Logo
image

দেশত ব্লেক ফাংগাছত আক্ৰান্ত ১২ সহস্ৰাধিক

আমাৰ অসম, ২৯ মেঃ ক’ভিড সংক্ৰমণৰ সমান্তৰালভাৱে আগবাঢ়ি থকা ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ সংখ্যাই বাৰ হাজাৰ অতিক্ৰম কৰিছে৷ ঘাইকৈ ক’ভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া এই ৰোগত আক্ৰান্ত সৰ্বাধিক আছে গুজৰাট, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশত৷ অৱশ্যে ব্লেক ফাংগাছত আক্ৰান্তৰ সংখ্যা দিল্লীতো নিচেই কম নহয়৷ দেশজুৰি ব্লেক ফাংগাছে  বিস্তাৰ লাভ কৰাৰ ফলত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াক মহামাৰী হিচাপে ঘোষণা কৰিছে৷ শেহতীয়া পৰিসংখ্যা অনুসৰি মহাৰাষ্ট্ৰত ব্লেক ফাংগাছত আক্ৰান্তৰ সংখ্যা ২৭৭০জন, গুজৰাটত ২৮৮৯ জন, অন্ধ্ৰ প্ৰদেশত ৭৬৮জন আৰু দিল্লীত ৬২০জন৷ ইয়াৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত নিতৌ ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি আছে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে জনোৱা মতে এই ৰোগৰ চিকিৎসাৰ বাবে ইতিমধ্যে দেশত এমফ’টেৰিছিন-বি নামৰ এবিধ ঔষধ উৎপাদন কৰাৰ কাম যুদ্ধকালীনভাৱে আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে ৩০ হাজাৰৰো অধিক এমফ’টেৰিছিন-বি ইঞ্জেকচন দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে৷ আইচিএমআৰ-য়ে জনোৱা মতে ব্লেক ফাংগাছ সোঁচৰা ৰোগ নহয়৷ বিভিন্ন কাৰণত ক’ভিডত আক্ৰান্ত হোৱা ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে৷ মূলতঃ পৰিৱেশগত সমস্যাৰ বাবেই এই ৰোগ বিয়পি পৰিছে৷