ভেক্চিনৰ লগতে ৰেচনো ফ্ৰী
◾২১ জুনৰ পৰা ১৮ ঊধবৰ্ৰ বাবে ৰাজ্যসমূহক বিনামূল্যে ভেক্চিন দিব কেন্দ্ৰই
আমাৰ অসম, ৮ জুনঃ ২১ জুনৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলো লোকক দিয়া হ’ব বিনামূলীয়া ক’ভিড ভেক্চিন৷ কৰ’না কালত দেশবাসীক নৱমটো ভাষণত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সোমবাৰে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ‘এইবাৰ ক’ভিড ভেক্চিনৰ বাবে ৰাজ্য চৰকাৰে পুঁজি ব্যয় কৰিব নালাগে৷ অনেক ৰাজ্যই ভেক্চিন প্ৰদানৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ এই সমস্যা দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকৰ ভেক্চিন প্ৰদানৰ দায়িত্ব লৈছে৷ যদি কোনোবাই বেচৰকাৰী হাস্পতালত ভেক্চিন ল’ব বিচাৰে ল’ব পাৰিব৷ সেই ক্ষেত্ৰত বেচৰকাৰী হাস্পতালে ভেক্চিনৰ দামৰ ওপৰত সৰ্বাধিক ১৫০ টকা জি এছ টি ল’ব পাৰিব৷ এইবোৰ দিশ চোৱা-চিতা কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ৷ দিপাৱলী পৰ্যন্ত দেশৰ ৮০ কোটি নাগৰিকক বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব খাদ্য সামগ্ৰী৷ ইয়াৰ ফলত দেশৰ নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ বহু লোক উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে দীপাৱলী পৰ্যন্ত খাদ্য সামগ্ৰী বিনামূলীয়াভাৱে দিয়াৰ আঁচনি লোৱা হৈছে৷ ভাৰতে ক’ভিডৰ দ্বিতীয় লহৰত সাংঘাটিক ধৰণে যুঁজ দিবলৈ সক্ষম হৈছে৷ ক’ভিডৰ তৃতীয় লহৰৰ সৈতে যুঁজ দিবলৈ সাঁজু হৈছে ভাৰত৷ শেহতীয়া শতিকাৰে ভিতৰত এইটো আটাইতকৈ ডাঙৰ মহামাৰী৷ এই মহামাৰীৰ ৰোধ কৰিবলৈ ভাৰতে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিগত ডেৰ বছৰৰ দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঠনিৰ যথেষ্ট উন্নতি সাধন হৈছে৷ প্ৰায়বোৰ হাস্পতালত ভেণ্টিলেটৰযুক্ত বিচনা স্থাপন কৰাৰ উপৰি বিভিন্ন টেষ্টিং লেবৰ সুবিধা কৰা হৈছে৷ এপ্ৰিল-মে’ মাহত ক’ভিডৰ দ্বিতীয় লহৰত দেশে অকল্পনীয়ভাৱে অক্সিজেন যোগান বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ১৮ বছৰৰ ওপৰৰ সকলো নাগৰিকক বিনামূলীয়া ভেক্চিন প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে টকা খৰচ কৰিব নালাগে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ জৰিয়তে কাৰ্যতঃ ভেক্চিন প্ৰদান প্ৰক্ৰিয়া নিজৰ হাতলৈ আনিলে৷ সোমবাৰে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়– ভেক্চিন আমাৰ বাবে সুৰক্ষাৰ কৱচ৷ কিন্তু এই ভেক্চিনক লৈ অপপ্ৰচাৰ চলিছে৷ বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে অপপ্ৰচাৰ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে৷ দেশৰ প্ৰতিজন সচেতন লোকে ভেক্চিনৰ অপপ্ৰচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগে৷ লক্ষ্য আৰু নীতি সুস্পষ্ট আৰু সুপৰিকল্পিত হ’লে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশৰ চিকিৎসা বিজ্ঞানীসকলে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে৷ বিজ্ঞানীসকলে কৰ’নাৰ নজেল ভেক্চিনৰ ওপৰত গৱেষণা চলাই আছে৷ এই ক্ষেত্ৰত বিজ্ঞানীসকলে শীঘ্ৰে সফলতা লাভ কৰিব বুলি বিশ্বাস৷ নজেল ভেক্চিন উপলব্ধ হোৱাৰ লগে লগে দেশত কৰ’নাৰ বিৰুদ্ধে যুঁজখনে অন্য এক মাত্ৰা লাভ কৰিব৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে দেশবাসীক উদ্দেশ্যি আঠটা ভাষণ দিছিল৷ প্ৰথমটো ভাষণত ক’ভিড-১৯ৰ শৃংখল বিচ্ছিন্ন কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে জনতা সান্ধ্য আইন ঘোষণা কৰিছিল৷