Logo
image

‘৫জি’ৰ বিৰুদ্ধে গোচৰ তৰা জুহিক ২০ লাখ জৰিমনা

আমাৰ অসম, ৫ জুনঃ ৫জি টেলিকমৰ বিৰুদ্ধে আদালতত গোচৰ তৰিবলৈ গৈ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী জুহি চাওলা৷ দিল্লী উচ্ছ ন্যায়ালয়ে জুহি চাওলাই ৰুজু কৰা এই গোচৰ নাকচ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ২০ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে৷ ৫জি টেলিকম প্ৰযুক্তিয়ে তেজষ্ক্ৰিয় বিকিৰণ কৰে আৰু ই পৰিৱেশ তথা বাস্তুতন্ত্ৰৰ ক্ষতি কৰে৷ এই প্ৰযুক্তি আগন্তুক দিনত বাস্তৱায়িত হ’লে সমগ্ৰ প্ৰাণীজগত ক্ষতিগ্ৰস্ত হ’ব৷ এই যুক্তি দি অভিনেত্ৰী জুহি চাওলাই দিল্লী উচ্ছ ন্যায়ালয়ত ৫জি প্ৰযুক্তি কাৰ্যকৰী কৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ তেওঁৰ সৈতে আছিল আৰু দুটা স্বেচ্ছাসেৱী সংগঠন, দুই ব্যক্তি ক্ৰমে বীৰেশ মালিক আৰু টিনা বাছানি৷ পিছে দিল্লী উচ্ছ ন্যায়ালয়ে এই গোচৰৰ শুনানি লৈ আৱেদনকাৰীয়ে দিয়া যুক্তি তেনেই অপ্ৰয়োজনীয় আৰু যুক্তিহীন তথা তথ্যৰ ওপৰত ভিত্তি কৰা নহয় বুলি মন্তব্য কৰি গোচৰটো খাৰিজ কৰে৷ আৱেদনকাৰীয়ে বিষয়টো সন্দৰ্ভত ভালদৰে নাজানে বুলি মন্তব্য কৰি দিল্লী উচ্ছ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে আদালতৰ সময় নষ্ট কৰাৰ অভিযোগত ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰোপ কৰিছে৷ আদালতে কৈছে, পৰিৱেশ ৰক্ষাৰ বাবে নহয়, কেৱল জনপ্ৰিয়তা অৰ্জনৰ বাবেই অভিনেত্ৰী জুহি চাওলাই এই গোচৰ তৰিছিল৷