Logo
image

বান-খহনীয়া

মহামাৰীয়ে বিধবস্ত কৰা জনজীৱনক এইবাৰ এটাৰ পাছত আনটো বানে ত্ৰাহি মধুসূদন সুঁৱৰিবলৈ বাধ্য কৰাইছে৷ আহিন মাহত সাধাৰণতে পৰিৱেশ স্বচ্ছ আৰু নিৰ্মল হয়৷ কৃষকে কষ্টৰে ৰোৱা কঠীয়াই সঁজাল ধৰি গেঁৰ মেলিবলৈ আৰম্ভ কৰে৷ ভৰ বাৰিষাই দি যোৱা দুখ-যন্ত্ৰণা পথাৰৰ সেউজ আৱৰণে কৃষকৰ মনৰ পৰা নাইকিয়া কৰে৷ কৃষকৰ মনতো লহপহকৈ বাঢ়ি আহে নতুন আশা, নতুন উদ্দীপনা৷ কিন্তু এইবেলি আহিন মাহত হোৱা বানে কৃষকৰ সকলো আশা  মষিমূৰ কৰিলে৷ উল্লেখ্য, ৰাজ্যত শেহতীয়াকৈ হোৱা বানে প্ৰায় তেৰখন জিলাত বিস্তৰ ক্ষতি কৰিছে৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তথ্য অনুসৰি আহিনমহীয়া বানত তেৰ হাজাৰ পাঁচশতকৈও অধিক কৃষিভূমিৰ শস্যৰ ক্ষতি হৈছে৷ নগাঁও জিলাত সৰ্বাধিক দুই লাখতকৈও অধিক লোক শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি মৰিগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং আৰু কামৰূপৰ ভালেসংখ্যক লোক বানত ক্ষতিগ্ৰস্ত হৈছে৷ 

কৰ’না মহামাৰীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলোৱাৰ পাছত মানুহৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে৷ কৰ্মসংস্থান হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকৰ অৱস্থা শোচনীয় হৈছে৷ এনে সময়ত ভূতৰ ওপৰত দানহ পৰাদি আহিনমহীয়া বান আৰু খহনীয়াই কৃষকৰ বিস্তৰ ক্ষতি কৰাত আগত সময়ত হয়তো এমুঠি খাদ্যৰ বাবে বহু লোকে হাহাকাৰ কৰিব লাগিব৷ অক্সফামে ঘোষণা কৰা প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে যে কৰ’না মহামাৰীয়ে বিধবস্ত কৰা অৰ্থ-ব্যৱস্থাৰ বাবে বিশ্বত প্ৰতিদিনে বাৰ হাজাৰ লোকে খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিব৷

উল্লেখ্য, অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ দুখ-দুৰ্দশা মোচনৰ ক্ষেত্ৰত এতিয়ালৈকে বিশেষ গুৰুত্ব নিদিয়াৰ বাবে আজিও অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই৷

১৯৫০ চনৰ পৰা অসমত বৰ্তমানলৈ সত্তৰ বছৰত খহনীয়াত ২,৫০০খন গাঁও আৰু ১৮খন নগৰ নৈৰ বুকুত বিলীন হৈ যোৱাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে৷ এই সময়ছোৱাত খহনীয়াই পাঁচ লক্ষাধিক লোকৰ জীৱন-জীৱিকা ধবংস কৰিছে৷ প্ৰতিবছৰে চৰকাৰ তথা সংশি¡ষ্ট বিভাগে বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে কোটি কোটি টকা খৰচ কৰে যদিও সংশিষ্ট কতৃৰ্পক্ষৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে অসমৰ ৰাইজ বান-খহনীয়াত জুৰুলা হ’বলগীয়া হৈছে৷ কাৰ্যতঃ বান-খহনীয়া ৰোধ ব্যৱস্থাটো এচাম অসাধু লোকৰ খীৰতী গাইতহে পৰিণত হৈছে৷ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যদি অসমৰ বান-খহনীয়া সমস্যা সমাধানৰ অৰ্থে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অসমৰ জনসাধাৰণে এই সমস্যাৰ সমাধান নাপাব৷ জনসাধাৰণৰ জীৱন-জীৱিকাৰ স্বাৰ্থত চৰকাৰে বিজ্ঞানসন্মতভাৱে বান-খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটো অতি  জৰুৰী৷