ভেক্চিন ল’লে ক’ভিড হ’লেও মৃত্যু নহয়
আমাৰ অসম, ৫ জুনঃ এপ্ৰিল মাহৰ পৰা মে’ মাহৰ ভিতৰত ভেক্চিন লোৱা বহু লোক ক’ভিডত আক্ৰান্ত হৈছে যদিও তেওঁলোকৰ মাজত মৃত্যুৰ হাৰ যথেষ্ট কম৷ নতুন দিল্লীৰ এইম্ছৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য৷ ভেক্চিন লোৱাৰ পাছত ক’ভিডত আক্ৰান্ত ৬৩জন লোকক এই গৱেষণাটোৰ বাবে বাছি লোৱা হৈছিল৷ এই ৬৩জনৰ ভিতৰত ৩৬জন লোকে ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লোৱাৰ বিপৰীতে ২৭জনে প্ৰথমপালি প্ৰতিষেধক লৈছিল৷ অধ্যয়নৰ সময়ত দেখা গৈছিল যে ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এইসকল লোক ৬-৭ দিনৰ বাবে তীব্ৰ জ্বৰত ভুগিলেও তেওঁলোকৰ অৱস্থা সুস্থিৰ আছিল৷ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকৰ শৰীৰত সৃষ্টি হোৱা এণ্টিবডীয়ে ভেক্চিনৰ সৈতে লগ লাগি তেওঁলোকৰ দেহত এক যৌথ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে৷ প্ৰতিষেধক লোৱাৰ পাছত এজন লোকৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দিনলৈ থাকে, আৰম্ভণিৰ পৰাই বিভিন্নজনৰ মনত ইয়াক লৈ আশংকাৰ সৃষ্টি হৈছে৷ সেইক্ষেত্ৰত এইম্ছৰ এই গৱেষণাই কিছু আশ্বস্ত কৰিছে শংকিত লোকসকলক৷ বিগত এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত যিসকলে ভেক্চিন লৈছিল, তেওঁলোকৰ বহুতেই পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হয় যদিও মৃত্যুৰ পৰা ৰক্ষা পৰে৷ প্ৰতিষেধক লোৱাৰ পাছত কোনো লোক যদি কৰ’নাত আক্ৰান্ত হয়, চিকিৎসকসকলে ইয়াক ‘ব্ৰেকথ্ৰু সংক্ৰমণ’ বুলি অভিহিত কৰে৷ ইয়াৰ পূৰ্বে আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্বনেও গৱেষণা প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে প্ৰতিষেধক লোৱাৰ পাছত খুব কমসংখ্যক মানুহেই ক’ভিডত গুৰুতৰভাৱে আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে৷ এনে লোকৰ মৃত্যুৰ হাৰো যথেষ্ট কম৷ এই দাবীৰ ওপৰত ভিত্তি কৰিয়েই এইম্ছত গৱেষণা চলিছিল৷ এইম্ছৰ গৱেষণাত এটা কথা স্পষ্ট হৈছে যে ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত প্ৰতিষেধক লোৱা বহু লোকেই পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হয় আৰু তেওঁলোকৰ শৰীৰত তীব্ৰ জ্বৰৰ প্ৰকোপ দেখিবলৈ পোৱা যায়৷ কিন্তু সেইসকলৰ কোনো এজনেই মৃত্যুমুখত নপৰিলে৷