Logo
image

এটাৱাত ভেক্‌চিন নোলোৱা লোকে নাপাব মদ

আমাৰ অসম, ৩ জুনঃ দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত ভেক্‌চিন ল’বলৈ জনতাই অস্বীকাৰ কৰি আহিছে৷ ভেক্‌চিন ল’লে কৰ’না দুগুণে বাঢ়ে বা সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱায় বুলি বিভিন্নধৰণৰ গুজৱ চলি আহিছে৷ ফলত উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ নগৰ আৰু গাঁৱৰ লোকসকলে ভেক্‌চিনৰ নাম শুনিলেই পলাবলৈ ধৰিছে৷ আনকি এখন গাঁৱত ভেক্‌চিন দিবলৈ যোৱা স্বাস্থ্যকৰ্মী দেখি বহু লোকে গংগাত জঁপিয়াই পলায়ন কৰাৰ কথাও অলপতে পোহৰলৈ আহে৷ গতিকে জনতাক ভেক্‌চিনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এটাৱা জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে এটা নতুন কৌশল৷ জিলা প্ৰশাসনে এই কথা ঘোষণা কৰিছে যে যিসকল লোকে ভেক্‌চিন নলয় তেওঁলোকে মদ কিনিব নোৱাৰিব৷ যদি কোনো লোকে মদৰ দোকানৰ পৰা মদ কিনিবলৈ আহে, তেন্তে তেওঁলোকে লগত ভেক্‌চিন লোৱাৰ প্ৰমাণপত্ৰ আনিব লাগিব৷ এটাৱা জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ হেম কুমাৰ সিঙে এই নতুন কৌশল গ্ৰহণ কৰে৷ এই নিয়মৰ কথা জিলাখনৰ সকলো মদৰ দোকানক জনাই দিয়া হৈছে আৰু মদৰ দোকানৰ বাহিৰত এই নিৰ্দেশ সম্বলিত জাননী লগাই দিয়া হৈছে৷ এতিয়া মদ কিনিবলৈকে একাংশ লোকে ভেক্‌চিন ল’ব বুলি ভবা হৈছে৷