Logo
image

নতুন ৰূপত অসম আৰক্ষী

 অসমৰ সমাজ জীৱনত অসম আৰক্ষী এক শক্তিশালী সংগঠন৷ সমাজৰ দুৰ্নীতি, ব্যভিচাৰ, অসামাজিক কাৰ্যকলাপ, আসুৰিক শক্তি, সন্ত্ৰাসবাদ, জীৱন আৰু সম্পত্তি ৰক্ষা, নাৰীৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকা আৰু সুনাম ভাৰতৰ আৰক্ষী ব্যৱস্থাৰ মাজত এক উল্লেখযোগ্য আৰু স্বাভিমানী নাম৷ অসমৰ প্ৰতিটো সংকট সময় আৰু প্ৰত্যাহ৩ানৰ বিৰুদ্ধে অসম আৰক্ষীৰ ভূমিকা আৰু আত্মবলিদানে আজি অসম আৰক্ষীক নিতৌ ন ন ৰূপতপ্ৰতিষ্ঠা কৰি জনসাধাৰণৰ মাজত আস্থা-বিশ্বাস আৰু সততাৰে কাম কৰি যোৱাত সহায় কৰিছে৷

১৯৫১ চনৰ পহিলা অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে  ইংৰাজ বিষয়া জে ই ৰেইড, আই  পিৰ পৰা দায়িত্ব লৈ অসম আৰক্ষীৰ প্ৰথমজন আৰক্ষী মহাপৰিদৰ্শকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগে লগে অসম আৰক্ষীৰ স্বতন্তৰীয়া অভিধাটোৱে স্বাভিমানী ৰূপেৰে দৃষ্টিনন্দন আৰু নান্দনিক চেতনাৰে নিজৰ পতাকাক আকাশত তুলি ধৰি গৌৰৱ উজ্জ্বল ভূমিকা পালন কৰি আহিছে৷

সময়ৰ লগে লগে ত্বৰান্বিত হোৱা অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীয় সমাজখনে এক গতিশীল ৰূপ পৰিগ্ৰহ কৰাৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও ৰূপান্তৰৰ বাটেৰে বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ পৰিৱৰ্তন কৰিলেও পৰিৱৰ্তনৰ আৰু অৱকাশ আছে৷ গোলকীকৰণ জগতৰ বিশাল বৈজ্ঞানিক দৃষ্টিনন্দন ৰূপক বৰ্ণাঢ্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অসম আৰক্ষীয়ে নিজক সময়ৰ স’তে আগবঢ়াই নি সমাজৰ প্ৰতিজন নাগৰিকক নিজৰ স’তে একাত্ম কৰি বিশ্বাস আৰু সততা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে অসম আৰক্ষীক প্ৰশিক্ষিত আৰু দক্ষ, অধিক ব্যৱস্থাসম্পন্ন কৰি তোলাটো সময়ৰ আহ্বান৷ 

বিগত সময়ছোৱাত ব্যাপক ৰূপত পৰিসৰ বৃদ্ধি হোৱা অসম আৰক্ষীত বৰ্তমান প্ৰায় ৭০,০০০ লোকে সেৱা আগবঢ়াই আহিছে আৰু বৰ্তমান ২০০৭ চনৰ অসম আৰক্ষী আইন মতে অসম আৰক্ষী পৰিচালিত হৈ আছে৷ বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান, সাংস্কৃতিক চেতনাৰে হৃদয় উদ্বেলিত ব্যক্তিসত্তা ভাস্কৰজ্যোতি মহন্তৰ পৰিশীলিত, ছান্দসিক জীৱনবোধৰ ৰঙে অসম আৰক্ষীক প্ৰদান কৰিছে সেউজীয়া জীৱনবোধ৷ অসমৰ সৰ্বপ্ৰান্তৰ আৰক্ষীক তেওঁ দিয়া নেতৃত্বই যোগোৱা মনোবল মন কৰিবলগীয়া৷

২০১৪ চনত গুৱাহাটীত অনুস্থিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট পুলিচৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছিল৷ তেতিয়াৰে পৰা অসম আৰক্ষীক দৃঢ়, স্পৰ্শকাতৰ, আধুনিক আৰু গতিশীল, সতৰ্ক আৰু দায়বদ্ধ, নিৰ্ভৰযোগ্য আৰু প্ৰযুক্তি ক্ষেত্ৰত দেখুওৱা দক্ষতা এখন গতিশীল ৰাজ্যৰ বাবে উল্লেখযোগ্য চৰিত্ৰ হৈ উঠিছে৷ এই ব্যৱস্থাক অধিক গৰিমাময় কৰিবলৈ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক বিশ্বমানৰ এখন একাডেমীলৈ উন্নীত কৰাৰ কাম চলি আছে৷ ‘মৈত্ৰী’ [MOITRI) (Mission for Overall Improvement of Thana for Responsive Image) শীৰ্ষক এক অভিলাষী আঁচনিৰ জৰিয়তে পৰ্যায়ক্ৰমে অসমৰ থানাসমূহ বিজ্ঞানসন্মত আৰু আধুনিক চেতনাৰে নিৰ্মাণ কৰি দক্ষতাক মুখ্য স্থান কৰি জনগণৰ সমস্যা সমাধানকল্পে লোৱা ভূমিকা অসম আৰক্ষীৰ অন্য এক  নৱৰূপ৷ ঠিক সেইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰুৰী সহায় ব্যৱস্থাৰ দৰে [NERত্ৰ-DIAL-112) ৰাজ্যিক  পৰ্যায়ত গুৱাহাটীত ৰাজ্যিক  জৰুৰী সঁহাৰি কেন্দ্ৰ স্থাপন, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ সমীপৱত¹ ঠাইত জনগণৰ সুবিধাৰ বাবে আৰক্ষী থানা আৰু আৰক্ষী চকী, চিকিৎসা সাহায্য, বাহনসমূহৰ যান্ত্ৰিক বিজুতি তথা মেৰামতি সংস্থা, এ টি এম আদিৰ সুবিধাৰ তথ্য সম্পৰ্কে ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইনৰ [APত্ন) ব্যৱস্থা কৰা অসম আৰক্ষীৰ উল্লেখযোগ্য দিশ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰা ‘শিক্ষাথ¹ আৰক্ষী বাহিনী’ অসম আৰক্ষীয়েও গঠনৰ কাম হাতত লৈছে৷ অসম আৰক্ষীৰ আধুনিকীকৰণ ব্যৱস্থাৰ সৈতে ইতিমধ্যে সংযোজিত হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ CCTNS প্ৰকল্প, অনলাইনযোগে গ্ৰহণ কৰা এজাহাৰৰ প্ৰায় ৯৯ শতাংশ ডিজিটেলাইজড্‌ কৰা হৈছে৷ ২০১৭ বৰ্ষৰ ২৮ জুলাইত CCTNS ব্যৱস্থাৰ দ্বাৰা পাৰপত্ৰৰ বেলিকা প্ৰয়োজনীয় আৰক্ষীৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম আৰম্ভ হয়৷ এনে ব্যৱস্থাৰ সৈতে যোগাযোগ ব্যৱস্থা দ্ৰুত আৰু স্বচ্চতাৰে আগবাঢ়িছে৷ ভাৰাতীয়া সম্পক¹য় বিষয়, চৰিত্ৰৰ প্ৰমাণ-পত্ৰৰ অনুৰোধ, কৰ্মচাৰীৰ প্ৰয়োজনীয় প্ৰমাণ-পত্ৰ, ঘৰুৱা সহায়, শোভাযাত্ৰা, ধৰ্ণা, প্ৰতিবাদ বা অনুস্থানৰ অনুমতিৰ বাবে আৰক্ষী নিৱেশলৈ নোযোৱাকৈ অনলাইনযোগে লাভ কৰিব পৰাকৈ নাগৰিকসকলক দিয়া সকাহ ৰাজ্যখনৰ বাবে এক বৈজ্ঞানিক  কাম হৈ উঠিছে৷ থানাসমূহত নাগৰিক কমিটী গঠনৰ দ্বাৰা আৰক্ষীক অধিক জনমুখী, দায়বদ্ধ আৰু স্বচ্চতাৰে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে৷ মহিলাসকলৰ অভিযোগ নিৰাময়ৰ বাবে গঠন কৰা কোষসমূহ অসম আৰক্ষীৰ এক উল্লেখযোগ্য ভূমিকা৷ আনহাতে, ১৯৫১ চনৰ পৰাই গাঁওৰক্ষী বাহিনীয়ে ৰাজ্যখনৰ আইন-শৃংখলা আৰু শান্তি-সম্প্ৰীতি ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীক আগবঢ়োৱা সেৱা শলাগ ল’বলগীয়া৷ সন্ত্ৰাসবিৰোধী আৰু অৰণ্য যুদ্ধ, শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে ২০১৬চনতে গুৱাহাটীৰ মান্দাকাটাত আৰম্ভ কৰা বিদ্যালয়খনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰিত্ৰ পৰিগ্ৰহ কৰাত অসম আৰক্ষীৰ প্ৰশিক্ষণ অধিক দৃশ্যমান আৰু জনগণৰ উপযোগী হৈ আৰক্ষীক বিজ্ঞানসন্মতভাৱে  স্বাৱলম্বী কৰি তোলাত সহায় হৈছে৷ ৰাজ্যৰ সকলো জিলাতে বিশেষ জুভেনাইল আৰক্ষী গোট গঠন কৰাত শিশু অপৰাধৰ জগতখনৰ বাবে আৰক্ষীৰ ভূমিকা মননশীলতাৰে ৰাইজৰ কাষ চাপিছে৷ 

কাজিৰঙা, ওৰাং, মানাহ আদিত পূৰ্বৰ দৰে গঁড় হত্যাৰ মাত্ৰা কমিল৷ আৰক্ষীৰ দক্ষ ভূমিকাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানসমূহত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বিষয়টোৱে বিশেষ ভূমিকা লৈছে৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বচ্চ নীতি আৰু সবল দৃষ্টিভংগীয়ে অসম আৰক্ষীৰ মনোবল বঢ়াইছে; কঠোৰ দৃষ্টান্তমূলক শাস্তিয়ে গঁড় হত্যা ৰোধ কৰিছে৷ চোৰাং গঁড় চিকাৰীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰি চৰকাৰৰ প্ৰদূষণমুক্ত অসম গঢ়াৰ স্বপ্নত অসম আৰক্ষীয়ে লোৱা ব্যৱস্থা, ভূমিকা তাৎপৰ্যপূৰ্ণ৷

দুন¹তিমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তত অটল হৈ বৰ্তমান আৰক্ষী সঞ্চালকপ্ৰধানৰ দৃঢ় স্থিতিৰ বাবে অসম আৰক্ষীৰ ভূমিকাই নতুন পৰিৱেশ সৃষ্টি কৰাটো উল্লেখযোগ্য৷ বৰ্তমান চৰকাৰৰ দিনত দুন¹তিৰ গ্ৰাফডাল দ্ৰুতগতিত নিম্নগামী হোৱাটোত চৰকাৰ আৰু অসম আৰক্ষীৰ বাবে নতুন আশাৰ বতৰাৰূপে ৰাইজক উৎসাহিত কৰিছে৷ বিদেশীমুক্ত অসম গঢ়াৰ স্বপ্নত অসম আৰক্ষীয়ে চৰকাৰৰ বৈজ্ঞানিক নীতি-আঁচনিৰ সফল ৰূপায়ণত লোৱা ভূমিকা মন কৰিবলগীয়া৷

চাইবাৰ খণ্ডত চোৰাংচোৱা তথ্য সংগ্ৰহ, সুৰক্ষা বিষয় নিৰীক্ষণ আদিৰ বাবে তথ্য-প্ৰযুক্তি খণ্ডই আগবঢ়োৱা অনন্ত সুবিধাই আৰক্ষীৰ বিশেষ শাখাক [SB) সমৃদ্ধ কৰাৰ উদেশ্যে এক অভিলাষী চাইবাৰ দ’ম প্ৰকল্প ৰূপায়ণৰ দ্বাৰা জনসেৱাৰ বাবে প্ৰয়োজনীয় স্বচ্চতা আৰু ন্যায়সংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই চৰকাৰক বিশেষভাৱে সহায় কৰিছে৷

আৰক্ষীৰ সিদ্ধান্তই মানুহৰ ব্যক্তিগত জীৱন, স্বাধীনতা আৰু সম্পত্তি, নিৰাপত্তা, শান্তি-সম্প্ৰীতি ৰক্ষাৰ লগতে সমাজ জীৱনকো ব্যাপক ৰূপত প্ৰভাৱিত কৰে৷ আৰক্ষীৰ নিষ্ঠাৱান, অনুভৱী, শুদ্ধ সিদ্ধান্ত গ্ৰহণৰ ন্যায়িক স্বচ্চতাৰে অৰ্হতাসম্পন্ন হোৱাটো অতিকৈ জৰুৰী৷ তেহে সমাজ জীৱনে নিৰাপদ চৰিত্ৰ পৰিগ্ৰহ কৰে৷ সমাজে যি আস্থা-বিশ্বাস আৰক্ষী বাহিনীৰ ওপৰত ৰাখে, সেয়া আৰক্ষীয়ে সম্পদৰূপে সংৰক্ষণ কৰি তাক  বিৱৰ্তনৰ বাবে বৈজ্ঞানিক পৰিৱৰ্তনৰ মাপকাঠী কৰিব পাৰিব লাগিব৷ অসম আৰক্ষীৰ উচ্ছমানৰ চিন্তা, সততা বৰ্তাই ৰখাৰ বাবে নম্ৰ আচৰণৰ গণ্ডীত কঠোৰ সিদ্ধান্ত ল’ব পৰা পৰিৱেশৰ লগত খাপ খুৱাই চলিলে অসম আৰক্ষীৰ সাংস্কৃতিক জীৱনৰ প্ৰতিফলন আৰু নিভাঁজ হৈ উঠিব৷

অসমৰ জনগণৰ কিছুলোকৰ মনত আজিও আৰক্ষী আৰু থানা বুলি ক’লেই ভয়-ভীতিয়ে যি চৰিত্ৰ পৰিগ্ৰহ কৰে, সিয়ে আমাক যন্ত্ৰণাত দগ্ধ কৰে৷ কিছু আৰক্ষীয়ে নিজৰ খাকী পোছাক আৰু অস্ত্ৰৰ অহংকাৰত এনে কিছুমান পৰিৱেশৰ জন্ম দিয়ে যিয়ে তেওঁলোকৰ সেই আচৰণত জনগণে ভয়ত নহয় সন্মানৰ খাতিৰতহে তেনে আৰক্ষীক একো নোকোৱাকৈ থাকে৷  থানাখন জনগণৰ ভয়হীন গৃহলৈ ৰূপান্তৰ কৰাৰ বাবে সাংস্কৃতিক চেতনালব্ধ মনোভংগীৰ গৰাকী হৈ আৰক্ষীয়ে কাম কৰিলে অসম আৰক্ষীৰ গৌৰৱৰ হাঁহিত আৰু এটি উল্লেখযোগ্য হাঁহিৰ সংযোজন ঘটিব৷ এই দিশত আমাৰ ভূমিকাক বৈষ্ণৱ বিনয় আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ গীতাৰ অমৃত কথাৰ কঠোৰতাৰ স’তে মিলাবই লাগিব৷ একাংশ আৰক্ষীয়ে ব্যক্তিগত লালসাত অনাহক বিভাগটোক সততে বদনামী কৰা দেখা যায়৷ এই দিশত আৰক্ষীৰ বিৰুদ্ধেও দৃষ্টান্তমূলক শাস্তিৰ প্ৰয়োজন হৈছে বা তেনে ব্যৱস্থা গ্ৰহণ কৰাত ৰাইজৰ আস্থা আৰক্ষীৰ প্ৰতি দেখা গৈছে৷

জনগণৰ সহায়-সহযোগ অবিহনে কোনোৱে সমাজ ত্বৰান্বিত কৰিব নোৱাৰে৷ বহুক্ষেত্ৰত জনগণে, বিশেষকৈ মহিলাৰ বিষয়ত সন্মানৰ খাতিৰত একোটা বিষয় গোপন কৰি সমাজক কলংকিত আৰু আৰক্ষীক ভূমিকা পালন কৰাত বাধা প্ৰদান কৰি আহিছে৷ অসম আৰক্ষীৰ বুজনসংখ্যক বিষয়া-জোৱান উগ্ৰপন্থীৰ বলি হৈছে৷ বিভাগটোৰ এই চৰম ত্যাগ মাথোঁ  অসমৰ সমাজ জীৱনৰ সভ্যতা- সংস্কৃতি, মানৱীয় দৰ্শন, অৰ্থনৈতিক বিকাশ, ৰাষ্ট্ৰীয় একতা, অখণ্ডতা, গণতান্ত্ৰিক  শক্তিক চহকী কৰাৰ বাবেহে হৈছে৷ এই সেউজীয়া বীজৰ মাৰ্গ দৰ্শনৰ মৰ্মবেদনাক জনগণে হৃদয়ংগম [কিছুৱে] কৰিব পাৰিলে অসম আৰক্ষীৰ জীৱনে দিশ আৰু দশা সঠিক কৰি ৰাখিব পাৰিব৷ য’ত প্ৰসাৰিত হ’ব অসমৰ সমাজ জীৱনৰ অমৃত আত্মাৰ অতুল্য চাল-চলনৰ বাঞ্চিত আশাবাদ৷ অসম আৰক্ষী দিৱস ২০২০ত তাকেই কামনা কৰিলোঁ৷