Logo
image

ক’ভাক্সিনৰ ৪ কোটি ড’জ ‘অন্তৰ্ধান’!

আমাৰ অসম, ৩১ মেঃ দেশত এতিয়া ক’ভিড ভেকচিনৰ নাটনিৰ ফলত জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দেশবাসীয়ে এপালি ক’ভিড ভেকচিনৰ বাবে হাবাথুৰি খোৱাৰ সময়তে ভাৰত বায়’টেকে উৎপাদন কৰা ক’ভাক্সিন ভেকচিনৰ ৪ কোটি ড’জ ‘অন্তৰ্ধান’ হোৱাৰ তথ্য পোহৰলৈ অহাত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বৰ্তমানলৈ ২.১০ কোটি ড’জ ক’ভাক্সিন ভেকচিন ব্যৱহাৰ কৰা হৈছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত বায়’টেক কতৃৰ্পক্ষই সদৰি কৰা ভেকচিনৰ তথ্যক লৈ বিবুধিত পৰিছে সৰ্বসাধাৰণ৷ কিয়নো দেশত বৰ্তমানলৈ ৬ কোটি ড’জ ক’ভাক্সিন ভেকচিন ব্যৱহাৰ হ’ব লাগে যদিও ২ কোটি ড’জহে ব্যৱহাৰ হোৱা বুলি চৰকাৰে তথ্য প্ৰকাশ কৰাত বাকী ৪ কোটি ড’জ ভেকচিন ক’ত অন্তৰ্ধান হ’ল বুলি প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য, বিগত ২০ এপ্ৰিলত ভাৰত বায়’টেক কতৃৰ্পক্ষই সদৰি কৰিছিল যে মাৰ্চ মাহত তেওঁলোকে ১.৫ কোটি ড’জ আৰু এপ্ৰিলত ২ কোটি ড’জ ভেকচিন উৎপাদন কৰিছে৷ সংস্থাৰ শীৰ্ষ বিষয়া কৃষ্ণা এল্লাই সদৰী কৰা মতে, মে’ত ৩ কোটি ড’জ ভেকচিন উৎপাদন কৰিব৷ আনহাতে বিগত ২৪ মে’ত আদালতত কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহে ২ কোটি ড’জকৈ ক’ভাক্সিন ভেকচিন উৎপাদন কৰা বুলি শপতনামা দাখিল কৰিছিল৷ মে’ত ৩ কোটি ড’জ ভেকচিন উৎপাদনৰ লক্ষ্য স্পৰ্শ কৰিব নোৱাৰিলেও অন্ততঃ ২ কোটি ড’জ ভেকচিন উৎপাদন হৈছে৷ এক কথাত মে’ৰ শেষলৈ সকলো মিলাই দেশত মুঠ ৫ কোটি ড’জ   ভেকচিন উৎপাদন হৈছে৷ দেশত টিকাকৰণৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে ৫ জানুৱাৰীত ভাৰত বায়’টেকৰ চি এম ডিয়ে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ হাতত সেই সময়ত ২ কোটি ড’জ মজুত আছিল৷ অৰ্থাৎ টিকাকৰণৰ পূৰ্বে মজুত থকা ২ কোটি ড’জ ভেকচিন যোগ কৰিলে মে’লৈ উৎপাদিত আন ৫ কোটি ড’জ ভেকচিন ধৰিলে মুঠ ভেকচিনৰ পৰিমাণ হ’ব ৭ কোটি ড’জ৷ আনহাতে জানুৱাৰী আৰু ফেব্ৰুৱাৰীত যদিহে  ৰ কোটি ড’জ ভেকচিন উৎপাদন হোৱা বুলি ধৰা হয় তেনেহ’লে ভাৰত বায়’টেকৰ দ্বাৰা উৎপাদনৰ পৰিমাণ হ’ব মুঠ ৮ কোটি ড’জ৷ অৱশ্যে কূটনৈতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত কিছু ভেকচিন ৰপ্তানি হ’ব পাৰে৷ দেশত উৎপাদিত দুয়োটা সংস্থাই  মুঠ ৬.৬০ কোটি ড’জ ভেকচিন ৰপ্তানি কৰিছে৷ ইয়াৰ বেছিভাগেই হৈছে ছিৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড ভেকচিন৷ যদিহে ধৰা হয় ইয়াৰ মাজত ২ কোটি ড’জ ক’ভাক্সিন ভেকচিন ৰপ্তানি কৰা হৈছে, তেনেহ’লে কোম্পানীটোৱে উৎপাদন কৰা আন ৬ কোটি ড’জ ক’ভাক্সিন ভেকচিন দেশত মজুত বা ব্যৱহাৰ কৰিব লাগে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ২ কোটি ড’জহে ভেকচিন ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰাত বাকী ৪ কোটি ড’জ ভেকচিন ক’ত অন্তৰ্ধান হ’ল বুলি সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে।