২-১৮ বছৰীয়াৰ বাবেও ক’ভাক্সিন!
আমাৰ অসম, ৪ জুনঃ কৰ’নাৰ দ্বিতীয় ঢৌৱে ভাৰতত বিপৰ্যয়ৰ সৃষ্টি কৰাৰ মাজতে অতিমাৰী ভাইৰাছবিধৰ তৃতীয় ঢৌক লৈ চিন্তিত হৈছে কেন্দ্ৰীয় চৰকাৰ৷ কিয়নো কৰ’নাৰ তৃতীয় ঢৌত শিশুসকল অধিক আক্ৰান্ত হোৱাৰ আগজাননী দিছে বিশেষজ্ঞসকলে৷ ইয়াৰ মাজতে বুধবাৰৰ পৰা শিশুসকলৰ কৰ’না প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰদান আৰম্ভ হৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা মাহত ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ২ বছৰৰ পৰা ১৮ বছৰৰ অনূধবৰ্সকলৰ মাজত কৰ’না প্ৰতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰিছিল৷ সেই অনুসৰি বুধবাৰৰ পৰা পাটনাৰ এইমছত ২ বছৰৰ ঊধবৰ্ৰ আৰু ১৮ বছৰৰ অনূধবৰ্সকলৰ মাজত কৰ’না প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে৷ ইয়াৰ বাবে ৭০-৮০টা কিশোৰক নিৰ্বাচিত কৰি লোৱা হৈছে৷ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগৰ পূৰ্বে সকলোৰে আৰ টি পি চি আৰ টেষ্ট কৰা হৈছে৷ উল্লেখ্য, শিশুৰ ওপৰত কৰ’না প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগৰ বাবে আৱেদন জনাইছিল ভাৰত বায়’টেকে৷ ইপিনে, কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা জানুৱাৰীৰ পৰা ভাৰতত চলি আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী৷ এই কাৰ্যসূচীত মূলতঃ ‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ নামৰ প্ৰতিষেধক দুবিধ ব্যৱহাৰ কৰি আছে স্বাস্থ্য বিভাগে৷ ইয়াৰে ক’ভাক্সিন নামৰ প্ৰতিষেধকবিধ হৈছে ভাৰত বায়’টেকে দেশীয় প্ৰযুক্তিৰে প্ৰস্তুত কৰা প্ৰতিষেধক৷ এইবাৰ দেশীয়ভাৱে প্ৰস্তুত কৰা আন এবিধ প্ৰতিষেধক বজাৰলৈ আহি আছে৷ সকলো ঠিকে-থাকে চলিলে অহা কেইমাহমানৰ ভিতৰতে এই প্ৰতিষেধকবিধ বজাৰত সুলভ হ’ব৷ এইবিধ প্ৰতিষেধক প্ৰস্তুত কৰিছে হায়দৰাবাদৰ বায়’ল’জিকেল-ই নামৰ প্ৰতিষ্ঠানটোৱে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰে বায়’ল’জিকেল-ইৰ এই প্ৰতিষেধকবিধৰ ৩০ কোটি ড’জ ইতিমধ্যেই বুক কৰিছে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে হায়দৰাবাদৰ প্ৰতিষ্ঠানটোক ডেৰহাজাৰ কোটি টকা আগধন হিচাপে আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জানিব পৰা মতে সম্প্ৰতি প্ৰতিষেধকবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সন্তোষজনক হোৱাত প্ৰতিষেধকবিধক লৈ যথেষ্ট আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ তৃতীয় পৰ্যায়ৰ পৰীক্ষা যদি পূৰ্বৰ দুটা পৰ্যায়ৰ দৰেই সন্তোষজনক হয় তেন্তে খুব সোনকালেই এই প্ৰতিষেধকবিধ প্ৰয়োগৰ বাবে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই অনুমতি প্ৰদান কৰিব৷ উল্লেখ্য, ভাৰতত সম্প্ৰতি ক’ভাক্সিন আৰু ক’ভিশ্বিল্ডৰ উপৰি ৰাছিয়াৰ স্পুটনিক-ভি নামৰ প্ৰতিষেধকবিধ ব্যৱহাৰ হৈ আছে৷ ইয়াৰে ক’ভিশ্বিল্ড নামৰ প্ৰতিষেধকবিধ পুনেৰ ছিৰাম ইনষ্টিটিউটে ভাৰতত প্ৰস্তুত কৰিলেও এইবিধ প্ৰতিষেধকৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে অক্সফ’ৰ্ডৰ ফৰ্মুলা৷