Logo
image

জি-৭ দেশে বি শ্বলৈ আগবঢ়াব ১ বিলিয়ন ভেক্‌চিন

আমাৰ অসম, ১২ জুনঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে সকলো দেশে কৰ’না প্ৰতিৰোধী ভেক্‌চিন লাভ কৰাটো জৰুৰী৷ ভাৰতে প্ৰথমেই বিভিন্ন দেশক বিনমূলীয়াকৈ আৰু বাণিজ্যিক ভিত্তিত ভেক্‌চিন আগবঢ়াইছে৷ এতিয়া আমেৰিকা আৰু ব্ৰিটেইনেও বিশ্বৰ বিভিন্ন দেশলৈ ভেক্‌চিন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ আমেৰিকাই দুখীয়া আৰু পিছপৰা ৯২খন দেশৰ লগতে মুঠ এশখন দেশলৈ ৫০ কোটি ভেক্‌চিন আগবঢ়াব বুলি ঘোষণা কৰিছে৷ এতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ঘোষণা কৰে যে অহা বছৰৰ ভিতৰত তেওঁৰ দেশে বিশ্বৰ আন আন দেশলৈ ১০ কোটি ভেক্‌চিনৰ ডোজ প্ৰেৰণ কৰিব৷ ব্ৰিটেইনত অহা বছৰৰ ভিতৰত ভেক্‌চিন প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ হ’ব৷ গতিকে ব্ৰিটেইনে মুক্তহস্তে ১০ কোটি ভেক্‌চিন আন দেশলৈ প্ৰেৰণ কৰিব৷ যিবোৰ দেশত ভেক্‌চিন অতি জৰুৰী, সেইবোৰ দেশলৈ এইখিনি প্ৰেৰণ কৰা হ’ব৷ আনহাতে, ‘জি-৭’ দেশৰ সাতখন সদস্য ৰাষ্ট্ৰই বিশ্বলৈ ১ বিলিয়ন ভেক্‌চিনৰ ডোজ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত ল’ব বুলি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয়৷ ইয়াৰে আধাখিনি দিব আমেৰিকাই৷ ব্ৰিটেইনৰ ১০ কোটি ভেক্‌চিনো ইয়াত চামিল হ’ব৷ বাকী পাঁচখন সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু জাপানে বাকীখিনি ভেক্‌চিন আগবঢ়াব বুলি বৰিছ জনছনে কয়৷ শুকুৰবাৰৰে পৰা ব্ৰিটেইনত ‘জি-৭’ দেশৰ বৈঠক আৰম্ভ হৈছে৷