কাছাৰ লেভীৰ পৰা অসম আৰক্ষীলৈ
দেশৰ আগশাৰীৰ ৰাজ্যিক আৰক্ষীৰ ভিতৰত অসম আৰক্ষী অন্যতম৷ অসম আৰক্ষীৰ ইতিহাস ১৮৫ বছৰৰ পুৰণি যদিও ইয়াণ্ডাবু সন্ধিৰ আগলৈকে আহোম যুগত অসমত আৰক্ষীৰ ব্যৱস্থা থকাৰ কোনো তথ্য পোৱা নাযায়৷ আহোম ৰাজত্বৰ শেষৰফালে কমলেশ্বৰ সিংহই আইন-শৃংখলা ৰক্ষা আৰু সীমান্তৰ সুৰক্ষাৰ বাবে ব্ৰিটিছৰ আৰ্হিত এটা সশস্ত্ৰ বাহিনী গঠন কৰাৰ তথ্য পোৱা যায়৷ অৱশ্যে এই বাহিনীটো প্ৰকৃতাৰ্থত সংগঠিত আৰু নিয়মীয়া আৰক্ষী বাহিনী নাছিল৷ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছসকলে নিজৰ দখল মজবুত কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানলৈ নিয়মীয়া সেনা পঠিওৱাৰ লগতে জিলা সদৰবোৰত এজন দাৰোগা, এজন জামাদাৰ আৰু কেইজনমান চিপাহীৰে একোটা আৰক্ষীৰ দল গঠন কৰিছিল৷
১৮৩৫ চনত নগাঁও জিলাৰ দায়িত্বত থকা মিঃ গ্ৰেঞ্জ নামৰ এজন অসামৰিক সেৱাৰ ইংৰাজ বিষয়াই নতুন বসতি অঞ্চল আৰু চাহ বাগানত পহৰা দিবলৈ প্ৰথমবাৰৰ বাবে ‘কাছাৰ লেভী’ গঠন কৰি সংগঠিত আৰক্ষী বাহিনী গঠন প্ৰক্ৰিয়াত উল্লেখনীয় ভূমিকা লৈছিল৷ এই বাহিনীত ইন্সপেক্টৰ, হেড কনিষ্টবল আৰু কনিষ্টবল আদি পদেৰে বিষয়া আৰু কনিষ্টবলৰ সংখ্যা আছিল ৭৫০৷ সেয়াই আছিল আৰম্ভণি৷ ইয়াৰ তিনি বছৰ পাছত সীমান্ত অঞ্চল সুৰক্ষাৰ বাবে ‘যোৰহাট মিলিচিয়া’ নামেৰে এটা বাহিনী গঠন কৰা হৈছিল৷ পাছলৈ যোৰহাট মিলিচিয়াক কাছাৰ লেভীৰ লগত চামিল কৰা হৈছিল৷ এই কাছাৰ লেভীক ১৮৮৩ চনত ‘ফ্ৰণ্টিয়াৰ পুলিচ’, ১৮৯১ চনত ‘আছাম মিলিটাৰী পুলিচ’ আৰু ১৯২০ চনত ‘আছাম ৰাইফলছ’ নামেৰে নামকৰণ কৰা হৈছিল৷ উল্লেখ্য, এই বাহিনীত দৰমহা ইমান কম আছিল যে অসমৰ যুৱক এই বাহিনীত ভৰ্তি হ’বলৈ অনীহা প্ৰকাশ কৰিছিল, যাৰবাবে বেংগলৰ যুৱকৰ দ্বাৰা পদবোৰ পূৰণ কৰা হৈছিল৷ সেই সময়ত এজন দাৰোগাৰ দৰমহা ২০-৪০ টকাৰ ভিতৰত, জামাদাৰৰ দৰমহা ৫-২০ টকাৰ ভিতৰত আৰু চিপাহীৰ দৰমহা আছিল ২-৪ টকাৰ ভিতৰত৷ পাছত চৰকাৰে দেখিলে যে বাহিৰৰ পৰা অনা লোকসকল অকৰ্মণ্য আৰু অত্যাচাৰী৷ সেইবাবে আৰক্ষী বাহিনীৰ চৰিত্ৰ আৰু দক্ষতা উন্নত কৰাৰ বাবে অসমীয়া যুৱকক আকৰ্ষণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত ল’লে৷ ১৮৪৩ চনৰ অক্টোবৰৰ পৰা দাৰোগাৰ দৰমহা বঢ়াই ২৫-১০০ টকাৰ ভিতৰত আৰু অন্যান্য পদসমূহৰ বাবেও সমানুপাতিকভাৱে দৰমহা বৃদ্ধি কৰা হৈছিল৷ এই ব্যৱস্থাৰ ফলত আৰক্ষীৰ চাকৰিত অসমীয়া যুৱকৰ যোগদান ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল৷
১৮৬২ চনত অসমত ‘পুলিচ আইন ১৮৬১’ বলৱৎ কৰা হয় আৰু সেই একেটা বছৰতে চি আৰ পি চি আইন কাৰ্যকৰী কৰা হয়৷ এই পুলিচ আইনৰ অধীনত অসমত ১১খন আৰক্ষী জিলা গঠন কৰা হৈছিল৷ এই জিলাকেইখন আছিল গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লক্ষীমপুৰ, গাৰো পাহাৰ, খাচি আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কাছাৰ আৰু চিলেট জিলা৷ অসমৰ ৰাজধানী শ্বিলঙৰ পৰাই পুলিচ প্ৰশাসনে কাৰ্যনিৰ্বাহ কৰিছিল৷ আৰক্ষী বিভাগটো চাৰিটা শাখাত ভাগ কৰা হৈছিল৷ ৰ] জিলা পৰ্যায়ত আইন-শৃংখলা ৰক্ষাৰ বাবে ‘চিভিল পুলিচ’, ২] সীমান্তৰ নিৰাপত্তাৰ বাবে ‘ফ্ৰণ্টিয়াৰ পুলিচ’, ৩] চহৰৰ আইন-শৃংখলা ৰক্ষাৰ বাবে ‘মিউনিচিপাল পুলিচ’ আৰু ৪] গ্ৰামাঞ্চলৰ আইন-শৃংখলা ৰক্ষাৰ বাবে ‘ৰুৰেল পুলিচ’৷
উল্লেখ্য, চিভিল পুলিচেই অসমৰ প্ৰধান আৰক্ষী বাহিনী আছিল আৰু ১৮৭৪ চনত অসম চীফ কমিছনাৰৰ ৰাজ্য হোৱাৰ সময়ত অসম আৰক্ষীৰ মুৰব্বীজন মহাপৰিদৰ্শক পদমৰ্যাদাৰ আছিল৷ অসমৰ প্ৰথমজন আৰক্ষী মহাপৰিদৰ্শক আছিল চিচেল প্লাউডেন৷ সেই সময়ত চিভিল পুলিচৰ সংখ্যা আছিল ৩,৩৫২৷ ইয়াৰে ৫জন জিলা আৰক্ষী অধীক্ষক আৰু ৬জন সহকাৰী আৰক্ষী অধীক্ষক আছিল৷ আৰক্ষী পৰিদৰ্শক ২৬জন, উপ-পৰিদৰ্শক ৮৬, হেড কনিষ্টবল ৩৫৪ আৰু কনিষ্টবল আছিল ২৮৮৪জন৷ সেই বছৰতে আৰক্ষী থানাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছিল আৰু শতিকাটোৰ শেষলৈ আৰক্ষী থানা আৰু চকীৰ সংখ্যা ৯৪খন হৈছিল৷ দৰং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰৰ দৰে জিলাৰ প্ৰতিখনতে সাতখনকৈ আৰক্ষী থানা আছিল৷ অপৰাধজনিত ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ বাবে চিলেট জিলাত ২৯খন আৰু গোৱালপাৰা জিলাত ১৯খন থানা স্থাপন কৰিবলগীয়া হৈছিল৷
১৮৮৩ চনত ফ্ৰণ্টিয়াৰ পুলিচক পুনৰ্গঠন কৰি সম্পূৰ্ণ মিলিটেৰী পুলিচৰ মৰ্যাদা দি সীমান্ত অঞ্চলৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ ফ্ৰণ্টিয়াৰ পুলিচক চাৰিটা বাহিনীত ভাগ কৰি কাছাৰ, লখিমপুৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত প্ৰধান ছাউনী স্থাপন কৰা হৈছিল৷ ১৯১৭ চনত মিলিটেৰী পুলিচক আছাম ৰাইফলছ হিচাপে নামকৰণ কৰা হৈছিল৷ ১৯৩৭ চনৰ এক এপ্ৰিলৰ পৰা আছাম ৰাইফলছ কেন্দ্ৰীয় বাহিনী হৈছিল যদিও অসমৰ আৰক্ষী মহাপৰিদৰ্শকৰ অধীনত আছিল৷
১৯০৫ চনত অসম আৰু পূৰ্ব বংগক দুখন সুকীয়া ৰাজ্য হিচাপে গঠন কৰা হৈছিল আৰু ১৯১২ চনত অসমে নতুন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল৷ ১৯১৩ চনত এজন বিশেষ আৰক্ষী অধীক্ষক এ ই এইচ ছাটলৱৰ্থৰ অধীনত অসম আৰক্ষীত প্ৰথম অপৰাধ অনুসন্ধান শাখা [চি আই ডি] খোলা হৈছিল৷ ১৯৩৫ চনত অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ আৰক্ষী অধীক্ষকৰ পদটো উন্নীত কৰি আৰক্ষী উপ-মহাপৰিদৰ্শক কৰা হৈছিল আৰু অসম আৰক্ষীৰ প্ৰথমজন উপ-মহাপৰিদৰ্শক [চি আই ডি] আছিল আৰ চি আৰ কামিং৷ ১৯৪৫ চনত অসম আৰক্ষীত উপ-মহাপৰিদৰ্শক, প্ৰশাসন পদ সৃষ্টি কৰি ভাৰতীয় আৰক্ষীৰ ব্ৰিটিছ বিষয়া জে ই ৰিডক নিযুক্তি দিয়া হৈছিল আৰু অসম আৰক্ষীৰ পুনৰ্গঠনৰ বাবে বিস্তাৰিত আঁচনি প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷
১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ লগে লগে ব্ৰিটিছৰ পৰা ভাৰতীয়ৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰা প্ৰক্ৰিয়াত অসম আৰক্ষীয়ে প্ৰবল চাপ সহিবলগীয়া হৈছিল৷ দুটা গুৰুত্বপূৰ্ণ পৰিৱতৰ্নে অসম আৰক্ষীক ছুই গৈছিল৷ প্ৰথম, চিলেট জিলাক অসমৰ পৰা আঁতৰাই পূব পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা আৰু দ্বিতীয়তে আছাম ৰাইফলছৰ প্ৰশাসনীয় ব্যৱস্থা অসম আৰক্ষীৰ পৰা সম্পূৰ্ণ আঁতৰাই নিয়া৷ ফলত অসম আৰক্ষীৰ শক্তি-সামৰ্থ্য আৰু স্বাভাৱিক অৱস্থাত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল৷
দেশ স্বাধীন হোৱাৰ পাছত অসম আৰক্ষীয়ে সন্মুখীন হোৱা প্ৰধান সমস্যাটো আছিল উচ্ছ পদসমূহ পূৰণৰ বাবে অভিজ্ঞ আৰু অৰ্হতাসম্পন্ন বিষয়াৰ অভাৱ৷ কাৰণ ব্ৰিটিছ আমোলত আৰক্ষী প্ৰশাসনৰ উচ্ছ পদসমূহ ব্ৰিটিছ বিষয়াই দখল কৰি আছিল৷ দেশ স্বাধীন হোৱাৰ সময়ত এজন আৰক্ষী মহাপৰিদৰ্শক আৰু ১৯৩৫ আৰু ১৯৪৫ চনত সৃষ্টি কৰা দুটা উপ-মহাপৰিদৰ্শকৰ পদ যথাক্ৰমে উপ-মহাপৰিদৰ্শক, চি আই ডি আৰু উপ-মহাপৰিদৰ্শক, প্ৰশাসন পদেৰে অসম আৰক্ষীৰ প্ৰশাসন চলি আছিল৷
স্বাধীনতাৰ পাছৰ অবিভক্ত অসমৰ আৰক্ষীৰ মুৰব্বী হিচাপে ১৯৪৭-১৯৫০ চনলৈ আৰক্ষী মহাপৰিদৰ্শকৰ পদত কাৰ্যনিৰ্বাহ কৰা বিষয়াজন আছিল ভাৰতীয় আৰক্ষীৰ ব্ৰিটিছ বিষয়া জে ই ৰিড৷ ১৯৫১ চনৰ ৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰক্ষীৰ ভাৰতীয় বিষয়া কে আৰ চৌধুৰীয়ে আৰক্ষী মহাপৰিদৰ্শক হিচাপে অসম আৰক্ষীৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ ১৯৫৬ চনলৈ কাৰ্যনিৰ্বাহ কৰা এইজন বিষয়াই অসম আৰক্ষীৰ দায়িত্ব গ্ৰহণ কৰা গৌৰৱোজ্জ্বল আৰু তাৎপৰ্যপূৰ্ণ এক অক্টোবৰৰ সেই বিশেষ দিনটোকেই অসম আৰক্ষী দিৱস পালনৰ দিন হিচাপে স্থিৰ কৰা হয়৷ এই ঐতিহাসিক দিনটো পালন নকৰাকৈয়ে ৫০ বছৰ অতিক্ৰম কৰাৰ পাছত ২০০০ চনত সেই সময়ৰ আৰক্ষী সঞ্চালকপ্ৰধান পি ভি সুমন্তৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে অসম আৰক্ষী দিৱস উদ্যাপন কৰা হয় আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰতিবছৰে নতুন নতুন কাৰ্যসূচীৰে এই দিৱস পালন কৰি অহা হৈছে৷
আৰক্ষী দিৱস পালনৰ ব্যৱস্থাৰ লগতে সেই বছৰতে আন এটা গুৰুত্বপূৰ্ণ কাম কৰা হৈছিল৷ অসম আৰক্ষীৰ ঘটনাবহুল ইতিহাস আৰু ক্ৰমবিকাশৰ বিষয়ে অ’ত-ত’ত সিঁচৰতি হৈ থকা পুৰণি কিছুমান আলোচনী আৰু চিঠিপত্ৰত উল্লেখ থকাৰ বাহিৰে আন কোনো তথ্য যথোচিতভাৱে সংৰক্ষিত নাছিল৷ গতিকে প্ৰাপ্ত তথ্য আৰু বিভিন্ন চিঠিপত্ৰ, চৰকাৰী হুকুম আদিত থকা উল্লেখৰ ওপৰত ভিত্তি কৰি সেই সময়ৰ আৰক্ষী মহাপৰিদৰ্শক দীপক নাৰায়ণ দত্তৰ নেতৃত্বত গঠিত সম্পাদনা সমিতিয়ে অসম আৰক্ষীৰ লুপ্তপ্ৰায় গৌৰৱোজ্জ্বল ইতিহাস পুনৰুদ্ধাৰ কৰি ‘আছাম পুলিচ থ্ৰু দ্য ইয়াৰ্ছ’ নামৰ পুথিখন প্ৰকাশ কৰি উলিয়াইছিল৷
পূৰ্বজসকলৰ অসীম কষ্ট, ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত গঢ় লৈ উঠা অসম আৰক্ষীৰ গৌৰৱোজ্জ্বল ইতিহাস সম্পৰ্কে অৱগত নোহোৱা কিছুসংখ্যক আৰক্ষীৰ কৰ্ম-কাণ্ডই সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰিলেও অসম আৰক্ষীৰ মূলসত্তা এতিয়াও অক্ষুণ্ণ আছে৷ অসম আৰক্ষীৰ অন্তৰৰ গভীৰত গাঢ়ভাৱে প্ৰোথিত হৈ থকা মানৱীয় প্ৰমূল্যবোধ তাৰ জ্বলন্ত উদাহৰণ৷
[লেখক অসম আৰক্ষীৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া]






