মোৰ পৰিচয়
এটা ৰঙা টুপী
এযোৰ খাকী পোছাক
এযোৰ ক’লা বুটজোতা
মোৰ পৰিচয় ইমানেই
কোনে পিন্ধি আছে
কোনেও নাজানে
জানিবও নিবিচাৰে
জীৱন সজোৱাৰ লৰা-ঢপৰাত
মই এক স্থৈতিক অস্তিত্ব৷
কি যে পাৰ কৰা নাই মই?
প্ৰখৰ ৰ’দ পালোঁ
কলহৰ কাণে ঢলা বৰষুণো পালোঁ
খহাই নিয়া গড়াৰ ভেটিৰ
ওপঙা চালৰ পৰা কোমোৰা বুটলিলোঁ
কলৰ ভূৰ সাজি
আলিয়েদি বোৱা নৈৰে
সগৰ্ভাক মা হ’বলৈ নিলোঁ
কিমান তিতিলোঁ কিমান বুৰিলোঁ
জোল হৈ বৈ যোৱা ঘাম গাতে শুকুৱালোঁ
বোমা দেখিলোঁ বাৰুদ দেখিলোঁ
নিৰীহ নিথৰ দেহ কান্ধত ল’লোঁ
ভূকঁপে ভঙা অট্টালিকাত
ঢোকা লগালোঁ
জুয়ে পোৰা সপোন ঘৰৰ
পথাৰত ভূঁই ৰুলোঁ
হাঁহি দেখিলোঁ কান্দোন শুনিলোঁ
চিনাকী নোহোৱাকৈয়ে
সুখতকৈ বেছি দুখৰ ভাগ ল’লোঁ৷
এইবাৰ পিছে মই
বহু নেদেখা দেখিলোঁ
কৰ’না দেখা পাই
তোমাৰ ভিন্ন ৰূপ
প্ৰত্যক্ষ কৰিলোঁ
কৰ’না কি
মই নাজানিছিলোঁ
তোমাৰ দৰেই
কোৱাৰেণ্টীন লকডাউনো
মই পোৱা নাছিলোঁ
জোতা-টুপী আৰু এযোৰ কাপোৰৰ পৰিচয়েৰে
নাভূত-নাশ্ৰুত পৰিৱেশটোত
খাপ খাবলৈ যত্ন কৰিলোঁ
নাজল-নাথল মানুহখিনিৰ কাৰণে
আঁৰ-কাপোৰ হ’লোঁ
আপোনজনক বুকুৰ মাজত পাবলৈ
উত্ৰাৱল হোৱা দেখিলোঁ
হাজাৰ মাইল বাটকুৰি বোৱা
বিজাৰ ভাগৰুৱাক
পিয়াহৰ পানী দিলোঁ
এফালে
ভোকত থাকি জীয়াই থাকিবলৈ
যুদ্ধ কৰা দেখিলোঁ
আনফালে
ভোজন বিলাসৰ
নিলাজ প্ৰদৰ্শনীও চালোঁ
লকডাউনৰ নুপুওৱা ৰাতি
আৰু
শেষ কৰিব নোখোজা নিশাৰ
মাজত থিয় হৈ
বহুতকে
তেওঁলোকৰ জীৱনৰ মূল্য বুজালোঁ৷
তুমি কেতিয়াও চোৱা নাই
টুপী আৰু কাপোৰযোৰে
ঢাকি থোৱা মানুহটো
তুমি দেখা নাই
এই মানুহটোৰো
এখন ঘৰ আছে
এটা পৰিয়াল আছে
তথাপিও সি কেতিয়াও
তোমাক এৰি যোৱা নাই৷
তোমালোকৰ মাজৰ হেঁপাহবোৰ চাই
মই ভাল পাওঁ
তোমালোকৰ মাজৰ মৰমবোৰত
মই মোক দেখা পাওঁ
কৰ’নাই কাঢ়িলে বুলিয়েই
আপোনজনক
কেনেকৈ এৰি দিব পাৰা
সেয়া কিন্তু মই বুজি নাপাওঁ
তোমাৰ শেষ যাত্ৰাতো
ময়েই যাওঁ৷
এটা ৰঙা টুপী
এযোৰ খাকী পোছাক
এযোৰ ক’লা বুটজোতা
এয়াই নেকি মোৰ পৰিচয়ৰ সীমা?