পৃথিৱীৰ আটাইতকৈ ভাল হাতৰ আখৰ!
আমাৰ অসম, ২৯ মেঃ অসামান্য সুন্দৰ আখৰৰ বাবে খ্যাতিৰ চূড়া স্পৰ্শ কৰিছে নেপালৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে৷ প্ৰকৃতি মাল্লা নামৰ এই কিশোৰী ছাত্ৰীগৰাকীৰ হাতৰ আখৰ এতিয়া বিশ্বৰ ভিতৰতে সবাতোকৈ সুন্দৰ হস্তাক্ষৰ হিচাপে স্বীকৃতি পোৱাৰ দিশে আগবাঢ়িছে৷ অৱশ্যে আনুষ্ঠানিকভাৱে প্ৰকৃতিৰ হস্তাক্ষৰ এতিয়াও বিশ্বৰ সবাতোকৈ সুন্দৰ আখৰ বুলি কোনো সংগঠনে স্বীকৃতি প্ৰদান কৰা নাই আৰু তেওঁ নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰাৰ বাবে কোনো মঞ্চও এতিয়ালৈকে পোৱা নাই৷ পিছে যিকোনো লোকে প্ৰকৃতিৰ আখৰ দেখিলেই কৈ উঠে, তেওঁলোকে জীৱনত কাৰো ইমান সুন্দৰ হাতৰ আখৰ দেখিবলৈ পোৱা নাই৷ কোৱা হৈছে প্ৰকৃতিৰ হস্তাক্ষৰ প্ৰায় নিখুঁত৷ যিদৰে এসময়ত বিশ্বখ্যাত জিমনাষ্ট নাডিয়া ক’মানেছিয়ে ইতিহাসত প্ৰথমবাৰৰ বাবে জিমনাষ্টিকছৰ প্ৰতিযোগিতাত মিণ্ট্ৰিল অলিম্পিকত ‘পাৰ্ফেক্ট ১০’ লাভ কৰিছিল, সেইদৰে প্ৰকৃতি মাল্লাই আনুষ্ঠানিক মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰিলে ‘পাৰ্ফেক্ট ১০’ লাভ কৰিবলৈ সক্ষম হ’ব৷ প্ৰকৃতিয়ে লিখা প্ৰতিটো আখৰৰ আকাৰ সমান, ইটো শব্দৰ পৰা সিটো শব্দৰ পাৰ্থক্যও সমান৷ এটা শাৰীত থকা কোনো শব্দ ওখ-চাপৰ হৈ নাথাকে৷ অৰ্থাৎ প্ৰকৃতিয়ে হাতেৰে লিখি উলিওৱাৰ পাছত সেই আখৰ ছপা আখৰ নহয় বুলি কোনেও ক’ব নোৱাৰে৷ তেওঁৰ আখৰ দেখাত সাইলাখ কম্পিউটাৰত লিখা আখৰৰ দৰে৷ সেয়ে কোৱা হৈছে, নেপালৰ আওছিয়া বিদ্যামন্দিৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ আখৰ বিশ্বৰ সবাতোকৈ সুন্দৰ৷ ইতিমধ্যে তেওঁ নেপালৰ সশস্ত্ৰ বাহিনীয়ে সুন্দৰ আখৰৰ বাবে পুৰস্কৃত কৰিছে আৰু তেওঁৰ আখৰ নিখুঁত বুলি স্বীকৃতি দিছে৷