Logo
image

জুনৰ শেষত ক’ভিড শেষ!

ভাৰতত ক’ভিড সংক্ৰমণ হ্ৰাস পাব ৯৩ শতাংশ

◾পজিটিভিটী ৰেট ৮.৪% লৈ হ্ৰাস, ৰিক’ভাৰী ৰেট ৯৫% লৈ বৃদ্ধি

◾কমিছে মৃতৰ সংখ্যা

আমাৰ অসম, ০১ জুনঃ ক’ভিড অতিমাৰীৰ দ্বিতীয় তৰংগৰ ফলত সমগ্ৰ দেশ বিধবস্ত হৈ পৰাৰ সময়তে জুনৰ শেষলৈ ভাৰতত ক’ভিড সংক্ৰমণৰ হাৰ ৯৩ শতাংশ হ্ৰাস পাব বুলি ভৱিষ্যদ্বাণী কৰি তিনিজন বিশেষজ্ঞই দেশবাসীক আশাৰ ৰেঙণি দেখুৱাইছে৷ ২৪ ঘণ্টাৰ ভিতৰত ৪ লাখৰো অধিক লোক সংক্ৰমিত হোৱা, গংগা আৰু যমুনা নদীৰে শ শ ক’ভিড ৰোগীৰ মৃতদেহ উটি অহাৰ ঘটনা, গংগা নদীৰ বালিৰ তলত ২,০০০ ৰো অধিক মৃতদেহ আৱিষ্কাৰ হোৱাৰ ঘটনা আৰু সৰ্বোপৰি দেশৰ মেট্ৰ’পলিছ তথা আগশাৰীৰ চহৰত চিকিৎসালয় আৰু অক্সিজেনৰ অভাৱত হাজাৰ হাজাৰ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাই ভাৰতবাসীক আতংকিত কৰি তুলিছিল৷ বিগত দুমাহ এনে আতংকৰ মাজত দেশবাসীয়ে দিন কটোৱাৰ পাছত আই আই টিৰ দুজন বিশেষজ্ঞ অধ্যাপক আৰু সেনাবাহিনীৰ এগৰাকী বিশেষজ্ঞ বিষয়াই ‘সূত্ৰ’ নামৰ গাণিতিক মডেলৰ সহায়ত হিচাপ কৰি উলিয়াইছে যে জুনৰ  শেষলৈ এতিয়াৰ তুলনাত দেশত ক’ভিড সংক্ৰমণৰ হাৰ ৯৩ শতাংশ হ্ৰাস পাব৷ ‘সূত্ৰ’ গাণিতিক মডেলৰ সহায়ত এই প্ৰক্ষেপন উলিয়াইছে হায়দৰাবাদ আই আই টিৰ অধ্যাপক এম বিদ্যাসাগৰ, কাণপুৰ আই আই টিৰ অধ্যাপক মনিন্দ্ৰ আগৰৱাল আৰু লেফটেনেণ্ট জেনেৰেল মাধুৰী কানিটকাৰে৷ মাধুৰী কানিটকাৰ হৈছে ‘চীফ অব দ্য ডিফেন্স ষ্টাফ’ৰ মেডিকেল টীমৰ অন্যতম মূল সদস্য৷ এই তিনিজন বিশেষজ্ঞৰ প্ৰক্ষেপন অনুসৰি ৩০ জুনলৈ দৈনিক সংক্ৰমণৰ সংখ্যা ১৫,৫২০ জন হ’বগৈ৷ এই প্ৰক্ষেপন প্ৰকাশ কৰাৰ দিনটোত অৰ্থাৎ ২৬ মে’ত দেশৰ মুঠ সংক্ৰমিতৰ সংখ্যা আছিল ২,০৮,৯২১ জন৷ অধ্যাপক বিদ্যাসাগৰ হৈছে ৰাষ্ট্ৰীয় ক’ভিড ১৯ ছুপাৰ মডেল কমিটীৰ ৩ জনীয়া সদস্যৰ মুৰব্বী৷ তেওঁ দেশত ক’ভিডৰ সংক্ৰমণৰ দ্বিতীয় ঢৌ তুংগত উঠাৰ দিনটো, অৰ্থাৎ ৭ মে’ৰ ভৱিষ্যদ্বাণীও নিখুঁতভাৱে কৰিছিল৷ সেই দিনটোৰ পাছৰ পৰা ক্ৰমান্বয়ে দ্বিতীয় তৰংগৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ এই তিনিজন বিশেষজ্ঞৰ মতে ‘সূত্ৰ’ মডেল অনুসৰি কৰা সমীক্ষাত তেওঁলোকে দেখিবলৈ পাইছে যে ৩১ আগষ্টত দেশত ক’ভিড সংক্ৰমিতৰ সংখ্যা ৩০৫ জনলৈ হ্ৰাস পাব৷ তিনি বিশেষজ্ঞই ‘সূত্ৰ’ গাণিতিক মডেলৰ সহায়ত কৰা প্ৰক্ষেপণ শেহতীয়া কেইটামান দিনৰ পৰিসংখ্যাত প্ৰতিফলিত হৈছে৷ উল্লেখ্য, ভাৰতত যোৱা ৭ মে’ত সৰ্বাধিক ৪,০১,০৭৮সজন ক’ভিডত সংক্ৰমিত হৈছিল৷ তাৰ পাছৰ পৰাই ক্ৰমাৎ সংক্ৰমণৰ সংখ্যা হ্ৰাস পাই আহিছে৷ তাৰ ৭ দিন পাছত ১৪ মে’ত সংক্ৰমিতৰ সংখ্যা আছিল ৩,১১,১৭০ জন, তাৰ ৭ দিন পাছত ২১ মে’ত সংক্ৰমিতৰ সংখ্যা আছিল ২,৫৭,২২৯ জন আৰু তাৰো জ্জ দিন পাছত ২৮ মে’ত সংক্ৰমিতৰ সংখ্যা আছিল ২,১১,২৯৮ জন আৰু ৩০ মে’ত দেশত সংক্ৰমিতৰ সংখ্যা হৈছে ১,৫২,৭৩৪ জন৷ উল্লেখ্য, দেশত ক’ভিডৰ পৰা ৰোগমুক্ত হোৱা অৰ্থাৎ ৰিক’ভাৰী ৰেট ৯৫.৪ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সংক্ৰমিত হোৱা অৰ্থাৎ পজিটিভিটী ৰেট বিগত পাঁচ দিন ধৰি একেৰাহে ১০ শতাংশৰ তলত আছে আৰু সোমবাৰে সেই হাৰ হৈছেগৈ ৮.৪ শতাংশ৷ এই পৰিসংখ্যাৰ ক্ষেত্ৰত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা উল্লেখ কৰা হোৱা নাই, কিয়নো ক’ভিডত মৃত্যু হ’লেও প্ৰতিটো মৃত্যুৰে কাৰক ভিন ভিন৷ তদুপৰি সংক্ৰমণৰ লগে লগে মৃত্যুৰ হাৰো ক্ৰমাৎ হ্ৰাস পাই আহিছে৷ সমগ্ৰ দেশত যেতিয়া ক’ভিডৰ সংক্ৰমণ হ্ৰাস হ’ব, সমানুপাতিকভাৱে অসমতো হ্ৰাস হ’ব সংক্ৰমণৰ হাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেইবাদিনো পূৰ্বেই সেই ইংগিত দিছিল৷ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই মুকলিভাৱে আৰু স্পষ্টভাৱে কৈছিল যে ১৫ জুনৰ পৰা ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ উল্লেখযোগ্য হাৰত হ্ৰাস পাব৷ মে’ৰ ক’ভিড আতংকৰ অৱসান ঘটিব আৰু চৰকাৰেও পৰ্যায়ক্ৰমে লকডাউন সদৃশ ব্যৱস্থা শিথিল কৰি দিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য ৰাজ্যৰ ক’ভিড সংক্ৰমণৰ শেহতীয়া পৰিসংখ্যাত পৰিস্ফূট হৈছে৷ কিয়নো যোৱা ২০ মে’ত অসমত সংক্ৰমিতৰ সংখ্যা আছিল ৬,৫৭৩ জন৷ অথচ অন্তিম ৩ দিনত অৰ্থাৎ ২৯, ৩০ আৰু ৩১ মে’ত ৰাজ্যত সংক্ৰমিতৰ পৰিসংখ্যা ক্ৰমে ৫,৬১৩, ৩,২৪৫ আৰু ৪,৩৪৮ জন৷ আনহাতে, অসমত ৰিক’ভাৰী ৰেট সোমবাৰে ৮৬.২৮ শতাংশলৈ বৃদ্ধি পাইছে আৰু সংক্ৰমিত হোৱাৰ হাৰ অৰ্থাৎ পজিটিভিটী ৰেট ৩.৯০ শতাংশলৈ হ্ৰাস পাইছে৷ ক’ভিডত মৃত্যুৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিত্ৰৰ সৈতে অসমো ব্যতিক্ৰম নহয়৷ কিয়নো ক’-মৰ্বিডিটিকে ধৰি চিকিৎসাৰ সা-সুবিধা, ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময় ইত্যাদি কাৰকৰ ওপৰত ভিত্তি কৰি ক’ভিডৰ মৃত্যু নিৰূপিত হয় বাবে মৃত্যুৰ হ্ৰাস-বৃদ্ধি তেনেই অস্বাভাৱিক নহয়৷