Logo
image

দ্বিতীয় ঢৌত এক কোটি ভাৰতীয়ই হেৰুৱালে চাকৰি

আমাৰ অসম, ৩ জুনঃ কৰ’না ভাইৰাছে বিশ্বৰ কোটি কোটি লোকক আক্ৰান্ত কৰাৰ লগতে লাখ লাখ লোকৰ প্ৰাণ লোৱাতে ক্ষান্ত থকা নাই৷ কৰ’নাৰ ফলত সকলো কাম-কাজ ব্যাহত হৈ পৰিছে৷ ফলত অৰ্থনীতিতো শোচনীয় প্ৰভাৱ পৰিছে৷ বিশেষকৈ ভাৰতত কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে আৰ্থিক দিশটোত মাধমাৰ শোধায়৷ কৰ’নাৰ বাবে লকডাউন আৰু কঠোৰ ক’ভিড বিধি বলৱৎ হোৱাত পুনৰ সকলো কাম-কাজ ব্যাহত হয়৷ কাম-কাজ এৰি জনতাই ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হয়৷ আন ৰাজ্যলৈ ঘূৰি যোৱা প্ৰব্ৰজিত শ্ৰমিকসকল পুনৰ নিজ নিজ ৰাজ্যলৈ ঘূৰি আহিবলগীয়া হয়৷ গতিকে কৰ’নাৰ দ্বিতীয় ঢৌৰ সময়ত এতিয়ালৈকে ভাৰতত এক কোটিৰো অধিক লোকে কাম-কাজ হেৰুৱায়৷ ‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমী’ৰ [চি এম আই ই] মুখ্য কাৰ্যবাহী বিষয়া মহেশ ব্যাসে এই ভয়লগা তথ্য প্ৰকাশ কৰে৷ লগতে যোৱা বছৰৰ পৰা আৰম্ভ হোৱা কৰ’না মহামাৰীয়ে দেশৰ ৮৭ শতাংশ পৰিয়ালৰে উপাৰ্জন হ্ৰাস কৰে৷ এপ্ৰিল মাহত ভাৰতত নিবনুৱাৰ সংখ্যা ৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে মে’ মাহৰ শেষত ১২ শতাংশ বৃদ্ধি পায়৷ সংগঠিত আৰু অসংগঠিত দুয়োটা ক্ষেত্ৰৰে মুঠ এক কোটি লোকে কৰ’নাৰ দ্বিতীয় ঢৌত কাম হৰুৱায়৷ কৰ’না নিয়ন্ত্ৰণৰ পিছত পুনৰ অৰ্থনৈতিক কাম-কাজ আৰম্ভ হ’লে অসংগঠিত খণ্ডত সৃষ্টি হোৱা কাম-কাজৰ মন্দাৱস্থা পুনৰ নাইকিয়া হ’ব আৰু বহু লোকে নিযুক্তি লাভ কৰিব৷ ফলত এই খণ্ডৰ সমস্যা আঁতৰিত৷ কিন্তু সংগঠিত খণ্ডৰ চাকৰি হেৰুওৱা লোকে পুনৰ আন এটা চাকৰি পাবলৈ যথেষ্ট কষ্ট হ’ব৷ কাৰণ কৰ’নাৰ বাবে বহু কোম্পানীয়ে লোকচানৰ সন্মুখীন হয়৷