Logo
image

কৰ’নাৰ পৰা সাৰিবলৈ বিমানতে বিয়া

আমাৰ অসম, ২৫ মেঃ লকডাউনৰ বাবে স্থগিত ৰখা হৈছে বহু বিয়া৷ যোৱা বছৰেই হ’ব লগা বহু বিয়া এইবছৰো অনুষ্ঠিত হোৱা নাই কৰ’নাৰ বাবে৷ বহু বিয়া অনুষ্টুপীয়াকৈ পতা হৈছে– ক’ভিডৰ বাবে৷ যিবোৰ ঠাইত লকডাউন বা সান্ধ্যআইন জাৰি কৰা হৈছে, সেইবোৰ ঠাইত বিবাহ অনুষ্ঠানৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে। সেইমৰ্মে ১০জন লোকৰ উপস্থিতিত বিয়া পতাৰ চৰ্তও বান্ধি দিয়া হৈছে৷ কিন্তু কেৱল ১০জন মানুহক লৈ বিয়া পতাৰ ক্ষেত্ৰত বহুতে অসুবিধা পাইছে৷ ইফালে, কৰ’নাৰ বাবে নিৰ্ধাৰিত নিয়ম ভংগ কৰিবও খোজা নাই৷ সেইবাবেই বহুতে অলপ বেলেগ ধৰণে বিয়া পাতিছে৷ কিছুদিন পূৰ্বে আন্দামান নিকোবৰৰ নিৰ্জন দ্বীপত বিবাহ সম্পন্ন কৰে তিনিযোৰা দৰা-কইনাই৷ তেওঁলোকে তিনিটা দ্বীপত বিয়া পাতে৷ প্ৰতিযোৰা দৰা-কইনাই একোখনকৈ জাহাজ ভাৰাত লৈ নিৰ্জন দ্বীপলৈ যায় আৰু তাতেই বিবাহ সম্পন্ন কৰাৰ পাছত কিছু আমোদ-প্ৰমোদ কৰি সংগীসহ উভতি আহে৷ এই ঘটনাই বাৰুকৈয়ে অনুপ্ৰাণিত কৰিলে তামিলনাডুৰ মাদুৰাইৰ এজন যুৱকক৷ তেওঁ সেইবাবে তেওঁৰ বিয়াখন অলপ বেলেগ ধৰণে পাতিবলৈ ঠিৰাং কৰিলে৷ ভবা মতেই কাম৷ পৰিয়ালৰ সৈতে আলোচনা কৰি দৰা-কইনাই এখন বিমান ভাৰা কৰাৰ দিহা কৰিলে৷ সেই বিমানত দৰা-কইনাৰ উপৰি ১৩০জন যাত্ৰী ক’ভিড বিধি মানি বহিব পৰাৰ ব্যৱস্থা কৰা হ’ল৷ দৰাঘৰৰ ৬৫জন আৰু কইনাঘৰৰ ৬৫জন মানুহক বাছনি কৰা হ’ল৷ লগত ধৰ্মীয় কাম-কাজ সম্পন্ন কৰাৰ বাবে দুজন লোকক লোৱা হ’ল৷ বিমানত উঠাৰ আগমুহূৰ্তত সকলোৰে ক’ভিড পৰীক্ষা কৰোৱা হ’ল৷ ক’ভিড পৰীক্ষাত সকলো ‘নিগেটিভ’ আহিল৷ ইয়াৰ পাছতে বিমানে যাত্ৰা আৰম্ভ কৰিলে৷ আকাশমাৰ্গত প্ৰায় চাৰি ঘণ্টা ধৰি উৰি থাকিল বিমানখন৷ সেই সময়ছোৱাৰ ভিতৰতে দৰা-কইনাৰ বিয়া সম্পন্ন হ’ল– ধৰ্মীয় ৰীতি অনুসৰি৷ কেৱল সিমানেই নহয়, পেকেটত নিয়া খাদ্যও বিমানৰ ভিতৰতে পৰিৱেশন কৰা হ’ল৷ সামান্য গান-বাজানাৰো দিহা কৰা হ’ল৷ অৱশেষত আকাশতে বিবাহ সম্পন্ন কৰি বিমানখন নিৰ্দিষ্ট ঠাইলৈ উভতি আহিল৷ ঘূৰি অহাৰ পাছতো আকৌ প্ৰত্যেকৰে ক’ভিড পৰীক্ষা কৰোৱা হ’ল৷ এইবাৰো সকলোৰে ‘নিগেটিভ’ পোৱা হ’ল৷ দৰা-কইনাকে ধৰি দুয়োপক্ষৰ সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে৷ কৰ’নাৰ পৰা সাৰিবলৈ আকাশমাৰ্গতে সম্পন্ন কৰা এই বিয়াখনৰ খবৰে এতিয়া পৃথিৱী তোলপাৰ লগাইছে৷