Logo
image

ভেক্‌চিন-কাণ্ড! বহ্বাৰম্ভে লঘুক্ৰিয়া

আমাৰ অসম, ২ জুনঃ এয়া যেন আক্ষৰিক অৰ্থতে বহ্বাৰম্ভে লঘুক্ৰিয়া৷ নৰেন্দ্ৰ মোদী চৰকাৰে ঢাকঢোল পিটি দেশত ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰিছিল যোৱা ১৬ জানুৱাৰীত৷ তাৰ পূৰ্বেই দেশৰ বিভিন্ন ৰাজ্যত টিকাকৰণ কাৰ্যসূচী কেনেদৰে ৰূপায়ণ কৰিব, তাৰ ‘ড্ৰাইৰান’ চলাই দেশ তল-ওপৰ কৰিছিল চৰকাৰে৷ কিন্তু দেশজুৰি ক’ভিডৰ টিকাকৰণ আৰম্ভ হোৱাৰ ১৩৫ দিন অৰ্থাৎ চাৰে চাৰিমাহ সম্পূৰ্ণ হোৱাৰ দিনটোত ভাৰতত ক’ভিডৰ টিকাকৰণ হৈছেগৈ বহ্বাৰম্ভে লঘুক্ৰিয়া৷ অৰ্থাৎ ঢাকঢোল পিটিও এই মুহূৰ্তত ক’ভিডৰ টিকাকৰণক লৈ স্বয়ং কেন্দ্ৰীয় চৰকাৰেই চৰম বিভ্ৰান্তিৰ চিকাৰ৷ প্ৰতিদিনে কেন্দ্ৰই সলনি কৰিছে প্ৰতিষেধকৰ নীতি-নিৰ্দেশনা৷ দেশজুৰি চৰম নাটনি ঘটিছে ক’ভিডৰ প্ৰতিষেধকৰ৷ প্ৰতিষেধকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতত কঠোৰভাৱে ধৰি ৰাখিও ৰাজ্যসমূহক যোগান দিব পৰা নাই প্ৰতিষেধক৷ ফলত বন্ধ হৈ পৰিছে প্ৰতিষেধক কেন্দ্ৰসমূহ৷

প্ৰতিষেধকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চৰম দায়িত্বহীনতা আৰু বিভ্ৰান্তিকৰ পদক্ষেপ দেখি অৱশেষত স্বতঃপ্ৰণোদিত হৈ উচ্ছতম ন্যায়ালয়ে গোচৰ ৰুজু কৰি মোদী চৰকাৰক প্ৰশ্ন কৰিছে–প্ৰতিষেধকক লৈ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় আঁচনি আছেনে নাই? উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও কিয় চৰকাৰে প্ৰতিষেধকৰ ৰাষ্ট্ৰীয় আঁচনি আদালতত দাখিল কৰিব পৰা নাই? দেশৰ গ্ৰামাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কি নীতি অৱলম্বন কৰিছে৷ যিহেতু প্ৰতিষেধক লোৱাৰ বাবে ক’-উইন এপত সকলোৱে নাম পঞ্জীয়ন কৰিব লাগে, তেনেক্ষেত্ৰত গ্ৰামাঞ্চলৰ বাসিন্দাৰ বাবে চৰকাৰে কেনেধৰণৰ ডিজিটেল বিকল্প স্থিৰ কৰিছে? কাৰণ গাঁৱত বাস কৰা অনেকেই এণ্ডৰয়ড ফোনৰ অভাৱত নাম পঞ্জীয়ন কৰিব পৰা নাই বাবে প্ৰতিষেধকো ল’ব পৰা নাই৷ উত্তৰত মোদী চৰকাৰে উচ্ছতম ন্যায়ালয়ক জনাবলৈ বাধ্য হৈছে যে এই পৰ্যন্ত কেন্দ্ৰই প্ৰতিষেধকৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ আৰু বলবৎ কৰিব পৰা নাই৷ আশা কৰা হৈছে চলিত বছৰৰ শেষলৈ দেশৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰিব পৰা যাব৷

উচ্ছতম ন্যায়ালয়ত মোদী চৰকাৰে এই প্ৰতিশ্ৰুতি দিলেও ২০২৪ চনৰ পূৰ্বে দেশৰ ১৮ বছৰৰ ঊধবৰ্ৰ সকলোকে টিকাকৰণ সম্ভৱ নহয় বুলি সাম্প্ৰতিক পৰিসংখ্যাৰ পৰা ধাৰনা কৰা হৈছে৷ সম্প্ৰতি দেশত দৈনিক ২৮.৩৩ লাখ প্ৰতিষেধক উৎপাদন হৈ আছে আৰু দৈনিক ১২-১৩ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ অৰ্থাৎ উৎপাদনৰ তুলনাত টিকাকৰণৰ হাৰ ৫৭ শতাংশ কমকৈ হৈছে৷ ৩১ মে’ পৰ্যন্ত দেশৰ ২১,৬,০৪৬,৬৩৮ পালি প্ৰতিষেধক ভাৰতত প্ৰদান কৰা হৈছে৷ অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় পালি মিলাই মুঠতে ২১ কোটি পালি প্ৰতিষেধকহে প্ৰদান কৰা হৈছে৷ ইয়াৰ ভিতৰত ৪৪,৮৪৬,৪৭২ জন লোকৰহে সম্পূৰ্ণ টিকাকৰণ হৈছে৷ স্বাভাৱিকতে এই গতি উদ্বেগজনক৷

প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে প্ৰতি ২-৩ দিনৰ ব্যৱধানত পৃথক পৃথক নিৰ্দেশনা জাৰি কৰি থকাৰ ফলত টিকাকৰণক লৈ দেশবাসীও বিভ্ৰান্তিত পৰিছে৷ আজি হঠাতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে যে একোজন ব্যক্তিৰ শৰীৰত পৃথক পৃথক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে আৰু ক’ভিশ্বিল্ড প্ৰতিষেধক কেৱল এপালিকৈ ল’লেই প্ৰতিৰোধী ক্ষমতা যথেষ্ট হ’ব নেকি সেয়া গৱেষণা কৰাৰ বাবে চৰকাৰে এখন বিশেষজ্ঞ কমিটী গঠন কৰিছে৷ এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তেতিয়া পুনৰ স্থিতি সলনি কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ঘোষণা কৰিলে যে এতিয়াও পৃথক প্ৰতিষেধক মিহলি কৰি টিকাকৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই আৰু ক’ভিশ্বিল্ডৰ ক্ষেত্ৰত দুপালি প্ৰতিষেধক লোৱাৰ সিদ্ধান্তও সলনি কৰা নাই৷ ইপিনে ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰথমে ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দ্বিতীয় পালি ল’বলৈ দিছিল চৰকাৰে৷ যোৱা ১৪ মে’ত সেই সিদ্ধান্ত সলনি কৰি এতিয়া ক’ভিশ্বিল্ডৰ দ্বিতীয় পালি ১২ ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত ল’বলৈ নিৰ্দেশ দিছে চৰকাৰে৷ বিদেশত অধিকাংশ ৰাষ্ট্ৰত ২১-৪২ দিন পাৰ হ’লে দ্বিতীয় পালি প্ৰতিষেধক দিয়া নহয়৷ ভাৰতত উৎপাদন কম বাবে চৰকাৰে এনে ধৰণৰ বিপজ্জনক সিদ্ধান্ত লৈছে৷

প্ৰকৃততে যোৱা ১৫ আগষ্টত স্বাধীনতা দিৱসৰ ভাষণৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষেধকক লৈ বিভ্ৰান্তি আৰম্ভ কৰিছিল৷ তেওঁ সেইদিনা সমগ্ৰ দেশবাসীকে বিনামূল্যে প্ৰতিষেধক প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত শীৰ্ষ কেন্দ্ৰীয় বিষয়াই জনালে যে দেশৰ সকলোকে বিনামূল্যে প্ৰতিষেধক প্ৰদান কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই৷ অৱশেষত ১৬ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ত ক’ভিড যোদ্ধা, দ্বিতীয় পৰ্যায়ত প্ৰথম শাৰীৰ যোদ্ধা আৰু তৃতীয় পৰ্যায়ত ৬০ ৰ ঊধবৰ্ৰ বাবে টিকাকৰণ আৰম্ভ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ১ মে’ৰ পৰা প্ৰতিষেধকৰ নীতিৰ আমূল পৰিৱৰ্তন কৰিলে৷ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক বিনামূল্যে যোগান ধৰিলেও ১ মে’ৰ পৰা ৰাজ্য চৰকাৰে নিজেই ব্যয় কৰি ১৮-৪৪ বছৰীয়াৰ বাবে প্ৰতিষেধক ক্ৰয় কৰিবলগীয়া হ’ল৷ এতিয়া মোদী চৰকাৰে কেৱল ৪৫ ঊধবৰ্ৰ লোকৰ বাবেহে বিনামূল্যে প্ৰতিষেধক যোগান ধৰি আছে৷ ৰাজ্য আৰু বেচৰকাৰী হাস্পতাল-প্ৰতিষ্ঠানে প্ৰতিষেধক ক্ৰয় কৰিবলগীয়া হোৱাৰ ফলত প্ৰতিদ্বন্দ্বিতা বৃদ্ধি পাইছে আৰু ফলত ৰাজ্য বিশেষে প্ৰতিষেধকৰ চৰম নাটনি ঘটিছে৷ এই ব্যৱস্থাত উচ্ছতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে৷

লোকসভাৰ বাজেট অধিৱেশনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কৈছিল যে সকলো দেশবাসীকে প্ৰতিষেধক দিয়াৰ প্ৰয়োজন নাই৷ এয়া বিজ্ঞানসন্মত কথা৷ স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ এনে ধৰণৰ পৰষ্পৰ বিৰোধী চৰকাৰী ভাষ্যৰ বাবে এতিয়া দেশবাসী ক’ভিডৰ প্ৰতিষেধক লৈ চৰম বিভ্ৰান্তিত৷ তাৎপৰ্যপূৰ্ণ এয়াই যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক বিতৰণৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখি ক্ষমতা প্ৰদৰ্শন কৰি থাকিলেও প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাত মোদী চৰকাৰে এটকাও ব্যয় কৰা নাছিল৷