Logo
image

১৩ জুনত ‘ছ’চিয়েলিজম’ৰ সৈতে মমতা বেনাৰ্জীৰ বিয়া

আমাৰ অসম, ১২ জুনঃ জুনত মমতা বেনাৰ্জীৰ বিয়া৷ দৰা হৈছে ‘ছ’চিয়েলিজম’৷ ইতিমধ্যে বিয়াৰ কাৰ্ড অনলাইনত ভাইৰেল হৈছে৷ আচৰিত হৈছে নেট ব্যৱহাৰকাৰী৷ কাৰণ দৰা আৰু কইনাৰ নামটো শুনিয়েই সকলো অবাক হৈছে৷ গতিকে ইয়াকে লৈ তোলপাৰ লাগিছে সামাজিক মাধ্যম৷ আচৰিত হ’লেও এয়াই সত্য৷ কিন্তু কইনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নহয়৷ এইগৰাকী হৈছে অন্য মমতা বেনাৰ্জী৷ দৰাৰ নাম ছ’চিয়েলিজম, দৰাৰ পিতৃৰ নাম হৈছে লেনিন আৰু ককায়েকৰ নাম হৈছে কমিউনিজম৷ তামিলনাডুৰ ছালেম জিলাত বাস কৰে এই অদ্ভূত নামৰ পৰিয়ালটো৷ ছ’চিয়েলিজমৰ পিতৃ হৈছে ছালেম জিলাৰ চি পি আইৰ জিলা কমিটীৰ সম্পাদক লেনিন মোহন৷ মমতা বেনাৰ্জী হৈছে ছেলাম জিলাৰ কংগ্ৰেছ নেতাৰ কন্যা৷ লেলিন মোহনৰ তিনিজন পুত্ৰৰ নাম হ’ল ক্ৰমে কমিউনিজম, লেনিনিজম আৰু ছ’চিয়েলিজম৷ তেওঁলোকে বাস কৰা গাঁওখনৰ প্ৰায়বোৰ মানুহেই কমিউনিজমত বিশ্বাসী৷ গতিকে গাঁওখনত ৰাছিয়া, মস্কো, ভিয়েটনাম, ৰোমানিয়া আদি নামৰো ল’ৰা-ছোৱালী আছে৷