টে’ট প্ৰমাণপত্ৰৰ ম্যাদ আজীৱন কাললৈ বৃদ্ধি
আমাৰ অসম, ৪ জুনঃ এতিয়াৰে পৰা ‘টে’ট’ অৰ্থাৎ ‘টীছাৰ ইলিজিবেলিটী টেষ্ট’ৰ প্ৰমাণ-পত্ৰৰ বৈধতা সাত বছৰৰ সলনি আজীৱন হ’ব৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে৷ কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিযোগে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ‘টে’ট’ৰ প্ৰমাণ-পত্ৰৰ বৈধতা সাত বছৰৰ সলনি আজীৱন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীজনে কয়– ‘২০১১ চনৰ পৰা যিসকলে ‘টে’ট’ত উত্তীৰ্ণ হৈছে তেওঁলোকে এই সুবিধা লাভ কৰিব৷’ শিক্ষকতাৰ বৃত্তিৰ প্ৰতি আগ্ৰহীসকলক উৎসাহিত কৰা আৰু কৰ্মসংস্থান বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনৰ এই সিদ্ধান্ত ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰে মন্ত্ৰীজনে৷ পোখৰিয়ালে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সাত বছৰ পাৰ হোৱাৰ বাবে যিসকল প্ৰাৰ্থীৰ প্ৰমাণ-পত্ৰৰ বৈধতাৰ ম্যাদ উকলি গৈছিল তেওঁলোকৰ প্ৰমাণ-পত্ৰ নৱীকৰণ কৰাৰ বাবেও আহ্বান জনায়৷ উল্লেখ্য, শিক্ষক পদত নিযুক্তি পাবলৈ হ’লে ‘টে’ট’ [টীছাৰ ইলিজিবিলিটী টেষ্ট] অৰ্থাৎ শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো ২০১১ চনৰ পৰা বাধ্যতামূলক কৰা হৈছিল৷ এই সন্দৰ্ভত ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত এন চি টি ই [নেঞ্চনেল কাউন্সিল ফৰ টীছাৰ এডুকেশ্বন]য়ে এক নিৰ্দেশনা জাৰি কৰে৷ উক্ত নিৰ্দেশনাত ৰাজ্য চৰকাৰসমূহক ‘টে’ট’ পৰিচালনা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে প্ৰমাণ-পত্ৰৰ বৈধতা উত্তীৰ্ণ হোৱা দিনৰ পৰা ৭ বছৰলৈ থাকিব বুলি উল্লেখ কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পাছত এতিয়াৰে পৰা প্ৰমাণ-পত্ৰৰ বৈধতা আজীৱন থাকিব৷