘৰতেই ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত এক পৰামৰ্শ জাৰি কৰিছে৷ যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অনুপস্থিতিত নিজৰ ক’ভিড পৰীক্ষা কৰিবলৈ সক্ষম হ’ব৷ ‘ক’ভিছেল্ফ’ৰ জৰিয়তে ঘৰতেই ক’ভিড পৰীক্ষা কেনেদৰে সম্পন্ন কৰিব লাগে তাৰ বিৱৰণ দাঙি ধৰি আই চি এম আৰে৷ এই সন্দৰ্ভত আই চি এম আৰে কয় যে ক’ভিডৰ ঘৰুৱা পৰীক্ষাৰ উদ্দেশ্যে ইতিমধ্যে ক’ভিছেল্ফ নামৰ কিটৰ অনুমোদন কৰা হৈছে৷ এই ৰেপিড এণ্টিজেন টেষ্টৰ বাবে কেৱল নাকৰ স্বাৱৰ প্ৰয়োজন হ’ব৷ আই চি এম আৰৰ জাননীত ক’ভিছেল্ফৰ জধে-মধে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে৷ যিসকলৰ ক’ভিডৰ লক্ষণ আছে তথা যিসকলৰ ক’ভিডৰ সংক্ৰমণৰ সম্ভাৱনা আছে, তেওঁলোককহে ক’ভিছেল্ফ ব্যৱহাৰৰ পৰামৰ্শ দিছে আই চি এম আৰে৷ অৱশ্যে এনড্ৰয়ড মোবাইলত ক’ভিছেল্ফ কিটৰ বাৰ ক’ড স্কেন কৰি নমুনাৰ ৰিজাল্ট জানিব পাৰিব পৰীক্ষা কৰা ব্যক্তিয়ে৷ এটা ক’ভিছেল্ফ কিটৰ বজাৰৰ মূল্য হ’ব ২৫০ টকা৷ এসপ্তাহৰ ভিতৰত বজাৰত এই কিট উপলব্ধ হ’ব৷ দুই মিনিটতে পৰীক্ষা সম্পন্ন কৰিব পৰা যাব এই কিটৰ জৰিয়তে৷ ফলাফল পোৱা যাব ১৫ মিনিটৰ ভিতৰত৷ পুনেৰ মাইলেব ডিস্ক’ভাৰী ছলিউশ্যনে মুকলি কৰিছে এই কিট৷ ৰেপিড এণ্টিজেন কিটৰ দৰেই যিকোনো ব্যক্তিয়ে নাকৰ পৰা স্বাব সংগ্ৰহ কৰি ফলাফল জানিব পাৰিব৷ অৱশ্যে ৰেপিড এণ্টিজেন কিটৰ পৰীক্ষাত কিটটোতে ফলাফল ধৰা পৰে যদিও ক’ভিছেল্ফৰ ক্ষেত্ৰত কিটৰ বাৰ ক’ড এনড্ৰয়ড মোবাইলত নিৰ্দিষ্ট এপৰ জৰিয়তে স্কেন কৰিলেহে ফলাফল পোৱা যাব৷