Logo
image

ক’ভাক্সিন নে ক’ভিশ্বিল্ড? প্ৰতিৰোধ ক্ষমতা কাৰ বেছি

আমাৰ অসম, ৯ জুনঃ সম্প্ৰতি দেশত চলি থকা টিকাকৰণ কাৰ্যসূচীত ব্যৱহাৰ হৈ আছে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন নামৰ দুবিধ প্ৰতিষেধক৷ ক’ভিশ্বিল্ড উদ্ভাৱন কৰিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ জেনাৰ ইনষ্টিটিউটে আৰু ভাৰতত এই প্ৰতিষেধক উৎপাদন কৰিছে পুণেৰ ছিৰাম ইনষ্টিটিউটে৷ আনহাতে ক’ভাক্সিন উদ্ভাৱন কৰিছে হায়দৰাবাদৰ ভাৰত বায়’টেক আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আইচিএমআৰে যুটীয়াভাৱে৷ ক’ভাক্সিন উৎপাদন কৰিছে ভাৰত বায়’টেকে৷ এই দুয়োবিধ প্ৰতিষেধকৰ কোনবিধ অধিক কাৰ্যকৰী বা কোনবিধে দেহত অধিক এণ্টিবডি তৈয়াৰ কৰিব পাৰে সেই লৈ আৰম্ভণিৰ পৰাই বিতৰ্ক চলি আছে৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসাবিজ্ঞানীয়ে চলোৱা এটা পৰীক্ষাত ধৰা পৰিছে, দুয়োবিধ প্ৰতিষেধকেই কাৰ্যকৰী হ’লেও ক’ভিশ্বিল্ড লোৱা ব্যক্তিৰ শৰীৰত অধিক এণ্টিবডি অৰ্থাৎ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হৈছে৷ দেশৰ বিভিন্ন চিকিৎসালয়ত এই দুয়োবিধ প্ৰতিষেধক লোৱা ৫১৫ জন স্বাস্থ্যকৰ্মীৰ এণ্টিবডি পৰীক্ষা কৰা হৈছিল৷ প্ৰথমে এপালিকৈ লোৱাৰ পাছত আৰু পাছত দুপালিকৈ প্ৰতিষেধক লোৱা স্বাস্থ্যকৰ্মীৰ এণ্টিবডিৰ পৰীক্ষা কৰাত দেখা গ’ল যে ক’ভিশ্বিল্ড লোৱা ব্যক্তিৰ শৰীৰত অধিক পৰিমাণৰ এণ্টিবডি তৈয়াৰ হৈছে৷ ইয়াৰ অৰ্থ এয়াই যে, ক’ভিশ্বিল্ড ভাৰতীয় প্ৰতিষেধক ক’ভাক্সিনতকৈ অধিক কাৰ্যকৰী৷ এই পৰীক্ষাৰ ফলাফল এতিয়ালৈকে কোনো মেডিকেল জাৰ্ণালত প্ৰকাশ পোৱা নাই৷ পৰৱৰ্তী কিছুদিনৰ ভিতৰত ভাৰতীয় চিকিৎসাবিজ্ঞানীৰ এই পৰীক্ষাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় মেডিকেল জাৰ্ণালত প্ৰকাশ পাব৷ কিন্তু তাৰ পূৰ্বেই দেশৰ সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাত ক’ভাক্সিন তৈয়াৰ কৰা ভাৰত বায়’টেক জ্বলিপকি উঠিছে৷ ভাৰত বায়’টেকৰ বিজিনেছ ডেভলপমেণ্টৰ ৰাষ্ট্ৰীয় মুৰব্বী ৰাচেছ ইলাই এই প্ৰতিবেদন ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ কৰাটো অনুচিত বুলি টুইট কৰাৰ লগে লগে আন এক বিতৰ্কৰ সৃষ্টি হৈছে৷ তেওঁ কয় যে, কোনো কতৃৰ্ত্বশীল মেডিকেল জাৰ্ণালত গৱেষণাৰ তথ্য হিচাপে এই বিষয়টো ছপা হোৱাৰ পূৰ্বেই ভাৰতীয় সংবাদ মাধ্যমে পৰীক্ষাৰ ফলাফলক লৈ তালফাল কৰাটো মুঠেই উচিত হোৱা নাই৷ অৱশ্যে ক’ভাক্সিনৰ ৰাষ্ট্ৰীয় বিজনেছ হেড ৰাচেছ ইলাক সমুচিন উত্তৰ দিছে এই পৰীক্ষাত ভাগ লোৱা এজন চিকিৎসাবিজ্ঞানী ডাঃ এ কে সিঙে৷ ইলাৰ টুইটৰ উত্তৰ দি এ কে সিঙে কয়– ‘ভাই, এই কথা তুমি পাহৰি নাযাবা যে সমগ্ৰ দেশে তৃতীয় ট্ৰায়েলৰ ফলাফল লাভ কৰাৰ পূৰ্বেই ক’ভাক্সিন প্ৰতিষেধক লৈ আছে৷ ক’ভাক্সিন প্ৰতিষেধক জনস্বাৰ্থৰ কথা মনত ৰাখি জৰুৰী ভিত্তিতহে কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰৰ অনুমতি দিছে৷ ইয়াৰ কাৰ্যকাৰিতা কিমান, সেয়া ফেজ-৩ অৰ্থাৎ তৃতীয় ট্ৰায়েলৰ ফলাফল ওলালেহে আমি জানিম৷ সেয়েহে তোমাৰ আপত্তিৰ প্ৰয়োজন নাই৷ আমি কৰা পৰীক্ষাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় মেডিকেল জাৰ্ণালত অচিৰেই প্ৰকাশ পাব৷ সেই লৈ তুমি মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷’ উল্লেখ্য, ডাঃ এ কে সিঙৰ এই উত্তৰ অৱশেষত সমৰ্থন জনাইছে ৰাচেছ ইলাই৷ তেওঁ তৃতীয় ট্ৰায়েলৰ ফলাফল অচিৰেই ভাৰত বায়’টেকে প্ৰকাশ কৰিব বুলি জনায়৷ তাৎপৰ্যপূৰ্ণ, এই পৰ্যন্ত ভাৰত বায়’টেকে উৎপাদন কৰা ক’ভাক্সিন প্ৰতিষেধকক বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিক স্বীকৃত প্ৰদান কৰা নাই৷ সেয়েহে ক’ভাক্সিন লোৱা ভাৰতীয় নাগৰিকক আন্তঃৰাষ্ট্ৰীয় উৰণৰ পৰাও আঁতৰাই ৰাখিবলৈ স্থিৰ কৰিছে সকলোবিলাক আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাই৷ ভাৰত বায়’টেকে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি লাভ কৰাৰ বাবে আবেদন জনালেও তেওঁলোকে সম্পূৰ্ণ তথ্য দাখিল নকৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতিৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত বায়’টেকৰ পৰা ক’ভাক্সিন সন্দৰ্ভত অধিক তথ্য বিচাৰিছে আৰু সেই ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷ সম্প্ৰতি এনে বিভিন্ন বিতৰ্কৰ ফলত দেশত প্ৰতিষেধক লোৱা লোকৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ অধিকাংশ নাগৰিকে যেনেতেনে ক’ভিশ্বিল্ডৰ দুটা পালি ল’বলৈ প্ৰচেষ্টা চলাইছে৷ পিছে দেশজুৰি প্ৰায় সমানেই ব্যৱহূত হৈ আছে ক’ভাক্সিনো৷ কিন্তু শেহতীয়াকৈ অসম আৰু দিল্লীত ক’ভাক্সিনৰ প্ৰথম পালি প্ৰদান কৰা বন্ধ ৰখা হৈছে৷ কেৱল দ্বিতীয় পালি প্ৰতিষেধক যাৰ প্ৰয়োজন তেওঁলোককহে ক’ভাক্সিন প্ৰদান কৰি থকা হৈছে৷ নাটনিৰ বাবেই এয়া হৈছে নে প্ৰতিষেধক গ্ৰহণকাৰীৰ অনীহাৰ বাবে ক’ভাক্সিনৰ ব্যৱহাৰ কমি আহিছে সেয়া এতিয়াও ৰহস্যৰ গৰ্ভত৷