Logo
image

দ্বিতীয় ঢৌত শ্বহীদ ৭ শতাধিক ডাক্তৰ

আমাৰ অসম, ১৩ জুনঃ কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌত দেশত মুঠতে এই পৰ্যন্ত ৭১৯ জন চিকিৎসকৰ ক’ভিডত মৃত্যু হৈছে৷ ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই আৰু নিতৌ ন ন চিকিৎসক সংক্ৰমিত হৈ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে এই তথ্য প্ৰকাশ কৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন বা আইএমএ-ই চিকিৎসকৰ ক’ভিডত এনেদৰে মৃত্যু হোৱা ঘটনাত দুখ প্ৰকাশ কৰিছে৷ আইএমএ-ই জনোৱা মতে দ্বিতীয় ঢৌত সৰ্বাধিক ১১১জন চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত৷ ক’ভিড ৰোগীৰ চিকিৎসা কৰি থকাৰ ফলতে তেওঁলোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি আইএমএ-ই জনাইছে৷ তেওঁলোকে জনোৱা অনুসৰি প্ৰথমটো ঢৌত দেশত মুঠতে ৭৪৮ জন চিকিৎসকৰ ক’ভিডত মৃত্যু হৈছিল৷ সেই অনুসৰি এই পৰ্যন্ত দেশত ক’ভিডত মৃত্যু হোৱা চিকিৎসকৰ সংখ্যা হৈছে ১,৪৬৭ জন৷ বিহাৰৰ পাছতে দ্বিতীয় সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে দিল্লীত৷ দিল্লীত মৃত্যু হোৱা চিকিৎসকৰ সংখ্যা ১০৯ জন৷ আনহাতে উত্তৰ প্ৰদেশত ৭৯ জন, ৰাজস্থানত ৪৩ জন, ঝাৰখণ্ডত ৩৯ জন আৰু অন্ধ্ৰ প্ৰদেশত ৩৫ জন চিকিৎসকৰ মৃত্যু হৈছে৷ দেশৰ কেইখনমান ৰাজ্যত ক’ভিডত চিকিৎসকৰ মৃত্যুৰ হাৰ তেনেই কম৷ সেই অনুসৰি পুডুচেৰীত এজন, ত্ৰিপুৰা, গোৱাত ২ জনকৈ, হাৰিয়ানা, জম্মু-কাশ্মীৰ আৰু পঞ্জাৱত ৩ জনকৈ চিকিৎসকৰ ক’ভিডত মৃত্যু হৈছে৷ অৱশ্যে দেশত দ্বিতীয় ঢৌৰ প্ৰাবল্য ক্ৰমাৎ হ্ৰাস পাই আহিছে৷ বিগত ২৪ ঘণ্টাত ভাৰতত মুঠতে ৮৪,৩৩২জন আক্ৰান্ত হৈছে যদিও মৃত্যু হৈছে ৪,০০২ জনৰ৷ মৃত্যুৰ সংখ্যা হ্ৰাস নোপোৱাত এতিয়াও ক’ভিডৰ আতংক দেশত অব্যাহত আছে৷