Logo
image

কৰ’নাত দেশৰ ৯,৩৪৬টি শিশু অনাথ

আমাৰ অসম, ৩ জুনঃ ২০২০ চনৰ পৰা ভাৰতত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ ত্ৰাস বৰ্তমানেও অব্যাহত আছে৷ ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতত আৰম্ভ হোৱা কৰ’নাৰ প্ৰথম ঢৌ ২০২১ চনৰ জানুৱাৰীত প্ৰায় শেষ হৈছিল৷ কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰতত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হয়৷ বৰ্তমান এই ঢৌ অব্যাহত আছে৷ কৰ’নাৰ দ্বিতীয় ঢৌ সবাতোকৈ ভয়ংকৰ   হয়৷ ইয়াৰ ফলত দেশত প্ৰতিদিনে ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু  হয়৷ দ্বিতীয় ঢৌত ভাৰতত ৫৭৭টি শিশুৱে মাক-দেউতাকক হেৰুৱাই ঘাট মাউৰা হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷ কিন্তু মঙলবাৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগৰ দ্বাৰা দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰা হয় এখন প্ৰতিবেদন৷ এই প্ৰতিবেদনত কোৱা হৈছে যে ২৯ মে’লৈকে বিভিন্ন ৰাজ্যই প্ৰদান কৰা তথ্য অনুসৰি কৰ’না ভাইৰাছে দেশৰ ৯,৩৪৬টি শিশুক আশ্ৰয়হীন আৰু অনাথ কৰে৷ ইয়াৰে কিছুমান শিশুৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱায় আৰু একাংশ শিশুৱে পিতৃ বা মাতৃ দুয়োজনৰে এজনক হেৰুৱায়৷ আনহাতে, একাংশ শিশুৱে তেওঁলোকৰ অভিভাৱকক হেৰুৱায়৷ এয়া অতি চিন্তাৰ বিষয়৷ এই শিশুসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ সহায় আগবঢ়োৱা প্ৰয়োজন৷ আনহাতে, উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ এল এন ৰাও আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠৰ ওচৰত মহাৰাষ্ট্ৰৰ চৰকাৰে দাখিল কৰা পৃথক তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ৩০ মে’ পৰ্যন্ত ৪,৪৫১টি শিশুৱে পিতৃ-মাতৃৰ ভিতৰৰ এজনক কৰ’নাত হেৰুৱায়৷ আনহাতে, ১৪১টি শিশুৱে পিতৃ-মাতৃ দুয়োজনকে হেৰুৱায়৷ অৰ্থাৎ মহাৰাষ্ট্ৰত কৰ’নাৰ দ্বিতীয় ঢৌত সৰ্বাধিক শিশু অনাথ হয়৷  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগৰ মতে উত্তৰ প্ৰদেশত ২,১১০, বিহাৰত ১,৩২৭, কেৰালাত ৯৫২ আৰু মধ্যপ্ৰদেশত ৭১২টি শিশু কৰ’নাৰ ফলত আশ্ৰয়হীন আৰু অনাথ হয়৷